ডিজিটেল ডেস্কঃ দুৰ্বৃত্তই ফ্লেটৰ চৌহদত যৌন নিৰ্যাতন চলালে এগৰাকী মহিলাক৷ এই ঘটনা সংঘটিত হোৱাৰ পিছত এজাহাৰ দাখিল কৰিব যোৱা মহিলাগৰাকীৰ পৰা আৰক্ষীয়ে প্ৰমাণ হিচাপে বিছাৰে ভিডিঅ’ ক্লিপ৷ কেৱল ভিডিঅ’ ক্লিপে নহয় উলংগ হব’লৈও কলে আৰক্ষীয়ে৷ এই ঘটনা সংঘটিত হোৱাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছে মুম্বাইত৷

এগৰাকী বে-চৰকাৰি কাৰ্যালয়ত কৰ্মৰত মহিলাই কাৰ্যালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ পিছতে যৌন নিৰ্যাতন চলাই দুৰ্বৃত্তই৷ জানিব পৰা মতে, কাৰ্যালয়ৰ পৰা ঘৰলৈ আহি থকাৰ সময়ত মহিলাগৰাকীৰ পিছ লৈছিল এজন লোকে৷ মগিলাগৰাকীয়ে ফ্লেটৰ চৌহদত প্ৰবেশ কৰে যদিও অচিনাক্ত লোকজনেও চৌহদত প্ৰবেশ কৰে৷ মহিলাগাৰকীয়ে বেগৰ পৰা চাবি উলিয়াব খোজাৰ সময়তে দেহত স্পৰ্শ কৰে৷

তাৰ পিছতে মহিলাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত দৌৰি পলায়ন কৰে দুৰ্বৃত্তই৷ কিছু সময় পিছতে স্থানীয় ভিৰাৰ আৰক্ষী থানাত মহিলাগাৰকীয়ে এজাহাৰ দিয়াৰ বাবে উপস্থিত হয়৷ মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰাৰ পিছতে আৰক্ষীয়ে তেওক উলংগ হ’ব দিছিল৷ মহিলাগৰাকীৰ পৰা ঘটনাৰ প্ৰমাণ স্বৰূপে বিছাৰে ভিডিঅ’ ক্লিপ৷

ইমানে নহয় এজাহাৰ দাখিল কৰিলে আদালতত অহা-যোৱা কৰি সময় পাৰ কৰিব লাগিব বুলি কয়৷ অৱশেষত কেৱল অভিযোগ দিয়ে উভতি আহিবলৈ বাধ্য হয় মহিলাগৰাকীয়ে৷ এখন দোকানৰ চিচিটিভিত যৌন নিৰ্যাতন চলোৱা লোকজনৰ ছবি আবদ্ধ হোৱা বুলি দাবী কৰে মহিলাগৰাকীয়ে৷ আনহাতে ফ্লেটৰগৰাকীয়ে এজন ওখ মানুহ তেওৰ পিছ লোৱাটো সচা বুলি কয় যদিও যৌন নিৰ্যাতনৰ ঘটনাকলৈ সন্দেহ প্ৰকাশ কৰে৷