মিছন চাইনা চালো। ৰিভিউ লিখিবলৈ চিনেমাখনত একো নাই। এখন সাধাৰণ মানৰ চিনেমা। এনেকুৱা ধৰণৰ conceptৰ চিনেমা হলীউড আৰু বলীউডত বহুকেইখন আছে। নতুনত্বহীন কাহিনী। অভিনয় দুৰ্বল। বিশেষকৈ এন এছ ডিৰ স্নাতক পৱিত্ৰ ৰাভাই এতিয়ালৈ কৰা অভিনয়ৰ ভিতৰত এইখন চিনেমাতে worst অভিনয় কৰিছে। 

চিনেমাখনৰ worst sceneটো হ'ল লামাক সোধপোছ কৰি থকাটো। লামাক কৰ্ণেলে জেৰা কৰি থাকোতে নায়িকাই মিঠাই লৈ অহা দৃশ্যটো খাপচাৰা হৈছে। নায়িকাই আকৌ লামাৰ মুখত মিঠাই গুজি দিয়ে। এইবোৰ দৃশ্য দেখি দৰ্শকৰ হাঁহি উঠে।

প্ৰশংসা কৰিবলগীয়া দিশটো হ'ল জুবিনৰ ত্যাগ, অতি নিষ্ঠা, একাগ্ৰতা আৰু সততাৰে চিনেমাখন নিৰ্মাণ কৰিছে জুবিনে। জুবিনৰ সুপৰিকল্পিত প্ৰচাৰ কৌশল অসমীয়া চিনেমাৰ ইতিবাচক দিশ। সেইদৰে গান, একচন, লোকেচন আৰু কাৰিকৰী দিশত ভাল কাম কৰিছে জুবিনে। 

এইখিনি বেলেগ অসমীয়া চিনেমাৰ সৈতে তুলনা কৰিহে কৈছো। সামগ্ৰিকভাৱে বলীউড আৰু দক্ষিণৰ চিনেমাৰ কাৰিকৰী দিশৰ সৈতে তুলনা কৰিব নাযাওঁ। আচলতে জুবিনৰ চিনেমা বাবেহে দৰ্শক হৈছে। 

কিন্তু বজাৰত টেঙা আম এবাৰেই বিক্ৰী কৰিব পাৰি। জুবিনে পৰৱৰ্তী সময়ত চিনেমা নিৰ্মাণ কৰিলে, কাহিনী আৰু Screenplayৰ ওপৰত গুৰুত্ব দিব বুলি আশা কৰিলো। বিগ বাজেটৰ হ'লেও এনেকুৱা দুৰ্বল কাহিনীৰ চিনেমা বাৰে বাৰে নিৰ্মাণ কৰিলে দৰ্শক হললৈ নহা হ'ব। কিয়নো আৱেগ সদায় একেদৰে নাথাকে।

এটা কথা আগতেও কৈছো, আজিও কওঁ। সেয়া হৈছে অসমীয়া চিনেমা হলত নচলাৰ কাৰণ দুৰ্বল কাহিনী আৰু মগজু থকা screenplay লিখা মানুহৰ অভাৱ। মই সৰ্বসাধাৰণ দৰ্শকৰ বাবে বিনোদনক গুৰুত্ব দি নিৰ্মাণ কৰা চিনেমাৰ ক্ষেত্ৰতহে এইখিনি কথা কৈছো।

এনেই অসমৰ পৰা আন্তৰ্জাতিক স্বীকৃতি অৰ্জন কৰা বহুকেইখন সুন্দৰ ছবি নিৰ্মাণ হৈছে। পুৰস্কাৰো বুটলিছে অসমীয়া চিনেমাই। কিন্তু পুৰস্কাৰ পোৱা উচ্চ মানৰ চিনেমা ছবিঘৰত হিট হোৱাৰ উদাহৰণ খুব কম। পুৰষ্কাৰ পোৱা আৰু উচ্চ মানৰ অইন ভাষাৰ চিনেমাও অসমৰ হলত চলাৰ উদাহৰণ নাই।


♦ লেখক দিগন্ত চহৰীয়া PRAG NEWSৰ জ্যেষ্ঠ সাংবাদিক, কেবাখনো প্ৰতিষ্ঠিত কাকত-আলোচনীৰ নিয়মীয়া লেখক আৰু চলচিত্ৰ বিশ্লেষক।