পৃথিৱী ঘূৰণীয়া, সূৰ্য এটা নক্ষত্ৰ, চন্দ্ৰ এটা উপগ্ৰহ, সূৰ্য পৃথিৱীৰ আটাইতকৈ কাষত থকা এটা নক্ষত্ৰ এইসমূহ কথা প্ৰাথমিক বিদ্যালয়ত ভৰি দিয়াৰ আগতেই এটা শিশুৱেও ক’ব পাৰিব। কিন্তু এদিন এই কথা আমি জনাৰ আঁৰত সোমাই আছে একো একোজন বিজ্ঞানীৰ শ্ৰম আৰু ত্যাগ। পৃথিৱীক ঘূৰণীয়া বুলি প্ৰমাণ কৰিবলৈ গৈ প্ৰাণৰ প্ৰতিও ভাবুকি আহিছিল একোজন বিজ্ঞানীৰ। কিন্তু বিজ্ঞানীয়ে সেই কথাক প্ৰমাণ কৰি দেখুৱালে। আমি মানিবলৈ বাধ্য হ’লো, হয় বিজ্ঞানীৰ কথাই সত্য। এতিয়া আপোনাক যদি কোনোৱে কয় যে পৃথিৱী চাৰিকোণীয়া তেন্তে আপুনিও কোনো কাৰণতে সেই কথা মানি ল’ব নোৱাৰে।

বিজ্ঞানে বহু আগবাঢ়িছে। বিজ্ঞানীয়ে কেৱল পৃথিৱীতেই গৱেষণা চলাইছে তেনে নহয়। পৰিধি ভাঙি মহাকাশতো বিজ্ঞানীয়ে প্ৰতিনিয়ত গৱেষণা চলাইছে। পৃথিৱীত দিন-ৰাতি কিয় হয়, বতৰ কেনেকৈ সলনি হয়, সময় কেনেদৰে গণনা কৰা হয়, পৃথিৱীত জীৱৰ উৎপত্তি কেনেদৰে হৈছিল এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ বিজ্ঞানীৰ গৱেষণাৰেই ফচল। শেহতীয়াকৈ বিজ্ঞানীয়ে চন্দ্ৰৰ দক্ষিণ মেৰুতো অভিযান আৰম্ভ কৰিলে।

প্ৰতিটো ভ্ৰমণ কাহিনীৰেই যেনেদৰে এটা নিৰ্দিষ্ট গন্তব্যস্থান থাকিব বুলি কথা নাথাকে তেনেদৰে বিজ্ঞানৰ গৱেষণা সমূহৰো এটা সুনিৰ্দিষ্ট পৰিধি নাই। বিজ্ঞানৰ এই বিকাশ যাত্ৰাৰ কাহিনীও সহজ নহয়। এটা সময় আছিল বিজ্ঞানে প্ৰযুক্তিৰ হাতত ধৰি আগবাঢ়িবলৈ তাহানি বৰ বিশেষ সক্ষমো নাছিল। তেতিয়া পৃথিৱী ঘূৰণীয়া এই বিষয়টো মাত্ৰ কেইজনমান অতি মানৱে বিভিন্ন যুক্তিৰ ভিত্তিত কোৱা তত্ব আছিল। পৃথিৱী গোলাকাৰ বুলি কোৱাৰ বাবেই মৃত্যুদণ্ডৰো আদেশ দিয়া হৈছিল। শেহতীয়াকৈ ভাৰতে চন্দ্ৰলৈ যান পঠিওৱাৰ পাছতে এইসমূহ বিষয় চৰ্চালৈ আহিছে। ২০২৩ চনৰ জুলাই মাহত কেথলিক চাৰ্ছে তেওঁলোকে অতীতত কৰা ভুলৰ বাবে ক্ষমা বিচাৰিছে। পৃথিৱী ঘূৰণীয়া বুলি কোৱাৰ বাবেই বিজ্ঞানীক হত্যা কৰাৰ অপৰাধত ক্ষমা বিচাৰিছে কেথলিক চাৰ্ছে। বিজ্ঞানৰ সফলতাৰ কাহিনীৰ আঁৰত লুকাই থকা বিজ্ঞানী একোজনৰ অৱদানক স্বীকাৰ কৰাটো প্ৰত্যেকৰে কাম্য।

