ডিজিটেল ডেস্কঃ বিদেশত নিজ দেশৰ সকলো বিষয় কিয় কব লাগে বুলি বিজেপিয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ সময়তে এইবাৰ   লণ্ডনত দেশৰ প্ৰধানমন্ত্ৰীয়ে এ-পৰা জেডলৈ সকলো মনৰ কখা খুলি কলে৷ বিৰোধীক তুলাধুনা দি সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা বাক বোমা নিক্ষেপ কৰিলে মোডীয়ে৷ 

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয় বিশেষ ভ্ৰমণ সূচী লৈ লণ্ডনত উপস্থিত হৈ ‘ভাৰত কী বাত-সব কা সাথ’ শীৰ্ষক এক অনুষ্ঠানত অংশ লয়৷ লণ্ডনৰ বিখ্যাত ৱেষ্টমিনষ্টাৰ ভৱনত প্ৰবাসী ভাৰতীয়ৰ উপস্থিতিত বুধবাৰে প্ৰধানমন্ত্ৰীয়ে চৰকাৰ, দেশ, সমাজ আৰু ব্যক্তিগত জীৱনক লৈ সোধা বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে৷ প্ৰায় দুঘন্টা জোৰা অনুষ্ঠানৰ আঁত ধৰে বিশিষ্ট সংগীতজ্ঞ প্ৰচুন যোশীয়ে৷

অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে চৰকাৰৰ প্ৰতিবন্ধকতা, উন্নয়ন আৰু বিকাশ সম্পৰ্কে ভাৰতীয়সকলক অৱগত কৰে৷ নিজৰ জীৱনৰ বিষয়ে কবলৈ গৈ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজৰ লালসাবিহীন জীৱনটোও উপস্থিতসকলৰ সন্মুখত দাঙি ধৰে৷ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পৰা ৰাষ্ট্ৰৰ প্ৰধান হোৱালৈকে নিজৰ গাত কিদৰে কালিমা নসনাকৈ বিৰোধীপক্ষক সদায় দুৰ্বল কৰি আহিছে এই বিষয়েও তেওঁ আলোকপাত কৰে৷

 
বুধবাৰে লণ্ডণৰ ৱেষ্টমিনষ্টাৰ হলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজক গৰীৱৰ সন্তান বুলি কৈ সদায় ভাৰতৰ গৰীৱ জনসাধাৰণৰ হকে কাম কৰি যাবলৈ প্ৰতিজ্ঞাবদ্ধ বুলি কয়৷ অনুষ্ঠানৰ প্ৰথমতেই প্ৰচুন যোশীয়ে বৰনগৰ ষ্টেচনৰ পৰা লণ্ডনৰ ৰয়েল পেলেচলৈ নৰেন্দ্ৰ মোডীৰ যাত্ৰা শীৰ্ষক পৰিচয়ৰ পিছতে প্ৰধানমন্ত্ৰী কয়- ‘‘মই এতিয়াও ৰেল লাইনৰ নৰেন্দ্ৰ মোডী৷ কিন্তু ৰয়েল পেলেচৰ দৰে ১২৫ কৌটি জনতাৰ প্ৰধান সেৱক নৰেন্দ্ৰ মোডী৷’’

অনুষ্ঠানত প্ৰচুন যোশীয়ে দেশৰ জনতাৰ আশা আৰু অপেক্ষাৰ কাৰণ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়- ‘‘জনতাই আমাক লৈ আশা এইকাৰণেই কৰে, কাৰণ তেওঁলোকে আমাক ভৰষা কৰে৷ তেওঁলোকে জানে যে আমি কিবা এটা ভাল কৰি আছো৷ তেওঁলোকৰ হকে চিন্তা কৰিছোঁ৷ যিদিনাই তেওঁলোকে আমাক লৈ কৰা আশাসমূহ তেওঁলোকৰ মনৰ পৰা নোহোৱা হৈ যাব সিদিনাই আমি জানিম এই দেশক আৰু আমাৰ প্ৰয়োজন নাই৷’’ 

কি কলে মোডীয় টু-দ্যা-পইণ্ট জানকঃ

♦ধৰ্ষণ ঘৃণনীয়, অভিভাৱকে পুত্ৰক সংযমী হ’বলৈ জ্ঞান দিয়ক
♦মোৰ ভুল হ’ব পাৰে, অসৎ উপায়েৰে ভুল নকৰো
♦৩ লাখ গাঁৱত শৌচালয় নিৰ্মাণ সম্পুৰ্ণ কৰিছো
♦চাৰ্জিকেল ষ্ট্ৰাইক কৰি পাকিস্তানৰ বিৰুদ্ধে আমি পাৱাৰ দেখুৱালো
♦পাকিস্তানক শিক্ষা দিছো আমি
♦শক্তিহীন পাকিস্তানে পাছফালৰ পৰা আক্ৰমণ কৰে 
♦কন্যাক ঘৰলৈ দেৰিকৈ অহাৰ কথা সোধাৰ লগতে পুত্ৰই কি কৰিছে জনাৰ চেষ্টা কৰক
♦আজি জনগণ–চৰকাৰৰ মাজৰ দূৰত্ব কমিছে  
♦ভাৰতৰ মূল শক্তি জনগণ
♦সমগ্ৰ দেশেই মোৰ ঘৰ
♦দেশৰ সুৰক্ষাৰ বাবে মই প্ৰযোজন হলে ইৰাক, আৰৱক যাব পাৰো
♦বাংলাদেশত আশ্ৰয় লোৱা ৰোহিংগীয়াক ভাৰতে সহায় কৰিছে
♦মই কিতাপ পঢ়ি দৰিদ্ৰৰ বিষয়ে জানিব লগা হোৱা নাই 
♦দৰিদ্ৰতাৰ অভিজ্ঞতা মই তেতিয়াই লাভ কৰিছো
♦মোৰ কোনো নিজস্ব সম্পত্তি নাই
♦বিমূদ্ৰাকৰণৰ সময়ত দেশবাসীক মই আশা কৰিছিলো
♦দেশৰ প্ৰায় ১৮ হাজাৰ গাঁৱত নতুনকৈ বিদ্যুৎৰ সংযোগ সম্পূৰ্ণ হৈছে

