গুৱাহাটীঃ অসমত গঢ়ি উঠিছে মোবাইল চোৰৰ বৃহৎ নেটৱৰ্ক। এই নেটৱৰ্ক পৰিচালিত হৈছে খোদ গুৱাহাটী মহানগৰীৰ পৰা। আৰক্ষী-প্ৰশাসনক অংগুষ্ঠ প্ৰদৰ্শন কৰি গঢ়ি উঠা মোবাইল চোৰৰ নেটৱৰ্ক সুদূৰ পশ্চিম বংগৰ মালদালৈকে বিস্তাৰিত হৈ থকাৰ তথ্য পোহৰলৈ আহিছে।

দীৰ্ঘদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত মোবাইল চুৰি কাৰ্য বৃদ্ধি পাই অহাৰ সময়তেই ফাদিল হৈছে মোবাইল চুৰিৰ লগত জড়িত একাধিক গুৰুত্বপূৰ্ণ তথ্য৷ বেলতলাস্থিত অজিত বৰদলৈ নামৰ লোকজনৰ চুৰি হোৱা মোবাইল উদ্ধাৰ কাৰ্যই উন্মোচন কৰিছে বাস্তৱ সত্য।

প্ৰাপ্ত তথ্য অনুসিৰ বিগত বৰ্ষৰ ৭ ডিচেম্বৰত লখৰা সাওকুছি বজাৰত উক্ত ব্যক্তিগৰাকীৰ Honour 3 plus নামৰ মোবাইলটো চুৰি হয়। লগে লগে লোকজনে হাতীগাঁও থানাত গোচৰ ৰুজু কৰে। হাতীগাঁও থানাৰ পৰা তেওঁ এই ক্ষেত্ৰত কোনো ধৰণৰ সঁহাৰি লাভ নকৰাত ১৩ ডিচেম্বৰত Special Task Forceৰ ADGP এছ এন সিঙক এখন এজাহাৰ দাখিল কৰে।

২ জানুৱাৰীত Special Task Force-এ মোবাইলৰ IMEI নম্বৰ অনুসৰণ কৰি মোবাইলটো ৱেষ্ট বেংগলৰ লক্ষীপুৰ জিলাৰ মালদাত আছে বুলি নিশ্চিত হৈ বেংগল আৰক্ষীত সহযোগত ১০ জানুৱাৰীত মোবাইলটো পশ্চিম বংগৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয। Special Task Forceৰ ADGP এছ এন সিং, Sub-Inspector দীপালী বৰুৱা আৰু বাবলী বেগমে এই ক্ষেত্ৰত গ্ৰহণ কৰা বিশেষ ত९পৰতাত চুৰি মোবাইলটো উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়।

প্ৰায় দুমাহৰ অন্তত চুৰি হোৱা মোবাইলটো লাভ কৰি উৎফুল্লিত হৈ পৰিছে অজিত বৰদলৈ। তেওঁ অসম আৰক্ষীক ধন্যবাদ জনোৱাৰ লগতে অনাগত দিনসমূহতো আৰক্ষী বিভাগে এনেদৰে ৰাইজৰ সেৱা কৰি যাবলৈ সমৰ্থ হ'ব বুলি আশা প্ৰকাশ কৰে।