newsnextone.com | নগাঁওঃ নগাঁৱৰ সন্তানে অসমলৈ ভাল খবৰৰ সোঁত বোৱাইছে৷ নগাঁৱৰ সন্তানে এটাৰ পিছত এটাকৈ আনিব ধৰিছে সাফল্য। গুৱাহাটী সৰুসজাই ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিক প্ৰতিযোগিতাত নগাঁৱৰ সন্তান দৌৰৰ ৰাণী হিমা দাসে দুটাকৈ স্বৰ্ণ পদক আজুৰি আনিবলৈ সক্ষম হয়৷

হিমাই অসমবাসীৰ বাবে সাফল্য কঢ়িয়াই অনাৰ পিছতে পুনৰ বিশ্বৰ খেল জগতত অসমৰ নাম উজলাবলৈ সক্ষম হৈছে আন এক অসম সন্তানে৷ নগাঁও জিলাৰ প্ৰতিভাৱান শৰীৰ চৰ্চাবিদ ছৰিফুল আলম শইকীয়াই জিনিলে আন এক আন্তঃৰাষ্ট্ৰীয় খিতাপ৷ ইতিমধ্যে মিঃ ইণ্ডিয়া আৰু মিঃ এচিয়া খিতাপ জয়েৰে নগাঁও তথা সমগ্ৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা ছৰিফুলে এইবাৰ আজুৰি আনিলে ‘মিঃ ইউনিভাৰ্ছ’ শীৰ্ষক দেহশ্ৰী প্ৰতিযোগিতাত ৰূপৰ পদক৷ যোৱা পহিলা জুলাইত ছিংগাপুৰৰ জক’ চহৰত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত ভাগ লৈ ছৰিফুলে লাভ কৰে এই সফলতা৷ 

বিশ্বৰ মুঠ ২৯খন দেশৰ পাঁচ শতাধিক প্ৰতিযোগীয়ে ভাগ লোৱা এই প্ৰতিযোগিতাত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শনেৰে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয় ছৰিফুল৷ যোৱা ৩০ জুনত আৰম্ভ হৈ ১ জুলাইৰ বিয়লি সামৰণি পৰা ৱৰ্ল্ড ফিটনেছ ফেডাৰেচ’নৰ দ্বাৰা আয়োজিত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সামগ্ৰিকভাবে সকলো গ্ৰুপতে নিজৰ সৰ্ব্বোচ্চ ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰে৷

ভাৰতবৰ্ষৰ পৰা এচিয়া মহাদেশৰ হৈ অংশগ্ৰহণ কৰা ছৰিফুলে সফলতাৰে বিশ্ব পৰ্যায়ৰ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জনেৰে সকলোকে গৌৰাম্বিত কৰি তোলা খবৰে এতিয়া ছৰিফুলৰ জন্মভূমি নগাঁৱত সকলোৱে উৎফুল্লিত হৈ পৰিছে৷ এতিয়া অহা ৪ জুলাইত ছিংগাপুৰৰ পৰা গৃহভূমিলৈ প্ৰত্যাৱৰ্তন কৰিবলগীয়া ছৰিফুলক আদৰিবলৈ উৎফুল্লিত ৰাইজ তথা শুভাকাংক্ষীসকল উদগ্ৰীৱ হৈ পৰিছে৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে কাইবাটাও খিতাপৰ লগতে মিষ্টাৰ এছিয়া পেছিফিক হৈ সন্মান কঢ়িয়াবলৈ সক্ষম হয় নগাঁৱৰ ছৰিফুল শইকীয়াই৷ ছিংগাপুৰৰ কলং থিয়েটাৰত দেওঁৱাৰে অনুষ্ঠিত হোৱা এছিয়া পেচিফিক প্ৰ’ এম ছেম্পিয়নশ্বিপৰ ৮০ ৰ পৰা ৯০ কেজিৰ শাখাত এই খিতাপ আজুৰি আনিছিল ছৰিফুলে৷ কেৱল এয়াই নহয় ইয়াৰ পূৰ্বে ছৰিফুলে দুবাৰকৈ মিষ্টাৰ ইণ্ডিয়া খিতাপ আৰু তিনিবাৰকৈ মিষ্টাৰ আছাম খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল৷ ২০১৭ চনৰ ডিচেম্বৰ মাহত পঞ্জাৱত অনুষ্ঠিত হোৱা মিষ্টাৰ ইণ্ডিয়া বডি বিল্ডিং ছেম্পিয়নশ্বিপত ছৰিফুলে অংশগ্ৰহন কৰিব সাফল্য লাভ কৰিছিল৷