ডিজিটেল ডেস্কঃ থাইলেণ্ডৰ এক শিহৰণকাৰী হত্যাকাণ্ডই কঁপাই তুলিছে বিশ্ববাসীক। পাৰিবাৰিক কন্দলত লিপ্ত হৈয়েই নিজ পিতৃয়ে ১১ মহীয়া কন্যাক কৰিছে হত্যা।

মানসিকভাবে ভাগি পৰা এইগৰাকী পিতৃয়ে নিজ কন্যাক হত্যা কৰাই নহয়, হত্যাকাণ্ডটোৰ সমগ্ৰ ঘটনা ফেচবুকত লাইভো কৰে৷ অৱশ্যে তাৰপিছতে পিতৃগৰাকীয়ে নিজেও অাত্মহত্যা পথ বাছি লয়।

প্ৰাপ্ত তথ্য মতে, উক্ত ঘটনাতো থাইলেণ্ডৰ ফুকেট চহৰৰ এখন হোটেলত সংঘটিত হয়। পেছাত সৌন্দৰ্য বিশেষজ্ঞা ২০ বছৰীয়া বোংগোটেল নামৰ যুবকজনে পত্নীৰ  সৈতে কাজিয়াৰ সূত্ৰপাত হৈয়ে ১১ মহীয়া কন্যাক হোটেলখনলৈ লৈ যায়।

হোটেলখনতে দয়াহীন পিতৃয়ে নৃশংভাৱে হত্যা কৰে শিশুটিক। সমগ্ৰ ঘটনাৰাজী ভিডিঅ'টিত স্পষ্টকৈ দেখিবলৈ পোবা  গৈছিল যদিও ফেচবুকৰ পৰা ডিলিট কৰি দিয়া হয় ভিডিঅ'টো। 

ইয়াৰ অাগতেও অামেৰিকাৰ ষ্টীভ ষ্টীফেঞ্চ নামৰ এজন মানুহে ৭৪ উৰ্ধৰ মানুহ এজনক হত্যা কৰি ফেইচবুকযোগে সমগ্ৰ ঘটনা ৰাজহুৱা কৰিছিল যদিও ২ ঘণ্টা উকলি যোৱাৰ পিছত উক্ত ভিডিঅ'টো ডিলিট কৰি দিছিল ফেচবুক কৰ্তৃপক্ষই।