স্বাধীনতা আন্দোলনৰ সময়ত বিপ্লৱী জনতাৰ বিদ্ৰোহী কণ্ঠ হৈ পৰিছিল বাতৰি কাকত। কিন্তু গণতন্ত্ৰ প্ৰতিষ্ঠাৰ পিছতো দেশখনক অপ্ৰত্যাশিতভাৱে কণ্ঠৰুদ্ধ কৰাৰ চেষ্টা কৰা হৈছিল ইন্দিৰা গান্ধীৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ সময়ত। ৰাষ্ট্ৰৰ সুৰক্ষাৰ অজুহাত লৈ সংবাদ মাধ্যমক কোঙা কৰি পেলোৱা হৈছিল ১৯৭৫ চনত ঘোষিত ২১ মহীয়া সেই জৰুৰীকালীন শাসনত। 

এয়া কোনো সাধাৰণ জাননী নহয়। এয়া কলকাতাৰ আনন্দ বাজাৰ পত্ৰিকা গোটৰ জাননী। ৭৫০ জন সংবাদকৰ্মীৰ চাকৰি কৰ্তন কৰা এখন জাননী। কোনো কাৰণ নেদেখুওৱাকৈ ২ ঘণ্টাৰ ভিতৰতে চাকৰি এৰাৰ বাবে নিৰ্দেশ দিয়া এই বিশেষ জাননীখনে বুজালে কেনেকৈ নীতি-বহিৰ্ভূতভাবে একনায়কত্ববাদী পুঁজিবাদে দুৰ্ঘোৰ অন্ধকাৰ নমাই আনিব পাৰে সাংবাদিকৰ জীৱনলৈ। 

এইবাৰ পিছে দেখাদেখিকৈ নহয়, সন্তপৰ্ণে চেষ্টা চলিছে সংবাদ মাধ্যমৰ স্বাধীনতাক শ্বাসৰুদ্ধ কৰাৰ। চৰকাৰ নহয়, কৰ্প’ৰেটেহে বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰখনৰ চতুৰ্থ স্তম্ভক গোগ্ৰাসে গিলি পেলোৱাৰ প্ৰস্তুতি চলাইছে। এটা এটাকৈ সংবাদ মাধ্যম অহৰহ কৰ্প’ৰেটৰ হাতলৈ গতি কৰিছে। নীতি-আদৰ্শ বিসৰ্জন দি মাল্টিনেশ্যনেল কোম্পানীৰ প্ৰপাগেণ্ডাৰ প্ৰচাৰক হৈ পৰিছে সংবাদমাধ্যম। 

সত্যনিষ্ঠ সাংবাদিকক বাধ্য কৰোৱা হৈছে আপোচ কৰিবলৈ। আপোচ নকৰাজনক বৰ্খাস্ত কৰা হৈছে একে ৰাতিতে। এনে এক গভীৰ সংকটৰেই বাৰ্তা বহন কৰিছে ৭ ফেব্ৰুৱাৰীৰ এখন জাননীয়ে। এয়া কোনো সাধাৰণ জাননী নহয়। এয়া কলকাতাৰ আনন্দ বাজাৰ পত্ৰিকা গোটৰ জাননী। ৭৫০ জন সংবাদকৰ্মীৰ চাকৰি কৰ্তন কৰা এখন জাননী। কোনো কাৰণ নেদেখুওৱাকৈ ২ ঘণ্টাৰ ভিতৰতে চাকৰি এৰাৰ বাবে নিৰ্দেশ দিয়া এই বিশেষ জাননীখনে বুজালে কেনেকৈ নীতি-বহিৰ্ভূতভাবে একনায়কত্ববাদী পুঁজিবাদে দুৰ্ঘোৰ অন্ধকাৰ নমাই আনিব পাৰে সাংবাদিকৰ জীৱনলৈ।

দা টেলিগ্ৰাফ আৰু ইয়াৰ সৈতে জড়িত বাতৰি কাকতবোৰ শক্তিশালী ব্যৱসায়িক গোটৰ হাতলৈ যাব বুলি ২০১৬ বৰ্ষৰ ডিচেম্বৰ মাহতেই তলে তলে খবৰ ওলাইছিল যদিও তাক নানা কৌশলেৰে গাপ দি ৰখা হৈছিল। কিন্তু ছ'চিয়েল মিডিয়াৰ জৰিয়তে সমগ্ৰ ঘটনা পোহৰলৈ অহাত বিভিন্ন মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

