
লক্ষ্ণৌঃ প্ৰয়াগৰাজৰ ঐতিহাসিক মহাকুম্ভ মেলাত মৌনী অমাৱস্যাৰ দিনা অমৃত স্নানৰ সময়তে সংঘটিত হ’ল এক হৃদয়বিদাৰক দুৰ্ঘটনা। বৃহৎ সংখ্যক ভক্তৰ ভিৰৰ ফলত সৃষ্টি হোৱা বিশৃংখল পৰিস্থিতিত মঙলবাৰে নিশা পদপিষ্ট হৈ মৃত্যুক সাৱটিবলগীয়া হ’ল বহু ভক্তই। এই ঘটনাত আহত হৈছে মহিলা আৰু শিশুকে ধৰি বহু পূণ্যাৰ্থীও। মহাকুম্ভ সংঘটিত এই ভয়ংকৰ ঘটনাৰ পিছতে উত্তৰ প্ৰদেশৰ যোগী প্ৰশাসনে পৰিস্থিতি সঠিকভাৱে নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈছে। চৰকাৰী বিৱৰণী আৰু প্ৰত্যক্ষদৰ্শীৰ দাবীৰ পাৰ্থক্য থকাৰ বাবে মৃত্যুৰ সংখ্যাক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে। ইতিমধ্যে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে আৰু মৃতকৰ পৰিয়ালৰ ক্ষতিপূৰণৰ কথা ঘোষণা কৰিছে।
কেনেকৈ সংঘটিত হ'ল অঘটন?
মঙলবাৰে নিশা প্ৰায় ২ বজাত গংগা, যমুনা আৰু সৰস্বতীৰ সংগমস্থলীৰ ত্ৰিৱেণী সংগমত সৃষ্টি হয় লাখ লাখ লোকৰ ভিৰ। ভক্তৰ ভিৰৰ কথা অনুমাান কৰি পূৰ্বেই এক কিলোমিটাৰ নিলগত বাঁহৰ বেৰিকেড স্থাপন কৰিছিল প্ৰশাসনে। বেলেগ বেলেগ আখাড়াৰ বাবে বেলেগ বেলেগ পথৰো ব্যৱস্থা কৰা হৈছিল। নিশা দহ বজাৰ পৰাই ভক্তৰ আগমণ আগমণ আৰম্ভ হোৱা সংগমস্থলীত সময়ৰ লগে পৰিস্থিতি জটিল হ’বলৈ আৰম্ভ কৰে। বহু ভক্তই অমৃত স্নানৰ পিছত তাতেই ৰৈ দিয়ে আৰু আন একাংশই আনকি মাটিত প্লাষ্টিক পাৰি শুবলৈও আৰম্ভ কৰে। যাৰ বাবে ২ বজালকৈ ভিৰ চৰম পৰ্যায়ত উপনীত হয়।
এফালে বিভিন্ন আখৰাৰ পৰা বাহিৰ কৰা শোভাযাত্ৰা, আনফালে সাধাৰণ তীৰ্থযাত্ৰীসকলে সংগম স্থানত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ ফলত প্ৰশাসনে পৰিস্থিতিৰ ওপৰত সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। বৃহৎ সংখ্যক লোক বেৰিকেডৰ সন্মুখত হেঁচা ঠেলা কৰাত বেৰিকেড ভাঙি পৰে। পৰিণতিত চৰম বিশৃংখলতাৰ সৃ্ষ্টি হয়। সন্মুখত থিয় হৈ থকা বহু লোক পিছফালৰ পৰা অহা প্ৰবল ভিৰৰ হেঁচাত বাগৰি পৰে। মাটিত পৰি যোৱা বহু লোক আৰু থিয় হ’বলৈ সক্ষম নহ’ল। প্ৰচণ্ড ভিৰত বহু লোক শ্বাসৰুদ্ধ হৈ পৰাৰ বিপৰীতে আন একাংশৰ গাৰ ওপৰেৰেই পাৰ হৈ যায় হাজাৰ হাজাৰ মানুহ।
পৰিস্থিতিয়ে এনে ভয়ানক ৰূপ লোৱাত নিমিষতে আতংক বিয়পি পৰে, মানুহে প্ৰাণ ৰক্ষাৰ বাবে দৌৰিবলৈ ধৰে আৰু ফলত পৰিস্থিতি আৰু ভয়াৱহ হৈ পৰে। চৰকাৰী সূত্ৰ অনুসৰি এই ঘটনাত এতিয়ালৈকে ৩৯ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে কমেও ১৫০ জন লোক আহত হৈছে। অৱশ্যে স্থানীয় বাসিন্দা আৰু প্ৰত্যক্ষদৰ্শীয়ে কয় যে মৃত্যুৰ সংখ্যা আৰু অধিক হ’ব পাৰে। বহুতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছে, আৰু বহুতৰে অৱস্থা সংকটজনক। আহতসকলৰ অধিকাংশই মহিলা, বৃদ্ধ আৰু শিশু।
অসমৰো এগৰাকী ভক্ত নিহত
ত্ৰিৱেণী সংগমৰ এই ভিৰৰ মাজতে পদপিষ্ট হৈ মৃত্যুক সাবতে অসমৰো এজন লোকে। জানিব পৰা মতে, হাইলাকান্দিৰ ব্যৱসায়ী নীতিৰঞ্জন পালেও মঙলবাৰে নিশা ত্ৰিৱেণী সংগমত মৌনী অমাৱস্যাৰ অমৃত স্নান কৰিবলৈ গৈছিল। কিন্তু প্ৰচণ্ড ভিৰৰ মাজত গুৰুতৰভাৱে আহত হয় পাল। পিছত তেওঁক সংকটজনক অৱস্থাত হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে নীতিৰঞ্জন পালৰ। তেওঁৰ মৃত্যু নিশ্চিত কৰিছে পৰিয়ালৰ লোকে।