প্রথম কাহিনীঃ চহৰৰ মাজমজিয়াত জীৱন্তে জ্বলাই দিয়া হৈছিল জিঅ’ৰ্দানো ব্ৰুণোক 

১৭ ফেব্ৰুৱাৰী, চন ১৬০০। সময় সন্ধিয়া। সেইদিনা চহৰত পুৱাৰে পৰাই উৎসৱমুখৰ পৰিবেশ। চহৰখনৰ মাজেৰে বৈ যোৱা টাইবাৰ নদীৰ পাৰত নিৰ্মিত এটা বিশাল অট্টালিকাৰ খুটাত জিঅ’ৰ্দানো ব্ৰুণোক বান্ধি ৰখা হৈছিল। ৪বছৰ ধৰি চলা দীঘলীয়া মোকৰ্দমাৰ পিছত চাৰ্ছে ৰায় দিছিল। ব্ৰুণোৰ বিৰুদ্ধে আছিল বাইবেল আৰু গীৰ্জাৰ বিৰুদ্ধে তেওঁৰ গ্ৰন্থত কেইবাটাও কথা উল্লেখ কৰাৰ অভিযোগ। 

তেওঁ লিখা গ্ৰন্থই জনমানসৰ গীৰ্জাৰ প্ৰতি অবিশ্বাসৰ সৃষ্টি কৰিব আৰু সমাজত বিচ্ছৃংখলতা বিয়পাব বুলি ৰায় দিয়ে গীৰ্জাই। ধৰ্মৰ বিৰুদ্ধাচৰণ কৰা আৰু সমাজত বিচ্ছৃংখলতা বিয়পোৱাৰ বাবে তেওঁক মৃত্যুদণ্ডৰ শাস্তি বিহা হয়। মৃত্যুদণ্ড ফাঁচীৰ সলনি চহৰৰ মাজমজিয়াত তেওঁক জীৱন্তে জ্বলাই দিয়াৰ সিদ্ধান্ত লয় গীৰ্জাই। ইটালীৰ মাজ ৰাস্তাত এজন বিজ্ঞানীক সেইদিনা জ্বলাই দিয়া হ’ল। তেওঁৰ অপৰাধ এয়াই যে তেওঁ বিজ্ঞানমনস্কতাৰে এখন গ্ৰন্থ লিখিছিল। 

জিঅ’ৰ্দানো ব্ৰুণোয়ে ১৫৪৮ চনত ইটালীৰ নেপ’লছৰ এখন সৰু চহৰ নোলাত জন্ম গ্ৰহণ কৰিছিল। জ্যোতিৰ্বিজ্ঞান বিষয়ত তেঁও সেই সময়তেই যথেষ্ট গৱেষণা কৰিছিল। কিন্তু তেওঁৰ এই গৱেষণা আৰু আগনাবাঢ়িল। কাৰণ তেওঁ প্রথমখন গৱেষণামূলক গ্ৰন্থত লিখিছিল, 'মহাকাশ পৃথিৱীৰ কেন্দ্ৰ নহয়। সূৰ্যহে কেন্দ্ৰ। আৰু পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থাকে। ইফালে চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে। পৃথিৱী চাৰিকোণীয়া বুলি ভৱা ধাৰণাটো ভুল। পৃথিৱী ঘূৰণীয়া। জ্যোতিৰ্বিজ্ঞানেই এটা মৌলিক ভেটি যিয়ে আমাৰ মনক আধুনিক কৰি বৈজ্ঞানিক সফলতাৰ দিশেৰে আগুৱাই নিব পাৰে।’ ইয়াৰ পিছতেই ধৰ্মযাজকসকলৰ ৰোষত পৰি চিৰদিনলৈ হেৰাই গৈছিল বিজ্ঞানজগতৰ আৰম্ভণিৰ দিনবোৰৰ এক উজ্জ্বল প্ৰতিভা।

