প্ৰতিকী ফটো
প্ৰতিকী ফটো

ডিজিটেল ডেস্কঃ ধৰ্ষণৰ বলি হোৱা নৱম শ্ৰেণীৰ ছাত্ৰীৰ পৰিয়ালক এঘৰীয়া কৰিলে গাঁও সভাই৷ কেৱল ইমানে নহয় চৰকাৰী সাহায্যৰ বাবে আবেদন কৰিব নোৱাৰাৰ হুকুম জাৰি কৰাৰ লগতে ধৰ্ষণকাৰীক ৰক্ষনাবেক্ষণ দিবলৈ গৰ্ভধাৰণ কৰিবলৈ বাধ্য কৰিলে নাবালিকাক৷ এই ঘটনা সংঘটিত হৈছে ওড়িশাৰ কোৰাপুট জিলাৰ নন্দপুৰৰ বালদাত৷ জানিব পৰা মতে, বালদা এলেকাৰ নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী আদিবাসী কিশোৰীক একে এলেকাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে নিয়মিত ধৰ্ষণ কৰে৷ যাৰ ফলত ৫ মাহৰ অন্তঃসত্বা কিশোৰীগৰাকী৷

স্কুলৰ প্ৰধান শিক্ষক বিধুভূষণ নায়কৰ বিৰুদ্ধে কিশোৰীৰ পৰিয়ালে ইতিমধ্যে এজাহাৰ দাখিল কৰে৷ কিশোৰীগৰাকীৰ দিন মজদুৰ পিতৃয়ে গৰ্ভপাত কৰাৰো চেষ্টা চলাই যদিও চিকিৎসকে সম্ভৱ নহয় বুলি কয়৷ কিশোৰীগৰাকী অন্তঃসত্বা বুলি জানিব পৰাৰ পিছৰে পৰা স্থানীয় লোকে পৰিয়ালটোক উপদ্ৰৱ কৰিব আৰম্ভ কৰে৷ অবিবাহিত মহিলা অন্তঃসত্বা হোৱাৰ বাবে গাঁৱৰ লোকে ভোজ-ভাত দাবী কৰে৷ ভোজ-ভাত নিদিয়াৰ বাবে পৰিয়ালটোক এঘৰীয়া কৰা হৈছে৷

কিশোৰীৰ মজদুৰ পিতৃয়ে ভোজ খুৱাব লাগিলে বহু টকাৰ প্ৰয়োজন হ’ব বুলি কয়৷ মজদুৰি কৰি ইমান টকা কৰ পৰা পাম বুলি কৈ কন্যাৰ স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে টকাৰ প্ৰয়োজন হৈ পৰা বুলি কয়৷ আনহাতে প্ৰশাসনৰ পৰা কোনো সহযোগ নপোৱাৰো অভিযোগ উত্থাপন কৰে কিশোৰীৰ পিতৃয়ে৷ জিলা কল্যাণ বিষয়া জগন্নাথ চোৰেনে জানিবলৈ দিয়া মতে ঘটনাৰ তদন্তৰ বাবে সমিতি গঠন কৰা হৈছে৷

ছাত্ৰীক শ্লীলতাহানিৰ সৈতে শিক্ষকৰ লগতে আৱাসিক এলেকাৰ লোকে জড়িত থাকিব পাৰে বুলি সন্দেহ কৰি পৰিয়ালটোৰ কথা অৱগত বুলি কয় কল্যাণ বিষয়াই৷ জিলা প্ৰশাসনে সহায় কৰিব পাৰে৷ এই ঘটনাৰ সৈতে শিক্ষক জড়িত থকাৰ তথ্য পোৱা গৈছে যদিও অবৈধ সম্পৰ্ক আছিল বুলিও কয় জিলা কল্যাণ বিষয়াই৷ কিন্তু যৌন নিৰ্যাতন ৰ প্ৰমাণ এতিয়ালৈ পোৱা নাই বাবে চৰকাৰী সহায্য দিয়া নহ’ব বুলি কয়৷ ওড়িশা চৰকাৰে ধৰ্ষণৰ বলি হোৱা মহিলাক ৩ লাখ টকা প্ৰদান কৰে৷