newsnextone.com | ডিজিটেল ডেস্কঃ চেল্ফি তুলি ৰোষত পৰিল ৪ গৰাকী বিমান পাইলট৷ কৰ্তব্যৰত অৱস্থাত বিমানৰ ভিতৰত চেল্ফি তোলাৰ অভিযোগত ৪ গৰাকী পাইলটৰ বিৰুদ্ধে অনুশাসনমূলক তদন্ত আৰম্ভ কৰে জেট এয়াৰৱেজে৷
অভিযোগ অনুসৰি, ১৯ এপ্ৰিলত লেহ’ৰ পৰা দিল্লী অভিমুখে আহি থকা বিমানৰ ভিতৰত ৪ গৰাকী বিমান পাইলটে চেল্ফি উঠে৷ যদিও চেল্ফি উঠা সময়ত বিমানত কোনো যাত্ৰী উপস্থিত নাছিল, তথাপি কৰ্তব্যৰত সময়ত বিমান অনুশাসন ভংগ কৰাৰ অভিযোগত জেট এয়াৰৱেজ নামৰ বিমান সংস্থাটোৱে পাইলট কেইগৰাকীৰ বিৰুদ্ধে শাস্তিমূলক তদন্ত গ্ৰহণ কৰে৷
জানিব পৰা মতে, বিমানখনত উপস্থিত থকা ৪ পাইলটৰ ভিতৰত এগৰাকী জ্যেষ্ঠ বিমান পৰিচালক থকাৰ লগতে ৩ গৰাকী প্ৰশিক্ষণ গ্ৰহণ কৰি থকা পাইলট আছিল৷ জেট এয়াৰৱেজে পাইলট কেইগৰাকীৰ তদন্তৰ বাবে এখন ইন্টাৰনেল অনুসন্ধান সমিতি গঠন কৰিছে বুলি জানিব পৰা গৈছে৷
উল্লেখ্য যে, চলিত বৰ্ষৰ জানুৱাৰী মাহত জেট এয়াৰৱেজৰ লণ্ডনৰ পৰা মুম্বাইলৈ আহি থকা এখন বিমানৰ কাকপিটৰ ভিতৰত দুগৰাকী পাইলটৰ মাজত হতাহতিৰ সৃষ্টি হৈছিল৷ পাইলট দুগৰাকীৰ এনে আচৰণৰ বাবে বিমানখনত যাত্ৰা কৰি থকা ৩৪২ গৰাকী যাত্ৰী সংকতত পৰিছিল৷
পিছত ঘটনা সন্দৰ্ভত জেট এয়াৰৱেজ কৰ্তৃপক্ষই অৱগত হোৱাত দুয়োগৰাকী পাইলটক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল৷ আনহাতে ডিজিচিএও পাইলট দুগৰাকীৰ বিমান চালনৰ অনুজ্ঞা পত্ৰ ৫ বছৰৰ বাবে বন্ধ কৰি দিছিল৷
এই ঘটনাৰ ৪ মাহ সম্পূৰ্ণ নৌহওতেই বিমান সংস্থাটোৰ আন ৪ গৰাকী পাইলটে কৰা দায়িত্বহীন আচৰণৰ ফলত বিমান সংস্থাটো লজ্জাৰ সন্মুখীন হ’ব লগীয়া হৈছে বুলি মন্তব্য কৰিছে জেট এয়াৰৱেজৰ এগৰাকী জ্যেষ্ঠ বিষয়াই৷