
ডিজিটেল ডেস্কঃ তিনিটা সন্তানৰ মাতৃ, ৰাজ্যসভাৰ সাংসদ মেৰি কমে বক্সিঙৰ জগতত আজিও দপদপাই আছে৷ উত্তৰ পূৰ্বাঞ্চালৰ বক্সিঙৰ ৰাণীয়ে দীৰ্ঘ সময়য় বিৰতিৰ অন্তত এছিয়ান বক্সিং চেম্পিয়ন শ্বীপ, ইণ্ডিয়ান অপেনত সোণৰ পদক লাভ কৰাৰ অন্তত পুনৰ সোণৰ পদক লাভ কৰিলে কমনৱেলথ গেমছত৷
Missing so much my boys. Mum is coming soon pic.twitter.com/SYp5FIqPcy
— Mary Kom (@MangteC) April 14, 2018
পাঁচবাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমে লাভ কৰিলে ৮ নম্বৰটো সোণৰ পদক৷ গুড ফৰ গল্ড শীৰ্ষক বাক্যশাৰীক সাৰোগত কৰি কমনৱেলথ গেমছৰ মহিলাৰ বক্সিঙত ফাইনেলত প্ৰৱেশ কৰিছিল মেৰীয়ে৷
And as she appeared for the one last time at the #CommonwealthGames #MaryKom of #TeamIndia had earned the gold she wanted from #GC2018Boxing , respect of a few hundred who witnessed her #LIVE and prayers & blessings of billions more!#ThankYou @MangteC #GC2018 #SHARETHEDREAM pic.twitter.com/SabT8oWome
— IOA - Team India (@ioaindia) April 14, 2018
অলিম্পিকত ব্ৰঞ্জৰ মেডেল বিজয়ী মেৰীকমে প্ৰতিদ্বন্দ্বি স্কটলেণ্ডৰ মেগান গৰ্ডনক ৫-০ ধৰাশয়ী কৰি চেমি ফাইনেলত প্ৰৱেশ কৰিছিল৷ দেশৰ প্ৰথিতযশা মহিলা বক্সাৰ ৰূপে খ্যাত মেৰিকমে চেমিফাইনেলত ৫–০ত ধৰাশয়ী কৰিছিল শ্ৰীলংকাৰ অনুষা দিলৰক্ষীক৷ শ্ৰীলংকাৰ অনুষা দিলৰক্ষীক ধৰাশয়ী কৰি ফইনেলত প্ৰৱেশ কৰিছিল উত্তৰ পূৰ্বাঞ্চলৰ ষ্টাৰ বক্সাৰ মেৰী কমে৷ সোণৰ পদক লাভ কৰাৰ প্ৰতিশ্ৰুতিৰে কমনৱেলথ গেমছৰ বক্সিং ৰিঙত নামিছিল তেওঁ৷ ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কমনৱেলথ গেমছত শ্ৰেষ্ঠ খেল প্ৰদৰ্শন কৰা বুলি ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে৷
A #Golden dream come true for @MangteC and #TeamIndia!
— IOA - Team India (@ioaindia) April 14, 2018
35 year old boxing legend #MaryKom bags a Gold in her debut #GC2018Boxing Women's 45-48kg Final Bout at the #GC2018 #CommonwealthGames
She beat #KristinaOHara of #TeamNIR by unanimous decision! #Congratulations Champion! pic.twitter.com/mFgzuIltag
সকলোৱে বিচৰা ধৰণে ফাইনেলত প্ৰৱেশ কৰাৰ পূৰ্বে চমক দেখুৱাইছিল মেৰিয়ে৷ ৪৫–৪৮ শাখাৰ ফাইনেলত নৰ্ডাৰ্ন আয়াৰলেণ্ডৰ বক্সাৰ ক্ৰিষ্টিনা ৫-০ৰ ব্যৱধানত পৰাস্ত কৰি কমনৱেলথ গেমছত মেৰীয়ে প্ৰথমটো সোণৰ পদক লাভ কৰে। প্ৰথমবাৰৰ বাবে কমনৱেলথ গেমছত অংশ লৈছিল মেৰীয়ে৷
ইয়াল লগে লগে প্রতিপক্ষ ক্ৰিষ্টিনা হৰুৱাই অষ্ট্ৰেলিয়াত অনুষ্ঠিত কমনৱেলথ গেমছত সোণৰ পদক জিকে মেৰীয়ে৷ গোল্ড কষ্টত ক্ৰিষ্টিনাক ধৰাশয়ী কৰি মেগনিফিচেন্ট মেৰীয়ে সোণৰ পদক লাভ কৰে।
পাঁচ বাৰৰ বিশ্ব চেম্পিয়নগৰাকীয়ে পূৰ্বই কৈ থৈছিল 'দেশেৰ কথা মনলৈ আহিলেই ফাইনেল খেলিম।' ৫বাৰৰ বিশ্ব চেম্পিয়ন ৩৬ বছৰীয়া মেৰীয়ে প্ৰথমবাৰ কমনৱেলথ গেমছত অংশ লৈ সোণৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰিলে৷
সোণৰ পদক লাভ কৰিব বুলি দাবী কৰিছিল মেৰীকমে৷ ইতিমত্যে কিছুদিনৰ ভিতৰতে এচিয়ান চেম্পিয়নশ্বিপ আৰু ইণ্ডিয়ান অপেনত দুটাকৈ সোণৰ পদক লাভ কৰিছে মেৰিকমে৷