ডিজিটেল ডেস্কঃ অৱশেষত লণ্ডনত আৰক্ষীৰ জালত পৰিল সূৰা সম্ৰাট বিজয় মালিয়া৷ বিজয় মালিয়াৰ গ্ৰেপ্তাৰৰ বাতৰি মঙলবাৰে দুৰদৰ্শনত প্ৰচাৰ হয়৷ তাৰ মাজতে দেশৰ আগশাৰীৰ ইংৰাজীৰ নিউজ চেনেল টাইমছ নাৱকে ধৰি কেবাটাও নিউজ চেনেলে এই বাতৰি প্ৰকাশ কৰে৷ ৰাষ্ট্ৰীয় নিউজ চেনেলৰ মতে, মালিয়া গ্ৰেপ্তাৰ হলেও জামিন লাভ কৰিবলৈ সক্ষম হয়৷ ৬০০০ কোটি টকা ঋণ লৈ দেশ এৰি লণ্ডনলৈ গুছি গৈছিল দেশৰ একালৰ প্ৰখ্যাত উদ্যোগপতিগৰাকীয়ে৷
ষ্টেট বেংক অৱ ইণ্ডিয়াৰ লগতে দেশৰ কেবাটাও বেংকৰ পৰা কোটি কোটি টকা ঋণ লৈ পলায়ন কৰে সূৰা ব্যৱসায়ীগৰাকীয়ে৷ তাৰ মাজতে বিজয় মালিয়াই তেওৰ বিৰুদ্ধে ঋণৰ সুত নিদিয়া বুলি উত্থাপিত অভিযোগ ভিত্তীহিন বুলি কয়৷ মালিয়াৰ বিৰুদ্ধে চিবিআই আৰু ইডিয়ে চাৰ্জশ্বিট দাখিল নকৰাৰো অভিযোগ উঠে৷ একাধিক প্ৰতাৰণাৰ গোচৰ ৰুজু হৈ থকাৰ পিছতো ২০১৬ চনৰ মাৰ্চ মাহত দেশ এৰি ৰহস্যজনক ভাবে পলায়ণ কৰি ব্ৰিটেনত আশ্ৰয় লয় মালিয়াই৷
ব্ৰিটেনত যোৱাৰ কথা ৰাজহুৱা হোৱাৰ পিছতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে বিৰোধিয়ে বিজেপিক সমালোচনা কৰিছিল৷ স্মৰ্তব্য যে, ইডি আৰু চিবিআইয়ে গোচৰৰ তদন্তৰ ৰিপৰ্ট বৃটিছ চৰকাৰক জমা দিয়ে৷ ডিচেম্বৰ মাহত মালিয়াক দেশলৈ উভতাই অনাৰ ক্ষেত্ৰতো গোচৰ ৰুজু হোৱাৰ সম্ভৱনা আছে৷ আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্স, আয়াৰলেণ্ডত বিজয় মালিয়াৰ বিৰুদ্ধে আৰ্থিক প্ৰতাৰণা কৰাৰো অভিযোগ উত্থাপন হৈ আহিছে৷