কাকপথাৰঃ বিগত কেইদিনত পাহাৰিয়া ৰাজ্য অৰুণাচলত বৃদ্ধি পোৱা মুখলধাৰ বৰষুণৰ বাবে অভাৱনীয়ভাৱে বৃদ্ধি পাইছিল খৰশ্ৰুতা নদী ন-দিহিঙৰ জলপৃষ্ঠ।

ফেনে-ফুটুকাৰে ওফন্দি অহা ন-দিহিঙৰ বাঢ়নী পানীয়ে যোৱা ২ মে’ৰ বিযলি ছিঙি পোলাইছিল ডিৰাক-চুমনিৰ এটা ৰিং বান্ধ। ক্ৰমে বুৰিবলৈ ধৰে পুৰণি চুমনি গাঁও। হাহাকাৰ লাগিল চৌদিশ। প্ৰচাৰ হ’ল চুমনিত মথাউৰি ভাঙিলে। হয়, চুমনিত মথাউৰি ভাঙিলে।

কিন্তু সেইটো নহয় যিটো মথাউৰিয়ে শদিয়া সমষ্টিৰ দক্ষিন পাৰৰ প্ৰায় ডেৰ লক্ষাধিক পৰিয়ালৰ জীৱন-সম্পত্তিৰ ভৰষাৰ কেন্দ্ৰ স্বৰূপ। বানত বুৰিল পুৰণা চুমনি গাঁও। এদিনৰ পাছত ক্ৰমে পানী কমিবলৈ ধৰিলে আৰু শেহতিয়াকৈ শনিবাৰে ইয়াৰ মাপ ১৩৫.৯৮ মিটাৰলৈ হ্ৰাস হয়। বিপদ সীমাৰ তললৈ গ’ল পানী, কিন্তু বিপদমুক্ত নহ’ল ডিৰাক-চুমনি বান্ধ।

আৰম্ভ হৈছে গড়া খহনীয়া। স্থানীয় ৰাইজে আশংকা কৰিছে, যদি এনেদৰে গড়াখহনীয়া অব্যাহত থাকে তেন্তে পৰৱৰ্তী বানত ছেগবান্ধটোতে চুমনি মথাউৰি ছিঙি ন-দিহিঙৰ জলধাৰে গতি কৰিব শদিয়া সমষ্টিৰ কাকপথাৰ-ছৈখোৱা আদিৰ প্ৰায় অৰ্ধশতাধিক গাঁৱৰ মাজেৰে। পুনৰ ১৯৯২ চনৰ দৰে বানত জিয়াতু ভোগিব লাগিব প্ৰায় ডেৰ-দুই শতাধিক পৰিয়াল। 

বিপদৰ এনে সন্ধিক্ষণত ভয়ত হাত, ভৰি পেটত লুকুৱাব লগা অৱস্থা হৈছে ইয়াৰ জনসাধাৰণ তথা নৈপৰীয়া ৰাইজৰ। কিন্তু সাৰ পোৱা নাই ৰাইজৰ ভোটেৰে নিৰ্বাচিত হৈ দিছপুৰ-দিল্লীৰ গাদীত বহি সুখনিদ্ৰাত ৰজনী কটোৱা সেই জনপ্ৰতিনিধিসকলে। বিগত বছৰটোত একাধিক নিৰ্বাচন থকাৰ বাবে নিৰ্বাচনী অধিসূচনা জাৰি থকাৰ ফলত ডিৰাক-চুমনিৰ কোনো বান্ধৰ কাম কৰিব পৰা নহ’ল বুলি এখন নিৰ্বাচনী প্ৰচাৰ সভাৰপৰা নামি আহি সাংবাদিকৰ আগত অকপতে স্বীকাৰ কৰা প্ৰাদন বৰুৱাই এতিয়া ৰক্ষা কৰিব পাৰিবনে জনতাৰ ভৰষাৰ স্থল ডিৰাক-চুমনি বান্ধটো?

নে আকৌ ক’ব এতিয়াটো শেষ হোৱাই নাই নিৰ্বাচনী অধিসূচনা। গতিকে তৎকালীনভাৱে মোকলাই দিব পৰাকৈ আমাৰ কোনো ক্ষমতা নাই। আপোনালোক নিচিন্ত থাকক মথাউৰি নাভাঙে। বিগত বছৰত নিৰ্বাচনী অধিসূচনা একাধিক আছিল কিন্তু বিগত বছৰসমূহত ক’ত লুকাই আছিল মন্ত্ৰী, সাংসদ, বিধায়ক কিম্বা বিয়াগোম বিয়াগোম নেতা পালি-নেতাসকল, নে কেৱল ভোটৰ স্বাৰ্থত নিৰ্বাচনৰ আগে আগে ফুলজাৰি মাৰি ৰাইজক আভোৱা-ভাঁৰে নেকি বুলি সচেতন মহলত সৰব চৰ্চিত বিষয় হৈ পৰিছে। 

আজি সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতিৰ নেতিত্বত অহা এটি দলে ন-দিহিঙৰ মথাউৰী পৰিদৰ্শন কৰি অসমৰ বানপানীৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ লগতে ন-দিহিঙৰ মথাউৰিটো বিজ্ঞানসন্মতভাৱে অতিশীঘ্ৰে নিৰ্মাণ কৰিব পৰাকৈ ৫০ কোটি টকা মোকলাই দিবলৈ চৰকাৰক দাবী জনাইছে।

অনাগত দিনত ন-দিহিং নদীৰ বান্ধৰ সমস্যা স্থায়ী সমাধানৰ বাবে জনপ্ৰতিনিধি কিম্বা স্থানীয় নেতা-পালিনেতাসকলে কেনেদৰে উদ্যোগ লয় সেয়া লক্ষণীয় হ’ব।