![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/Narendra_Modi_PTI.jpg?itok=Nvk1u5Ov)
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ গোৰক্ষাৰ নামত এটা নিৰ্দিষ্ট ধৰ্মালম্বী সম্প্ৰদায়ক লৈ চলা সন্ত্ৰাসৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও আজি টুইটযোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
বিজেপি দলৰ অধ্যক্ষ অমিত শ্বাহে মাহাত্মা গান্ধীক চতুৰ বনিয়া আখ্যা দি জাতিৰ পিতা গান্ধীক অপমান কৰিলেও একেজন পিতাৰে দোহাই দি মোদীয়ে গো-সন্ত্ৰাস সম্পৰ্কত ‘মন কী বাত’ টুইটযোগে ৰাজহুৱা কৰিছে।
গোভক্তিৰ নামত হত্যা কোনোমতেই গ্ৰহণযোগ্য নহয়। ই এনে এটা কাম যিটো গান্ধীয়ে কেতিয়াও অনুমতি নিদিলেহেঁতেন। ভাৰত মহাত্মা গান্ধীৰ দেশ বুলি আমি পাহৰি যোৱা বুলিও আক্ষেপ কৰে মোদীয়ে।
"গোৰক্ষাৰ নামত চলা হত্যা-হিংসা-বিদ্বেষ দেখি নিশ্চয়কৈ চতুৰ বণিয়া বোলাতকৈও বেছি আঘাত পালেহেঁতেন গান্ধীয়ে।"- কোনো জনৈক টুইটাৰ ইউজাৰে মোদীৰ টুইটৰ প্ৰত্যুত্তৰত লিখিছে।
উল্লেখ্য যে অলপতে গোমাংস কঢ়িওৱাৰ সন্দেহত জুনাইড খান নামৰ যুৱকজনৰ নৃশংস হত্যাকাণ্ডই সমগ্ৰ দেশ কঁপাই তুলিছিল।
হত্যাৰ প্ৰতিবাদত ২৮ জুনত হাজাৰ হাজাৰ লোকে দেশৰ দহখনৰে অধিক প্ৰমুখ চহৰত Not In My Name¸ Stop Cow Terrorism শীৰ্ষক এক প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে। তাৰ পিছতে আজি মোদীৰ এই মন্তব্য তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।