উত্তৰ শালমাৰাঃ এটি মৰমলগা পাঁচ বছৰীয়া দেৱশিশু । সপোন দেখিবলৈ শিকাই নাই ৷ পখিলা খেদাৰ বয়স পাৰ হোৱাই নাই, জীৱন কি সেয়াই একো গম পোৱা নাই ৷ জীৱনৰ অৰ্থ নজনাকৈয়ে কণমানিটি মুখামুখি হৈছে বাস্তৱ জীৱনৰ সৈতে এক কঠিন যুঁজত।

অইনৰ দৰে লৱৰি-ঢাপলি খেলিব বিচাৰে, সমনীয়াৰ সৈতে ৰং ধেমালি কৰিব বিচাৰে, সুন্দৰ পৃথিৱীখন উপভোগ কৰিব বিচাৰে শিশুটিয়ে। কিন্তু  কি বিড়ম্বনা, ইচ্ছা থাকিলেও উপভোগ কৰিব নোৱাৰে সুন্দৰ পৃথিৱীখন। চকুৰে দেখে অথচ অনুভৱ কৰিব নোৱাৰে মানুহৰ সহৃদয়তা।

কাৰণ দেৱশিশুটি দুৰাৰোগ্য ৰোগত আক্ৰান্ত। বঙাইগাঁও জিলাৰ যোগীঘোপা কাবাইটাৰীৰ ৰবিউল হক আৰু মমতাজ বেগমৰ সন্তান মহিম আখতাৰ৷ জন্মতেই শিশুটিয়ে লগত লৈ আহিছিল দূৰ্ভাগ্য। জন্মৰ পিছৰে পৰা শৰীৰৰ অংগ-প্ৰত্যংগবোৰ সুচাৰুপে কাম কৰিব নোৱাৰা হ'ল।

হাতেৰে একো কাম কৰিব নোৱাৰে, ভৰি আছে কিন্তু খোজ কাঢ়ি নোৱাৰে ৷ জন্মলগ্নৰ পৰা আজিলৈকে মুখৰে মাত এষাৰ উলিয়াব পৰা নাই। মাক-দেউতাকে তথা পৰিয়ালৰ লোকে প্ৰথমে গুৱাহাটীৰ ইণ্টাৰনেশ্যনেল হাস্পতালত ভৰ্তি কৰাই ১৪ দিন ৰাখি চিকিৎসা কৰে। তাত সামান্য পৰিমাণে ভাল হোৱাত ঘৰলৈ লৈ আনে।

তিনি বছৰ পিছত জ্বৰ হোৱাত পুনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰাই তাত ১৬ দিন ৰাখি চিকিৎসা সেৱা আগবঢ়ায় যদিও চিকিৎসকে ভাল নহ'ব বুলি কোৱাত ঘৰলৈ ওভতাই আনে। ঘৰতে কেইদিনমান কৃত্ৰিমভাৱে অক্সিজেন গেছৰ সহায়ত জীয়াই ৰাখি, মাটি আৰু আ-অলংকাৰ বিক্ৰী কৰি চেন্নাইৰ ৰামচন্দ্ৰ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও অৱশেষত টকাৰ অভাৱত ঘৰলৈ ওভতাই লৈ আহে।  

সন্তানক ভাল কৰিবলৈ চিকিৎসাৰ বাবে মাটি, সোণ আদি বিক্ৰী কৰি শেষ কৰিলে মাক-দেউতাকে। এতিয়া টকাৰ অভাৱত সন্তানটোক উন্নত  চিকিৎসা কৰিব নোৱাৰি ঘৰতে ৰাখিবলগীয়া হৈছে। ফলত মৃত্যুলৈ ক্ষণ গণিবলৈ বাধ্য হৈ পৰিছে শিশুটি।

এনে এক দুখজনক পৰিস্থিতিত পৰি ৰাজ্যখনৰ সদাশয় ব্যক্তিৰ বা প্ৰতিষ্ঠানক আৰ্থিকভাৱে সহায় আগবঢ়াবলৈ আহ্বান জনাইছে দেৱ শিশুটিৰ পিতৃ-মাতৃ। স্থানীয় ৰাইজৰ সহযোগত  অঞ্চলটোৰ সমাজসেৱক আয়ুব আলী কিছু আৰ্থিকভাৱে  সহায় আগবঢ়াইছে যদিও ঢুকি পোৱা নাই পৰিয়ালটোক।

ইচ্ছুক ব্যক্তিয়ে ৯৪৩৫২২৭৮৪১ অথবা ৮৮৬৭৩৭৭৭৭৪ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। ভাৰতীয় ষ্টেট বেংকৰ যোগীঘোপা শাখাত  36382482163 (মমতাজ বেগম)ৰ একাউণ্টযোগেও সহায় আগবঢ়াব পাৰে। এই ক্ষেত্ৰত স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰো সহায় কামনা কৰিছে পৰিয়ালটোৱে।