![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/huang-dafa-canal-03-889x592.jpg?itok=aYI1-KMd)
ডিজিটেল ডেস্কঃ ইচ্ছাশক্তি থাকিলেই যে যিকোনো প্ৰতিকূলতাক জয় কৰা সম্ভৱ, সেয়া পুনৰ প্ৰমাণিত কৰিলে এজন প্ৰাপ্তবয়স্কই। এই লোকজনে জীৱনৰ মূল্যৱান ৩৬টা বসন্ত উৎসৰ্গা কৰিছে কেৱল পাহাৰ খান্দি গাঁৱলৈ পানী অনাৰ নামত। এনেদৰে তেওঁ সলনি কৰি তুলিছে গাঁৱৰ পৰিৱেশ, গাঁৱৰ অৰ্থনীতি। পাহাৰীয়া গাঁওখনত এতিয়া বছৰৰ ১২ মাহেই প্ৰবাহিত হৈ থাকে পানী।
ব্যতিক্ৰমী এই লোকজন হৈছে চীনৰ গুইঝো প্ৰদেশৰ বাসিন্দা। বয়স ৮২ বছৰ। নাম হুয়াং দফা, পেছাত খেতিয়ক। সেয়ে পানীৰ গুৰুত্ব বুজি পাইছিল যৌৱনতে। যিটো বছৰত পানীৰ অভাৱে দেখা দিছিল সেই বছৰটোতে বিকল্পৰ সন্ধান আৰম্ভ কৰে ডেকা দফাই। মনে মনে সিদ্ধান্ত লয় যে পাহাৰ কাটি হ’লেও তেওঁ গাঁৱলৈ পানী আনিহে এৰিব।
কিন্তু ভাবিলেইতো নহ’ব। তাৰ বাবে লাগিব দৃঢ় সংকল্প। লাগিব কঠোৰ পৰিশ্ৰম। প্ৰথমবাৰ যেতিয়া কামত নামিছিল, সেই বছৰটো আছিল ১৯৫৯ চন। পিছে সফল নহ’ল। তেওঁৰ ঠাইত আন কোনো থাকিলেও সেয়া সম্ভৱ নাছিল, ব্যৰ্থ হোৱাটোৱেই আছিল স্বাভাৱিক। কিয়নো যিটো উৎসৰ পৰা গাঁৱলৈ পানী অানিব লাগিব তালৈ দূৰত্ব হৈছে ১০ কিলোমিটাৰ। তাতে আকৌ শিলাময় দুৰ্গম পাহাৰীয়া পথ।
পিছে তেওঁ ইমান সহজে হাৰ মানিবলৈ ইচ্ছুক নাছিল। ব্যৰ্থতাৰ পৰা পুনৰ নতুন উদ্যমেৰে দ্বিতীয় বাৰ আৰম্ভ কৰিলে কাম। সহযোগ কৰিবলৈ আগবাঢ়ি আহিল গাঁৱৰ আন লোকসকলো। পিছে সেয়া এদিনতে হোৱা নাছিল। অনেক বুজনিতহে সৈমান হৈছিল গাঁওবাসী।
অৱশেষত লক্ষ্যত উপনীত হ’ল অশীতিপৰ বৃদ্ধ। অৱেশ্য ইয়াৰ বাবে প্ৰয়োজন হ’ল সুদীৰ্ঘ ৩৬টাকৈ বছৰ। নিজৰ গাঁওখনৰ চাহিদা পূৰ কৰিব পৰাকৈ প্ৰতিবেশী ১২০০টা পৰিয়াললৈ পানীৰ যোগান ধৰিবলৈ সমৰ্থ হৈছে হুয়াং দফাৰ এই পৰিশ্ৰমে। এখন দুখন নহয়, তিনিখনকৈ পাহাৰ কাটি গাঁওখনলৈ পানী লৈ আহিছে যৌৱন বিসৰ্জন দিয়া হুয়াঙে। তেওঁৰ প্ৰতি সন্মান জনাই এতিয়া এই পাহাৰীয়া খালটোৰ নাম ৰখা হৈছে দফা চেনেল।
ভাৰতৰ দশৰথ মাঝি সদৃশ এই কাহিনীয়ে এতিয়া সমগ্ৰ বিশ্বতে লাভ কৰিছে ব্যাপক চৰ্চা। আনকি শেষ মুহূৰ্তত চীনা চৰকাৰেও গুৰুত্ব দিবলৈ বাধ্য হৈ পৰিছে অশীতিপৰ হুয়াঙক।