বহু লোকৰ প্ৰশ্নৰ উত্তৰ হিচাপে নিজৰ লক্ষ্যৰ কথা মোডীয়ে কয়- ‘সেই সময় আৰু বৰ্তমানৰ মাজত বহু পাৰ্থক্য আছে, নীতি, লক্ষ্যস্থান, ব্যৱহাৰ সৰল আৰু সৎ হ’লে বিচৰা ফল পােৱা যায়৷ বুৰঞ্জীয়ে কয় আমি কাৰো ভূমি আজিলৈ লোৱা নাই, কিন্তু পাৰ্থক্য আৰু তুলনাৰ আৱশ্যকতা আছে৷ চৰিত্ৰ পৰিস্কাৰ হ'লে পৰিৱৰ্তন সম্ভৱ৷

ইফালে অনুষ্ঠানত জন-আন্দোলনৰ দ্বাৰাহে দেশৰ বিকাশ সম্ভৱ হ’ব বুলি মন্তব্য কৰে মোডীয়ে৷ তেওঁ কয় যে কেৱল চৰকাৰে দেশৰ বিকাশ সম্ভৱ কৰি তুলিব নোৱাৰে৷ বিকাশৰ বাবে দেশৰ সকলো নাগৰিকে একগোট হৈ আগবাঢ়ি যাব লাগিব বুলি উল্লেখ কৰি মোড়ীয়ে দেশৰ জনতাক মহাত্মা গান্ধীৰ স্বাধীন ভাৰতৰ বাবে গঢ়ি তোলা আন্দোলনক অনুসৰণ কৰি বিকাশৰ স্বাৰ্থত আন এক জন-আন্দোলন গঢ়ি তুলিবলৈ অনুৰোধ জনায়৷

কাঠুৱাৰ গণ ধৰ্ষণ সম্পৰ্কে প্ৰধানমন্ত্ৰীৰ অৱস্থিতি জানিবলৈ সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘‘ধৰ্ষণ সঁচাই দুৰ্ভাগ্যজনক৷ কাঠুৱাৰ এগৰাকী ৮ বছৰীয়া কন্যাৰ গণ ধৰ্ষণৰ পিছত বিৰেধী দলে মোক জগৰীয়া কৰিবলৈ চেষ্টা কৰিছিল৷’’ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ধৰ্ষণক লৈ ৰাজনীতি নকৰিবলৈ বিৰোধী দলক সকীয়নি প্ৰদান কৰে৷

বুধবাৰৰ ‘দেশ কী বাত-সব কা সাথ’ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশত প্ৰৱৰ্তন কৰা আয়ুস্মান যোজনাৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ কয় আয়ুস্মান যোজনাৰ জৰিয়তে দেশৰ প্ৰায় ৫০ লাখ গৰীৱ জনতাই বিভিন্ন সুবিধা লাভ কৰিছে৷ অতি কম মূল্যত দৰৱ আদি লাভ কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত সৌভাগ্য যোজনা, উজ্জ্বলা যোজনা, স্কিল ডেভলপমেন্ট আদি কেইবাখনো যোজনাৰ কথা উল্লেখ কৰে৷ মুঠতে তেওঁক সোধা বিভিন্ন প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে নিজৰ চৰকাৰখনে চাৰি বছৰত কৰা কামৰ খতিয়ান সমূহ দাঙি ধৰিবলৈ হে চেষ্টা কৰা দেখা যায়৷ 

ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানক লৈ ভাৰতৰ অৱস্থিতি সন্দৰ্ভত প্রধানমন্ত্ৰীগৰাকীয়ে কয়, পাকিস্তানে নিতৌ বহু নিৰীহক হত্যা কৰি আছে৷ নিজৰ দেশত সন্ত্ৰাসবাদৰ ঘাটি স্থাপন কৰি তাৰ বিষবাস্প ভাৰতলৈও চটিয়াই আছে৷ ভাৰতৰ সৈতে মুখামুখি যুদ্ধ কৰিবলৈ শক্তি নথকা বাবেই সন্ত্ৰাসবাদেৰে ভাৰতত আতংক সৃষ্টি কৰিব বিচাৰিছে৷ কিন্তু এতিয়া ভাৰতে সিহঁতৰ ভাষাৰেই প্ৰত্যুত্তৰ দিব৷ 

লণ্ডনত বুধবাৰে অনুষ্ঠিত ‘ভাৰত কী বাত, সব কা সাথ’ শীৰ্ষক অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশ লোৱাৰ পূৰ্বে বৃটেইনৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে৷ তদুপৰি নিশা ৰাণী এলিজাবেথক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰীয়ে দুয়োখন ৰাষ্ট্ৰৰ অৰ্থনৈতিক উন্নয়ন সন্দৰ্ভত আলোচনা কৰে৷