ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে অন্তিমখন বাজেটত ঘোষণা কৰা স্বাস্থ্য নীতিৰ বিষয়টোৱে চৰ্চা লাভ কৰিছে। দেশৰ সকলো ৰাজ্যতে স্বাস্থ্য পৰিযোজনা আঁচনি সফল ৰূপায়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ সহযোগিতা বিচাৰিছে। কিন্তু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই আঁচনিখনৰ লগত সহযোগিতা নকৰাৰ সিদ্ধান্ত লৈছে৷

উল্লেখ্য যে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কেন্দ্ৰীয় চৰকাৰৰ নীতিক আকোৱালি লৈ ৰাজ্যখনত আগৰে পৰা চলি অহা নীতিক ধ্বংস নকৰাৰ সিন্ধান্ত লৈছে। পশ্চিমবংগৰ কৃষ্ণনগৰত অনুষ্ঠিত এখন সভাত মমতাই কয়, কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য সুৰক্ষা যোজনা আঁচনি ৰাজ্যত কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ৪০% ধন দিব লাগিব। কিন্তু ৰাজ্য চৰকাৰৰ হাতত যিহেতু পূৰ্বৰ পৰাই এই স্বাস্থ্য যোজনা কাৰ্যকৰী হৈ আছে, সেইবাবে অন্য যোজনাত ধন খৰচ কৰিব নোৱাৰে বুলি জনায়।

বেনাৰ্জীয়ে লগতে কয় পশ্চিমবংগৰ চিকিৎসালত ভৰ্ত্তি হোৱা ৰোগী সকলক আগৰ পৰাই ৰাজ্য চৰকাৰে বিনামূলীয়াকৈ সেৱা প্ৰদান কৰি আহিছে। মমতাৰ এই স্বাস্থ্য নীতিৰ জৰিয়তে ৫০ লাখ মানুহ উপকৃত হোৱা বুলি কয়। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মোডীক সমলোচনা কৰি কেন্দ্ৰীয় চৰকাৰে বেটি বচাও বেটি পঢ়াও আঁচনিত ১০০ কোটি টকা দিয়াৰ পৰিবৰ্তে মমতাৰ চৰকাৰে ৫০০০ কোটি দিয়া বুলি কয়।

নোটবন্দী কৰি গৃহিনীসকলৰ জমা ধন এক প্ৰকাৰে কাঢ়ি লোৱা বুলি কৈ জিএছটিৰ জৰিয়তে সৰু-সৰু ব্যৱসায়ীক মাধমাৰ শোধাই আছে বুলিও কয়। অানহাতে নীতি আয়োগৰ CEO অমিতাভ কান্তে কেন্দ্ৰীয় চৰকাৰৰ এই স্বাস্থ্য যোজনাৰ নামত ৫৫০০-৬০০০ কোটি টকা খৰচ হ’ব আৰু কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ২০০০কোটি টকা আবন্তন দিছে আৰু ৰাজ্য চৰকাৰে বাকীখিনি টকা খৰচ কৰিব লাগিব বুলি জনায়।

ইয়াৰোপৰি দেশৰ ১২,০০০ কৃষকে আত্মহত্যা কৰাৰ কথাৰে দেশৰ কৃষি নীতিক লৈও মোডী চৰকাৰক সমালোচনা কৰে মমতা বেনাৰ্জীয়ে। মমতা বেনাৰ্জী নেতৃত্বাধান চৰকাৰে ৰাজ্যৰ ৩০ লাখ কৃষকক ১২০০ কোটি টকাৰ সহায় আগবঢ়োৱা বুলিও মততাই কয়। উল্লখ্য যে, নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে যদি জন বিৰোধী নীতিৰ পৰিবৰ্তন নকৰে তেন্তে ইয়াৰ বিৰুদ্ধে ৰাষ্ট্ৰবাদী আন্দোলন কৰাৰ হুংকাৰ দিয়ে মমতাই।