দ্বিতীয় কাহিনীঃ ১০০ বছৰ ধৰি গীৰ্জাৰ তলত সমাধিস্থ কৰি ৰখা কিতাপখন

ইটালীৰ বিজ্ঞানী জিঅ’ৰ্দানো ব্ৰুণোতকৈ ৭৫ বছৰ আগতে নিকোলাই ক’পাৰনিকাছেও একেটা কথাকেই কৈছিল। কিন্তু ক’পাৰনিকাছে যি চন্দ্ৰ, সূৰ্য আৰু গ্ৰহৰ কথা কৈছিল সেইসমূহক গীৰ্জাই প্ৰচাৰ চলাবলৈ দিয়া নাছিল। ক’পাৰনিকাছৰ কথাবোৰক লৈ গীৰ্জাই কৈছিল যে, চন্দ্ৰ, সূৰ্য, পৃথিৱী সকলো ঈশ্বৰেই সৃষ্টি কৰিছে। 

সভ্যতাৰ বিকাশৰ লগে লগেই মানুহৰ কৌতুহলী মনটোৱে জানিব বিচাৰিছিল চন্দ্ৰ, পৃথিৱী, সূৰ্যৰ কাহিনী। দিন-ৰাতিৰ হিচাপ। কিন্তু বলপূৰ্বকভাৱে সেই সময়ত মানুহক ধাৰণা দিয়া হৈছিল, মহাকাশেই পৃথিৱীৰ কেন্দ্ৰ, সূৰ্যহে পৃথিৱীৰ চাৰিওফালে ঘূৰি আছে। সেই সময়ত বাইবেলত লিখা এইসমূহ কথাক কোনোবাই অমান্য কৰিলেও তেওঁক ধৰ্মৰ বিৰুদ্ধাচৰণ কৰা বুলি শাস্তি দিয়া হৈছিল। সেই সময়ত বলপূৰ্বকভাৱে গীৰ্জাই জ্ঞানৰ চৰ্চা কেন্দ্ৰ, বাইবেলেই সকলো গ্ৰন্থৰ ওপৰত বুলি এটা ধাৰণা দিবলৈ যত্ন কৰা হৈছিল।

কিন্তু সেই সময়তো এজন যুৱকে এই চিন্তাৰ বিৰুদ্ধাচৰণ কৰছিল। ক’পাৰনিকাছ নামৰ যুৱকজনে কৈছিল, 'সকলো ঈশ্বৰৰ সৃষ্টি কথাটোক মই নহয় বুলি নক’লেও সূৰ্য ঘূৰি আছে কথাটোত একমত হ’ব নোৱাৰো। এয়া সত্য নহয়। ইয়াৰ ওপৰত গৱেষণাৰ প্ৰয়োজন আছে।’ যিহেতু ক’পাৰনিকছৰ গীৰ্জাৰ সৈতে এটা ভাল সম্পৰ্ক আছিল, সেয়েহে তেওঁক শাস্তি দিয়া হোৱা নাছিল। কিন্তু তেওঁ লিখি উলিওৱা Commentariolus  নামৰ গ্ৰন্থখন আহিবলগীয়া এশ বছৰৰ বাবে নিষিদ্ধ কৰা হৈছিল। গীৰ্জাই মহাকাশ বিজ্ঞানৰ ওপৰত যাতে আৰু কোনো গৱেষণা নচলাই তাৰবাবে ক’পাৰনিকাছক সকিয়াই দিছিল।

