newsnextone.com | ডিজিটেল ডেস্কঃ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শনিবাৰে কংগ্ৰেছ আৰু তৃণমুল কংগ্ৰেছৰ মিত্ৰতা স্থাপনক লৈ নিজৰ স্থিতি স্পষ্ট কৰে৷ তেওঁ কয় যে, কেন্দ্ৰীয় শাসনাধিষ্ঠিত বিজেপিক পৰাভূত কৰিবলৈ তেওঁ কংগ্ৰেছৰ সৈতে একলগ হৈ কাম কৰাৰ বিৰোধিতা কৰা নাই৷ কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ছোনীয়া গান্ধীৰ সৈতে তেওঁৰ যথেষ্ট ভাল সম্পৰ্ক আছে, কিন্তু ৰাহুল গান্ধীৰ সৈতে তেওঁ কেতিয়াও কাম কৰি পোৱা নাই৷ ইফালে, মমতা বেনাৰ্জীয়ে ৰাহুল গান্ধীক ৰাজনীতিৰ ক্ষেত্ৰত বহুত জুনিয়ৰ নেতা বুলি আখ্যা দিয়া পৰিলক্ষিত হয়৷

মমতা বেনাৰ্জীয়ে কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে এতিয়া হিটলাৰৰ দৰেহে আচৰণ কৰি আছে৷ মমতা বেনাৰ্জীক প্ৰধানমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত সোধা প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় যে তেওঁৰ তেনে কোনো ইচ্ছা নাই৷ কিন্তু তেওঁৰ তেতিয়ালৈ কোনো এক দলৰ সৈতে কাম কৰাত সমস্যা নাথাকিব যেতিয়ালৈকে সেই দলৰ সন্মুখৰ লক্ষ্য স্পষ্ট হৈ থাকিব৷

মমতা বেনাৰ্জীয়ে কয় যে কিছু সংখ্যক ৰাজনৈতিক দলে কংগ্ৰেছৰ সমৰ্থন নকৰে কাৰণ তেওঁলোকৰ কিছুমান ব্যক্তিগত বাধ্যবাধকতা থাকে৷ কিন্তু তেওঁলোকেও বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়া পক্ষতে আছে৷ 

উল্লেখ্য যে, কংগ্ৰেছ নেতা সকলৰ একাংশই তৃণমুল কংগ্ৰেছৰ সৈতে মিত্ৰতা স্থাপনক লৈ তেওঁলোকৰ ৰণকৌশল অৱলম্বন কৰা পৰিলক্ষিত হৈছে৷ তাৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰধান অধীৰ ৰঞ্জন চৌধুৰীয়ে তৃণমুলৰ সৈতে মিত্ৰতা স্থাপনৰ বিৰোধিতা কৰাও পৰিলক্ষিত হৈছে৷ 

অইনহাতে, তৃণমুল কংগ্ৰেছ পাৰ্টীৰ নেতাইও বিজেপিৰ বিৰুদ্ধে সবল ৰাজনৈতিক মিত্ৰজোঁট গঢ়ি তুলিবলৈ কেইবাটাও বিৰোধী দলৰ প্ৰভাৱশালী নেতাৰ সৈতে আলোচনাত মিলিত হৈছে৷