![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/Nagaland.jpg?itok=2lW6dawm)
কহিমাঃ নাগালেণ্ডৰ ৰাজনীতিত সঘনাই ঘটিছে নাটকীয় পট পৰিৱৰ্তন। কেবাদিনো ধৰি ৰাজ্যখনৰ ৰাজনৈতিক ক্ষেত্ৰখনত বিৰাজ কৰি থকা অস্থিৰতাক এক নতুন মাত্ৰা দি মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙে দেওবাৰে মুখ্যমন্ত্ৰী পদৰপৰা অব্যাহতি লোৱাৰ কথা ঘোষণা কৰে।
জেলিয়াঙক আঁতৰাবৰ কাৰণে সাংসদ নেফিঅ’ ৰিঅ’ আৰু গৃহমন্ত্ৰী ৱাই পাট্টুনৰ নেতৃত্বত ৬০ জনীয়া সদস্যৰ বিধানসভাৰ প্ৰায় এক তৃতীয়াংশই কাজিৰঙাত বৈঠক পতাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্ত ঘোষণা কৰে।
সংঘৰ্ষ জৰ্জৰিত নাগালেণ্ডত চৰকাৰ আৰু বিভিন্ন দল-সংগঠনৰ মাজত হোৱা অৰিয়াঅৰিৰ কোনোধৰণৰ সমাধান দিয়াত চৰকাৰখনৰ ব্যৰ্থতাৰ পৰিপ্ৰেক্ষিততে জেলিয়াঙক আঁতৰোৱাৰ সিদ্ধান্ত লৈছিল নেফিঅ’ৰ নেতৃত্বত থকা প্ৰায় ৪০ গৰাকী মন্ত্ৰী-বিধায়কে। কাজিৰঙাৰ বৈঠকখনৰ পাছত ৰাজ্যপাল পি বি আচাৰ্যকো জেলিয়াঙক আঁতৰোৱাৰ বাবে দাবী জনোৱাৰ পৰিকল্পনা কৰিছিল ৰাজ্যখনৰ একমাত্ৰ সাংসদ নেফিঅ’ই।
পদত্যাগ পত্ৰত জেলিয়াঙে সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত মুখ্যমন্ত্ৰী এজন নিৰ্বাচন কৰাৰ বাবে সোমবাৰে ১০ বজাত বিধানসভাত এখন বৈঠকৰ আহ্বান জনাইছে। ইয়াৰে পাছে পাছে ১১ বজাত ডেম’ক্ৰেটিক এলায়েন্স অব নাগালেণ্ডৰ বিধায়িনী সভা এখনৰো আহ্বান কৰিছে জেলিয়াঙে।
জেলিয়াঙক পদচ্যুত কৰি নাগালেণ্ড পিপ'লছ ফ্ৰ’ণ্টৰ সভাপতি এছ. লিজিৎছু অথবা সাংসদ নেফিঅ’ ৰিঅ’ক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰাৰো কথা কাজিৰঙাৰ গোপন বৈঠকত চলিছিল বুলি জানিব পৰা গৈছে।