ক’পাৰনিকাছৰ সেই গ্ৰন্থ তেওঁ প্ৰাৰ্থনা কৰিবলৈ যোৱা বিশেষ গীৰ্জাতেই লুকুৱাই ৰখা হয়। যাতে এই গ্ৰন্থ আৰু কোনোৱে পঢ়িব নোৱাৰে। ৭৫ বছৰলৈকে কোনোৱে এই গ্ৰন্থ গীৰ্জাৰ পৰা আনি পঢ়িবলৈ সাহস গোটাব নোৱাৰিলে। পৰবৰ্তীসময়ত ৭৫ বছৰ পাছত ক’পাৰনিকাছৰ এই গ্ৰন্থ জিঅ’ৰ্দানো ব্ৰুণোৱে দেখি কৌতুহল দমাই ৰাখিব নোৱাৰিলে। ব্ৰুণোৱে মনে মনে কোপাৰনিকাছৰ সেই গ্ৰন্থ চুৰ কৰি আনে। ঘৰতো যিহেতু ধৰ্মৰ উৰ্দ্ধত গৈ কোনোৱে তেওঁক সমৰ্থন নিদিয়ে সেয়ে মনে মনে ব্ৰুণোয়ে সেই গ্ৰন্থ পঢ়িবলৈ আৰম্ভ কৰে। ক’পাৰনিকাছৰ সেই গ্ৰন্থ পঢ়াৰ পাছতেই ব্ৰুণৰ ব্যতিক্ৰমী মনটো অধিক সক্ৰিয় হৈ পৰে। ব্ৰুণোৱে মমবাতিৰ পোহৰত  নিশা নিশা সেই গ্ৰন্থ পঢ়িছিল। গ্ৰন্থখন পঢ়ি শেষ হোৱাৰ পাছতেই ব্ৰুণোয়ে ক’পাৰনিকাছে কৈ যোৱা পৃথিৱী, চন্দ্ৰ, সূৰ্যৰ কথাবোৰক প্ৰমাণ কৰিবলৈ উদগ্ৰীৱ হৈ পৰিল। তেওঁ সেই কৌতুহল মনতে সামৰি ৰাখিব নোৱাৰি গৱেষণা আৰম্ভ কৰে।

কেইবাবছৰ ধৰি জিঅ’ৰ্দানো ব্ৰুণোৱে ছাদত বহি বহি বিষয়টোক লৈ চিন্তা কৰিবলৈ ধৰিলে। দূৰবীণৰ সহায়ত চন্দ্ৰ, সূৰ্যক নিৰীক্ষণ কৰি থাকিবলৈ ল’লে। ক’পাৰনিকাছৰ কথাই তেওঁৰ মন-মগজুত প্ৰতি সময়তে ক্ৰিয়া কৰি থাকিবলৈ ধৰিলে। এনেকৈ ২০ বছৰ ধৰি ব্ৰুণোৱে অকলেই গৱেষণা চলাই থাকিল। সূৰ্য, পৃথিৱী আৰু চন্দ্ৰৰ ওপৰত অধ্যয়ন কৰি প্ৰমাণ কৰিলে যে চন্দ্ৰ পৃথিৱীৰ চাৰিওফালে ঘূৰি আছে। পৃথিৱীক সূৰ্যই প্ৰদক্ষিণ কৰা নাই, পৃথিৱীয়েহে সূৰ্যৰ চাৰিওফালে ঘূৰি আছে। এই কথা প্ৰমাণ কৰি দিয়াৰ বাবেই এই পৃথিৱীত জীয়াই থকাৰ অধিকাৰ হেৰুৱালে ব্ৰুণোৱে। 

জেমছ জয়েছে ১৯৩৯ চনৰ তেওঁৰ উপন্যাস 'Finnegans Wake’ত ব্ৰুনোৰ আৱিষ্কাৰ আৰু মৃত্যুদণ্ডৰ সমূহ কথা বৰ্ণনা কৰিছে। জয়েছে লিখিছে, 'সঁচাকৈ কবলৈ গ'লে, মহাকাশৰ কেন্দ্ৰ সূৰ্য নে পৃথিৱী সেই বিষয়ে গীৰ্জাৰ কোনো সমস্যা নাছিল। ভয়টো আছিল যে বাইবেলত যি লিখা হৈছিল সেয়া ভুল প্ৰমাণিত হ'ব বুলিহে। পৃথিৱীৰ উত্তৰ প্ৰান্তত থকা ৰোমান কেথলিক গীৰ্জাৰ ক্ৰমবৰ্ধমান প্ৰভাৱ বিশ্বতে পৰিবলৈ আৰম্ভ হোৱাৰ সময়ত বিজ্ঞানীৰ এনে প্ৰচাৰ সঠিক নহয়। 

