newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধান সলবা নিৰ্বাচনৰ ২২২ খল আসনৰ ভোটগণনা মঙলবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে৷ এতিয়ালৈ ঘোষণা কৰা ফলাফল অনুসৰি বিজেপিয়ে বিজেপি ৪৮ খন আসনত জয়ী হৈছে আনাহতে ৫৭ খন আসনত আগবাঢ়ি আছে৷ কংগ্ৰেছে এতিয়া লৈ ২৩ খন আসনত জয়ী হোৱাৰ লগতে ৫৩ খন আসনত আগবাঢ়ি আছে৷ জেডিএছ ১১ খনত জয়ী হোৱাৰ লগতে ২৮ খন আসনত আগবাঢ়ি আছে৷ 

মুহূৰ্তে মুহূৰ্তে সলনি হৈছে কৰ্ণাটক ৰাজনৈতিক পৰিবেশ৷ কংগ্ৰেছে পুনৰ চৰকাৰলৈ আহিব নোৱাৰে সেয়া খাতাং হৈ পৰিছে কিন্তু কম আসন লাভ কৰিলেও জেডিএছ কিং মেকাৰ হ’ব সেয়া খাতাং৷ বিজেপি সংখ্যাগৰিষ্ঠতা লাভ নকৰিব পাৰে বুলি অনুমান কৰা হৈছে৷ বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে জিডিএছ অবিহনে কোনেও চৰকাৰ গঠন কৰিব নোৱাৰিব৷

জেডিএছে ১১ খনত জয়ী হোৱাৰ লগতে ২৮ খন আসনত আগবাঢ়ি আছে৷ পুনৰ শাসনৰ গাদী দখল কৰাৰ দিশে আগবাঢ়িছে বিজেপি৷ পূৰ্বে অনুমান কৰি অনুসৰিয়ে বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে কৰ্ণাটকত৷ মঙলবাৰে পুৱাৰে পৰা কৰ্ণাটক বিধান সভাৰ ২২২ সমষ্টিৰ গণনা অনুষ্ঠিত হৈছে৷