আনহাতে অসমৰ আন এগৰাকী ভক্ত সন্ধানহীন হৈ থকাৰ খবৰ পোৱা গৈছে। সন্ধানহীন হৈ থকা লোকজন হৈছে তিনিচুকীয়াৰ ৬২ বছৰীয়া ওম শংকৰ মাহাতো। পৰিয়ালৰ লোকে উত্তৰ প্ৰদেশ আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে যদিও বৰ্তমানেও সন্ধান লাভ কৰা হোৱা নাই বুলি জানিব পৰা গৈছে।
এতিয়াও সন্ধানহীন অসংখ্যাজন
এই ঘটনাৰ পিছৰে পৰা বহু লোক এতিয়াও নিৰুদ্দেশ হৈ আছে, আৰু পৰিয়ালৰ লোকে বিভিন্ন চিকিৎসালয়ত তেওঁলোকক বিচাৰিছে, আৰু মেলাস্থলীত মাইক্ৰ’ফোনৰ জৰিয়তে নাম ঘোষণা কৰা হৈছে। বহু লোকে হাতত নিজৰ পৰিয়ালৰ সদস্যৰ ছবি লৈ মেলাত ঘূৰি ফুৰিছে আপোনজনক বিচাৰি। ইফালে, দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। গোটেই নিশা সেনা, আৰক্ষী, অৰ্ধসামৰিক বাহিনীয়ে উদ্ধাৰ অভিযান চলায়। ততাতৈয়াকৈ আহতসকলক ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
স্থানীয় প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে কেইবাটাও প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়া হয়, আৰু ভিৰ কমোৱাৰ বাবে মেলাত অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েন কৰা হয়। প্ৰশাসনে সাধাৰণ ৰাইজক শান্তি বজাই ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে ভিৰ নিয়ন্ত্ৰণৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে।
বিৰোধীৰ সমালোচনা, সাহায্য ঘোষণা চৰকাৰৰ
এই দুৰ্ঘটনাৰ পিছত মহাকুম্ভ মেলাৰ নিৰাপত্তাৰ ব্যৱস্থাক লৈ ডাঙৰ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। ইমান বৃহৎ ধৰ্মীয় সমাৱেশৰ বাবে পৰ্যাপ্ত প্ৰস্তুতি চলোৱা হৈছিল নে নাই বুলিও প্ৰশ্ন উত্থাপন হৈছে। বিৰোধী ৰাজনৈতিক দলসমূহে প্ৰশাসনৰ ব্যৰ্থতাক সমালোচনা কৰিছে। কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিয়ে এই ঘটনাক “প্ৰশাসনিক গাফিলতিৰ পৰিণাম” বুলি অভিহিত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। ইমান বৃহৎ অনুষ্ঠানৰ বাবে পৰ্যাপ্ত নিৰাপত্তা আৰু পৰ্যাপ্ত আন্তঃগাঁথনি নাই বুলি অভিযোগ কৰে বিৰোধীয়ে। সমাজবাদী পাৰ্টিয়ে অভিযোগ কৰে তীৰ্থযাত্ৰীৰ সোঁত নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ উপস্থিতি পৰ্যাপ্ত নাছিল, যাৰ ফলত জনসমাগম বাঢ়ি যোৱাৰ লগে লগে প্ৰশাসনে সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়।
আনহাতে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই ঘটনাক অত্যন্ত দুখজনক বুলি অভিহিত কৰি আহতসকলক শীঘ্ৰে চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ মৃতকৰ পৰিয়ালক ৫ লাখ টকা আৰু আহতক ৫০ হাজাৰ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে। লগতে দুৰ্ঘটনাটোৰ সম্পূৰ্ণ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে প্ৰশাসনিক গাফিলতিৰ বাবে দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশ চৰকাৰৰ সৈতে কথা পাতি তেওঁ উদ্ধাৰ অভিযান ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে আৰু আহতসকলৰ চিকিৎসাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায়। মঙলবাৰৰ এই মৰ্মান্তিক ঘটনাৰ পিছতে সাময়িকভাৱে ত্ৰিৱেণী সংগম বন্ধ কৰি দিয়া হয় যদিও বুধবাৰে বিয়লিলৈকে পৰিস্থিতি পুনৰ স্বাভাৱিক হৈ পৰিছে। কিন্তু ইয়াৰ মাজতে এতিয়াও বহু লোকে নিজৰ আপোনজনক বিচাৰি হাহাকাৰ কৰি ফুৰিছে। নিৰুদ্দেশ হোৱা লোকসকলৰ সন্ধানত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। আহতসকলৰ চিকিৎসা অব্যাহত আছে।