বাইবেলত লিখা কথাই পৃথিৱীৰ প্ৰথম আৰু শেষ সত্য হিচাপে মানুহৰ মাজত উপস্থাপন কৰাৰ বাবে ৰোমান কেথলিক চাৰ্ছে সেইসময়ত কাম কৰি আছিল। তেনে সময়ত বৈজ্ঞানিকৰ আৱিষ্কাৰবোৰে বাইবেলক ভুল বুলি প্ৰমাণ কৰি দিছিল। গীৰ্জাৰ একচেটিয়া অধিকাৰ বজাই ৰাখিবলৈ, এই আৱিষ্কাৰৰ কথাবোৰ সাধাৰণ লোকৰ ওচৰলৈ নাযাওক বুলিয়েই বিজ্ঞানীকেই হত্যা কৰিছিল ধৰ্মৰ লগত জড়িত ব্যক্তিয়ে।’  

তৃতীয় কাহিনীঃ ক্ষমা বিচাৰিও কাৰাগাৰত গেলিলিঅ'

জিঅ’ৰ্দানো ব্ৰুণোৰ পিছত, আন এজন জ্যোতিৰ্বিজ্ঞানী গেলিলিঅ’ গেলিলি। গেলিলিঅ’য়ো মহাকাশ বিজ্ঞান সন্দৰ্ভত গৱেষণা চলাই বহু কথাই প্ৰমাণ কৰি দেখুৱাই দিছিল। এই প্ৰমাণসমূহৰ বাবে তেৱোঁ গীৰ্জাৰ ক্ৰোধ আৰু সন্ত্ৰাসৰ বলি হৈছিল। গেলিলিঅ'ইয়ো ব্ৰুণো আৰু ক’পাৰনিকছৰ কিতাপ পঢ়ি মহাকাশ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হৈছিল। গেলিলিঅ’ৰ বিবেক আৰু যুক্তিয়ে কৈছিল যে ক’পাৰনিকাছ আৰু ব্ৰুনোই কৈ যোৱা কথাবোৰ সঁচা। প্ৰকৃতিৰ সকলোবোৰেই আপেক্ষিকতাবাদতত্ত্বৰ সৈতে গতিশীল। (এয়া আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ তত্ত্ব নাছিল।) গেলিলিঅ’ই কৈছিল, এটা বস্তুৱে আন এটা বস্তুক প্ৰভাৱিত কৰে। গ্ৰহবোৰৰ গতিয়েই হৈছে সময়, সময় হৈছে বতৰ, বতৰ হৈছে পৃথিৱী, পৃথিৱী হৈছে জীৱন, জীৱবোৰে চলাচল কৰি থাকে। এই সকলোবোৰ এনেদৰে সংযুক্ত যে এটা অংশৰ বিসংগতিয়ে আন অংশবোৰৰ দিশ আৰু প্ৰভাৱ সলনি কৰি দিব পাৰে।

গেলিলিঅ'ই কৈছিল যে, ঈশ্বৰৰ ভাষা হৈছে গণিত কিয়নো গণিতত যোগ, বিয়োগ, পূৰণ, হৰণ আছে। গণিতক বিভিন্নধৰণে পাতিব পাৰিব। গেলিলিঅ'ই সেই সময়ত নিজেই এটা দূৰবীণ নিৰ্মাণ কৰিছিল আৰু ইয়াৰ সহায়ত তিনি দশক ধৰি মহাকাশীয় কথাবোৰ অধ্যয়ন কৰিছিল। এই অধ্যয়নে গেলিলিঅ'ক ক’পাৰনিকাছ আৰু ব্ৰুণোৰ কথাই সত্য বুলি প্ৰমাণ কৰিবলৈ বাধ্য কৰাইছিল। গেলিলিঅ’ৰ এই গৱেষণাক কিন্তু তেতিয়াও গীৰ্জাই সহজভাৱে নল’লে। 

