newsnextone.com | ডিজিটেল ডেস্কঃ শ্ৰীনগৰৰ এখন বিলাসী হাটেলত এগৰাকী মহিলাৰ সৈতে উদ্ধাৰ হৈছে ভাৰতীয় সেনাৰ মেজৰ লিতুল গগৈ৷ ইতিমধ্যে আৰক্ষীয়ে গগৈক আটক কৰিছে কৰি সোধ-পোছ অব্যাহত ৰাখিছে৷ জানিব পৰা মতে, মহিলাৰ সৈতে আপত্তিজনক অৱস্থাত উদ্ধাৰ কৰা বুলি স্থানীয় সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰে৷

শ্ৰীনগৰৰ মমতা নামৰ হোটেলত সেনাৰ বিষয়াগৰাকীক আটক কৰাৰ পিছত স্থানীয় খানয়াৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷ আনহাতে হোটেলৰ কোঠাত উদ্ধাৰ হোৱা আন এগৰাকী পুৰুষ আৰু মহিলাগৰাকীকৰ পৰিচয় এতিয়ালৈ উদ্ধাৰ হোৱা নাই বুলি জানিব পৰা গৈছে৷

শ্ৰীনগৰৰ সাংবাদিক আহমেদ আলী ফৈয়েজে এটি টুইট কৰি কয় ‘‘মেজৰ লিটুল গগৈ যিয়ে শ্ৰীনগৰৰ কাশ্মীৰৰ চিলব্ৰাস এলেকাৰ এগৰাকী নিৰপৰাধী লোকক ২০১৭ বৰ্ষৰ ৯ এপ্ৰিলত সেনাৰ জীপৰ বনেটত বান্ধি ঘুৰাইছিল৷ কিছু সময় পূৰ্বে তেওঁক ডালগেট এলেকাৰ মমতা হোটেলত মহিলাৰ সৈতে ঘনিষ্ঠ অৱস্থাত উদ্ধাৰ কৰে আৰু আৰক্ষীয়ে আটক কৰে৷’’

আৰক্ষীয়ে জনোৱা মতে কাশ্মীৰৰ বদগাম এলেকাত কৰ্মৰত মেজৰ লিটুল গগৈক আটক কৰি তদন্ত কৰি থকা হৈছে৷ কোনো চক্ৰ কৱলত পৰাৰ সন্দেহ কৰা হৈছে৷ আৰক্ষীক কোনো লোকে বুধবাৰৰ দিনৰ ১১ বজাত ফোন কৰি এই খবৰ দিছিল৷ 

খবৰ লাভ কৰি আৰক্ষীয়ে হোটেলত অভিযান চলাই৷ আৰক্ষীয়ে অভিযান চলাই এগৰাকী মহিলা আৰু সমীৰ আহমেদ নামৰ লোকএগৰাকীক সন্দেহ জনক অৱস্থাত উদ্ধাৰ কৰে৷ হোটেল কৰ্তৃপক্ষৰ পৰা কোঠা ভাড়াত লৈছিল মেজৰ গগৈয়ে আৰু মহিলা আৰু পুৰুষগৰাকীয়ে গগৈক লগ ধৰিব আহিছিল৷ ঘটনাৰ তদন্ত অব্যাহত আছে আৰু মহিলাৰ ভাষ্য ৰেকৰ্ড কৰে আৰক্ষীয়ে৷

উল্লেখ্য যে, ২০১৭ চনৰ ৯ এপ্ৰিলত মেজৰ লিটুল গগৈয়ে শিলাবৰ্ষণৰ পৰা ৰক্ষা পাবলৈ এগৰাকী যুৱকক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰি সেনাৰ জীপৰ সন্মুখত বান্ধি ৰাজপথত ঘুৰাইছিল৷ যাৰ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল আৰু সেনাই গগৈক পুৰস্কৃত কৰিছিল৷