অতৰ্কিতে দিয়া এই বাখ্যাহীন জাননীয়ে সেই কথা প্ৰমাণ কৰাত শংকাত ভুগিছে সংবাদ মাধ্যম, ধূসৰ হৈ পৰিছে সংবাদ মাধ্যমৰ গণতান্ত্ৰিক ভূমিকা। অসমৰ সংবাদ মাধ্যমৰ ক্ষেত্ৰটো একেটা ঘটনাই ঘটিছে। সাংবাদিক আৰু কৰ্মচাৰীক কোনোধৰণৰ আগতীয়া জাননী বা ক্ষতিপূৰণ নিদিয়াকৈ হঠাত্ বন্ধ কৰি দিয়া হৈছে বাতৰিকাকত। হঠাত্ অন্ধকাৰ নামি আহিছে সাংবাদিক আৰু কৰ্মচাৰীৰ জীৱনলৈ। 

এনে এক শেহতীয়া উদাহৰণ হৈছে জনসাধাৰণ কাকতখন। যথোচিত ক্ষতিপুৰণ নিদিয়াৰ অভিযোগত শ্ৰম আয়ুক্তৰ ওচৰত গোচৰ দাখিল কৰিছিল কাকতখনৰ একাংশ কৰ্মচাৰীয়ে। যোৱা ২-৩ বছৰতো আজিৰ দৈনিক বাতৰি, আজিৰ অসম, সংবাদ লহৰিকে আদি কৰি গুৱাহাটীৰ পৰা প্ৰকাশিত কেবাখনো বাতৰি কাকতৰ লগতে টিভি চেনেল ৰহস্যজনকভাৱে বন্ধ হৈ যোৱাত অন্ধকাৰ নামি আহিছিল সাংবাদিক-কৰ্মচাৰীৰ জীৱনলৈ। 

ইফালে প্ৰায় এটা শতিকাজুৰি গণতন্ত্ৰক প্ৰতিনিধিত্ব কৰি অহা স্বাধীনতা সংগ্ৰামৰ সাক্ষী দা হিন্দুস্থান টাইমছো ২০১৭ বৰ্ষৰ ১ এপ্ৰিলৰপৰা ৰিলায়েন্স-মুকেশ আম্বানিৰ হাতলৈ যাব বুলি জানিব পৰা গৈছে। চিএনএন-আইবিএনকে ধৰি ভালেকেইটা প্ৰধান টিভি চেনেল ইতিমধ্যে আম্বানিৰ হাতত আছে। 

পুঁজিবাদী একনায়কত্ববাদে গণতান্ত্ৰিক দেশখনৰ দায়িত্বত থকাসকলক আঙুলিৰ ঠাঁৰত নচুওৱা বুলি সততে অভিযোগ উঠাৰ সময়তে এনে পৰিপ্ৰেক্ষিতত সংবাদমাধ্যমৰ স্বাধীনতাৰ প্ৰতি ভাবুকি সৃষ্টি হৈছে। সংবাদমাধ্যমৰ একনায়কত্ববাদী হাতোৰাই স্বাধীনচিতীয়া সংবাদগোষ্ঠীসমুহক খামুচি ধৰাৰ ফলত গণতন্ত্ৰ দূৰ্বল হৈ পৰাটো ধুৰূপ। পুঁজিবাদী বৃহৎ সংবাদমাধ্যমে সকলো চৰকাৰী সাহায্য আদায় কৰি দেশৰ সম্পদৰ অপচয় কৰাৰ লগতে মূল্য বৃদ্ধি আৰু সংবাদমাধ্যমৰ স্বকীয়তা ধূলিস্যাৎ কৰাটো সৰ্বজনবিদিত। 

জনস্বাৰ্থৰ পৰিৱৰ্তে এনে মাধ্যমে ৰাজনৈতিক অভিসন্ধি আৰু নিজস্ব লাভৰ বাবে অৰ্থনৈতিক নীতিৰ প্ৰচাৰতহে গুৰুত্ব আৰোপ কৰিব। এই সময়ত প্ৰয়োজন হৈ পৰিছে সংবাদমাধ্যমৰ পুঁজিবাদী একনায়কত্ববাদক নিয়ন্ত্ৰণলৈ অনা। যেনেকৈয়ে নহওক কিয়, ভাৰতীয় গণতন্ত্ৰলৈ নামি অহা এই দুৰ্ঘোৰ দূৰ্ভাৱনা দূৰ কৰাৰ সময় সমাগত।

(বিঃদ্ৰঃ লেখাটোৰ প্ৰতিটো কথা, প্ৰতিটো বাক্য লেখকৰ নিজা মন্তব্য। ইয়াৰ সৈতে newsnextone.comৰ কোনোধৰণৰ সম্পৰ্ক নাই।)