গীৰ্জাই তেওঁৰ বিৰুদ্ধে বহু বছৰ ধৰি মোকৰ্দমা চলাইছিল। গেলিলিঅ’ই গৱেষণা চলাই চলাই জীৱনৰ আধা বয়স পাৰ কৰাৰ পাছত যেতিয়া তেওঁ পৃথিৱী সম্পৰ্কীয় কথাবোৰ মুকলিকৈ প্ৰকাশ কৰিলে তেতিয়া তেওঁৰ বয়স হৈছিল ৬৩ বছৰ। তেওঁ সেই সময়ত মুক্তভাৱে বাইবেলত লিখা কথাবোৰ সঁচা নহয় বুলিও কয় যাৰ বাবে গীৰ্জাই তেওঁক ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ নিৰ্দেশ দিয়ে। ৰাজহুৱাভাৱে ক্ষমা খুজিলেহে তেওঁ কৰা ভুলৰ ক্ষমা কৰা হ’ব। গেলিলিঅ’ই কোনো কাৰণতে ক্ষমা খুজিবলৈ মান্তি নোহোৱাত তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। 


ফটোঃ ইটালীৰ গেলিলিঅ' মিউজিয়ামত সংৰক্ষণ কৰা ৰখা গেলিলিঅ'ৰ দূৰবীণ 

পাছলৈ কাৰাবাসৰ যন্ত্ৰণা সহ্য কৰিব নোৱাৰি অনিচ্ছাসত্ত্বেও গেলিলিঅ’ই ক্ষমা খোজে। গেলিলিঅ’ক ক’বলৈ বাধ্য কৰালে যে, তেওঁ কোৱা প্ৰত্যেকটো কথাই মিছা। বাইবেলত যি লিখা আছে সেয়াই সত্য। পৃথিৱীয়েই মহাকাশৰ কেন্দ্ৰ। তেওঁ ভুলতে এনে কথা কৈ লজ্জা অনুভৱ কৰিছে। গেলিলিঅ'ই ক্ষমা খুজিলে যদিও তেওঁক কাৰাগাৰৰ পৰা ওলাবলৈ আদেশ নিদিলে গীৰ্জাই। কাৰণ এটাই বিজ্ঞান মনস্কতাৰ প্ৰভাৱ যাতে তেওঁৰ পৰা অইন কাৰোবালৈ বিয়পি নাযায়। 

চতুৰ্থ কাহিনীঃ পৃথিৱীৰ প্ৰথম মহিলা জ্যোতিৰ্বিজ্ঞানীক হত্যা, পুথিভঁৰালত অগ্নিসংযোগ

পৃথিৱীৰ প্ৰথমগৰাকী মহিলা দাৰ্শনিক আৰু জ্যোতিৰ্বিজ্ঞানীৰ জন্ম ক’পাৰনিকছৰ ১২০০ বছৰ আগতে হৈছিল। ৩৫০ চনত আলেকজেন্দ্ৰিয়াত জন্ম হৈছিল হাইপেচিয়া নামৰ মহিলা বিজ্ঞানীগৰাকীৰ। তেওঁৰ পিতৃ গণিতজ্ঞ আছিল। হাইপতিয়াই তেতিয়াই কৈছিল যে, মহাকাশৰ কেন্দ্ৰ পৃথিৱী নহয় সূৰ্যহে। এই কথা কোৱাৰ বাবেই হাইপেচিয়াক হত্যা কৰা হ’ল। তেওঁৰ পুথিভঁৰালটোও জ্বলাই দিয়া হৈছিল যাতে গৱেষণাৰ কোনো তথ্য ৰৈ নাযায়। 

