![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/49658d04-63d9-429f-9551-3b341ab30d55.jpg?itok=07zlmJUo)
গুৱাহাটীঃ ত্ৰিপুৰাত পুনৰ সাংবাদিক হত্যৰ ঘটনা সংঘটিত হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ চন্দন পত্ৰিকাৰ সাংবাদিক সুদীপ দত্ত ভৌমিকক ত্ৰিপুৰাৰ ৰাজধানী বুধ ঝুম নগৰত আৰক্ষীয়ে লোকে গুলীয়াই হত্যা কৰে৷
আগৰতলাৰ সমীপৰ বুধ ঝুম নগৰত সংবাদ সংগ্ৰহ তথা আগৰতলাৰ ইন্দ্ৰা নগৰস্থিত টিএছআৰৰ কেম্পত যোৱাৰ সময়তে তেওক গুলীয়াই হত্যা কৰে৷ সাংবাদিক হত্যাৰ ঘটনাই উত্তেজনাৰ সৃষ্টি হৈছে৷
ইয়াৰ পূৰ্বে যোৱা ২০ ছেপ্তেম্বৰত সাংবাদিক শান্তনু ভৌমিকক হত্যা কৰিছিল। ইন্ডিজেনিয়াছ পিপ’লছ ফ্ৰণ্ট অব ত্ৰিপুৰা (IPFT)-এ অব্যাহত ৰখা পথ অৱৰোধ কাৰ্যসূচীৰ বাতৰি সংগ্ৰহত ব্যস্ত থকাৰ সময়তে 'দিনৰাত’ নামৰ চেনেলটোত কৰ্মৰত সাংবাদিক শান্তনু ভৌমিক মণ্ডাই নামৰ ঠাইত বাতৰি সংগ্ৰহ কৰি থাকোতেই তেওঁক কোনোৱে পিছফালৰ পৰা আক্ৰমণ কৰি অপহৰণ কৰে।
পিছত সাংবাদিকগৰাকীক কিছু দূৰৈত গুৰতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰি থকা অৱস্থাত উদ্ধাৰ কৰে একাংশ লোকে। লগে লগে তেওঁক আগৰতলা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰিছিল।