ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনত শাসক-বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। নতুন নতুন ৰণকৌশল প্ৰস্তুত কৰি বিজেপি আৰু কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে। 

কৰ্ণাটকৰ শাসন ভাৰ বিজেপিয়ে হস্তগত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১ মে’ৰ পৰা কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰত পূৰ্ণদ্যমে নামি পৰিছে। মোডীয়ে ৰাজ্যখনৰ কেইবাখনো জনসভাত অংশ লৈ কংগ্ৰেছৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ চলাই আছে। 

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে ‘নমো এপ’ৰ জৰিয়তে কৰ্ণাটকৰ বিজেপি মহিলা মৰ্চাৰ সতে কথোপকথন চলায়। মোডীয়ে বিজেপি মহিলা মৰ্চাক সম্বোধন কৰি বিজেপিয়ে সংসদত সক্ষম মহিলাসকলক ঠাই দিছে বুলি উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে বিজেপি কৰ্মকৰ্তা আৰু পদাধিকাৰসকলক ভোট কেন্দ্ৰ সমূহত বিজেপিক জয়যুক্ত কৰাবলৈ উঠি পৰি লাগিবলৈ নিৰ্দেশ দিয়ে। আনহাতে প্ৰধানমন্ত্ৰীয়ে মহিলাসকলৰ নেতৃত্বতে দেশৰ বিকাশ সম্ভৱ হৈছে বুলিও মন্তব্য কৰে।  

নমো এপৰ জৰিয়েত প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছক কটাক্ষ কৰি কয় যে এইবাৰ নিৰ্বাচনত কংগ্ৰেছৰ মুখা খোল খাব। ‘‘আমি বেটী বচোৱা, বেটী পঢ়োৱা অভিযানৰ আৰম্ভ কৰিছো৷ আমাৰ দেশ মহিলাসকলৰ বিকাশৰ পৰা মহিলাসকলৰ নেতৃ্ত্বলৈ অগ্ৰসৰ হৈ গৈ আছে৷ আমাৰ দলেও মহিলাসকলৰ বিকাশতে বিশ্বাস কৰে৷’’- প্ৰধানমন্ত্ৰীয়ে বিজেপি মহিলা মৰ্চাক সম্বোধন কৰি এই মন্তব্য কৰে৷ 

ইফালে মোডীয়ে শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা কৰ্ণাটকৰ নিৰ্বাচনী জনসভাত অংশ লৈ মহিলাসকলৰ বিকাশৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰিব৷

তদুপৰি মোডীয়ে জনসভাত বিজেপিৰ মহিলা সদস্যসকলে সোধা বিভিন্ন প্ৰশ্নৰ পোনপোটীয়া উত্তৰ দিব৷ মোডীয়ে বৃহস্পতিবাৰে কৰ্ণাটকৰ তিনিখন জনসভাত অংশ লৈ নিৰ্বাচনী প্ৰচাৰ চলায়৷

মোডীয়ে কৰ্ণাটক নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ২১ খন জনসভাত অংশ ল’ব৷ কৰ্ণাটকৰ বৰ্তমানৰ কংগ্ৰেছ শাসনৰ অন্ত পেলাই বিজেপিৰ শাসন গঢ়িবলৈ মোডী আৰু বিজেপি দলে পূৰ্ণ প্ৰস্তুতিৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে৷