নতুন দিল্লীঃ প্ৰথম বিশ্বযুদ্ধত নিহত সৈনিকসকলক দেওবাৰে সমগ্ৰ বিশ্বই স্মৰণ কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও এই বিশ্ব যুদ্ধত নিহত হোৱা ভাৰতীয় সৈনিকসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধঞ্জলি জ্ঞাপন কৰে৷

উল্লেখ্য যে প্ৰথম মহাসমৰত ব্ৰিটেইনৰ হৈ যুদ্ধ কৰা সৈনিকসকলৰ আত্মবলিদানক প্ৰধানমন্ত্ৰী মোডীয়ে ‘শান্তিৰ বাবে’ নিজকে উৎসৰ্গা কৰা বুলি টুইটাৰত প্ৰকাশ কৰে৷ 

প্ৰথম বিশ্ব যুদ্ধত ব্ৰিটেইনৰ হৈ ১৫ লাখ ভাৰতীয় সৈনিকে অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰে কেইবাহাজাৰ সৈনিকে মৃত্যুবৰণ কৰিব লগা হৈছিল৷ 

১৯১৪ চনৰ ২৮ জুলাইত অষ্ট্ৰিয়াই বেলগ্ৰেডৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পাছতেই ৰাছিয়াই অষ্ট্ৰিয়াৰ বিৰুদ্ধে সেনাৰ সঞ্চালন কৰে৷ ইয়াৰ এমাহৰ পাছত অষ্ট্ৰিয়াৰ মিত্ৰদেশ জাৰ্মানীয়েও নিজ সৈন্যক যুদ্ধত অৱতীৰ্ণ কৰায়৷ ইফালে ৰাছিয়াৰ মিত্ৰদেশ ফ্ৰান্সেও যুদ্ধত নিজকে জড়িত কৰে৷ জাৰ্মানীয়ে   ৰাছিয়া আৰু ফ্ৰান্সৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে৷ ফ্ৰান্স আৰু ৰাছিয়াৰ মিত্ৰদেশ ব্ৰিটেইনে লগে লগে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে৷ এনেদৰেই সমগ্ৰ বিশ্বলৈ প্ৰথম মহাসমৰৰ লেলিহান শিখা বিয়পি পৰে৷