কিন্তু জ্বলাই দিলেও জ্ঞান শেষ নহয়। জ্ঞান ফিনিক্স পক্ষীৰ দৰে। মৃত্যুৰ পিছতো বাৰে বাৰে জন্ম হয় জ্ঞানৰ। বিজ্ঞানৰ কথাবোৰ কোৱাৰ বাবে যিসকলক এসময়ত জ্বলাই দিয়া হৈছিল, হত্যা কৰা হৈছিল তেওঁলোকক আজি পৃথিৱীয়ে সুঁৱৰিছে। তেওঁলোকক হত্যা কৰিও হাজাৰ হাজাৰ বছৰ পাছতো তেওঁলোকে কৈ যোৱা কথাবোৰ বাইবেলে মিছা প্ৰমাণিত কৰিব নোৱাৰিলে। তেওঁলোকৰ গৱেষণা সত্য আছিল বুলি আজি সকলোৱে মানি ল’বলৈ বাধ্য হৈ পৰিল। 


ফটোঃ প্ৰথমগৰাকী মহিলা দাৰ্শনিকৰ জীৱনক লৈ নিৰ্মাণ কৰা স্পেনিছ চিনেমা 'অগোৰা'ৰ এটি দৃশ্য

২০২৩ চনত এই কাহিনীবোৰ কেৱল এক কাহিনী যেন লাগে। এই যুগ ইণ্টাৰনেটৰ যুগ, এই যুগ এআইৰ যুগ। এতিয়া বিজ্ঞানেই একমাত্ৰ সত্য। বিগত ৬০০ বছৰত যি হাৰত বিকাশ হৈছে এই সকলোবোৰৰেই আধাৰ হৈছে বিজ্ঞান, বৈজ্ঞানিক চিন্তা। যি লেপটপত এই প্ৰবন্ধ লিখা হৈছে সেই লেপটপটোও বিজ্ঞানৰেই অৱদান। ইয়াৰ আঁৰতো এজন বিজ্ঞানীৰেই পৰিশ্ৰম সোমাই আছে। আপুনি এই বাতৰি পঢ়ি থকা স্মাৰ্টফোনটোও বিজ্ঞানেই দিয়া উপহাৰ। বৰ্তমান সময়ত, বিজ্ঞানে স্পৰ্শ নকৰা এপদ সামগ্ৰী উলিয়াই দিয়াটো আপোনাৰ পক্ষে সম্ভৱ নহয়।

আজি মানুহে চন্দ্ৰত খোজ দিছে, মঙলত পানীৰ সন্ধান পাইছে আৰু এই সময়তে আমাৰ দেশৰ চন্দ্ৰযান-৩ সফলতাৰে অৱতৰণ কৰিছে চন্দ্ৰৰ দক্ষিণ মেৰুত। এই সকলোবোৰৰ বাবেই আজিৰ সমগ্ৰ মানৱ সভ্যতা তাহানিৰ এইসকল বৈজ্ঞানিকৰ ওচৰত প্ৰত্যক্ষ আৰু পৰোক্ষ দুয়োধৰণেই ঋণী। সেইসকল বিজ্ঞানীয়ে সত্যৰ পক্ষত থিয় হৈ তেতিয়াৰ শক্তিশালী শাসক আৰু ধৰ্মৰ ৰক্ষকসকলৰ ওচৰতো শিৰনত নকৰি প্ৰাণ বিসৰ্জন দি হ’লেও নিজৰ গৱেষণা অব্যাহত ৰখা বাবেই আজি আমি উপনীত হ’বলৈ সমৰ্থ হৈছো বৰ্তমানৰ এই পৃথিৱীত। বিজ্ঞানীসকলৰ ত্যাগৰ এই কাহিনীয়ে আমাক এয়াই কৈ যায় যে সকলো শেষ হৈ যোৱাৰ পিছতো যি ৰৈ যায় সেয়াই সত্য, সেয়াই বিজ্ঞান!