21
Jun
2019
নতুন দিল্লীঃ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো আজি উত্থাপন কৰা হয় আন্তৰাষ্ট্ৰীয় যোগ দিৱস৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডৰ ৰাজধানী ৰাঞ্চীত ৩০ হাজাৰ লোকৰ সৈতে যোগ দিৱসত অংশগ্ৰহণ কৰে৷
ডিঙিত গামোচা লৈ শৰীৰ আৰু মনৰ সুস্বাস্থ্যৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে সকলোৰে সৈতে ১০ টা গুৰুত্বপূৰ্ণ আসন সম্পন্ন কৰে৷
এই পদক্ষেপ তেওঁ কয় যে যোগাভ্যাস দৰিদ্ৰ জনতাৰ জীৱনৰ এক অংগ হোৱাটো তেওঁ বিচাৰে৷
বেমাৰ আজাৰে এজন দুখীয়া লোকক আৰু দুখীয়া কৰে৷ সেয়ে তেওঁ যোগাসনক মহানগৰৰপৰা গাঁওলৈ, বনাঞ্চললৈ দুখীয়া আৰু আদিবাসীসকলৰ মাজলৈ লৈ যাব বিচাৰে৷ তেওঁ কয় যোগ সকলোৰে বাবে আৰু সকলোৰ যোগৰ বাবে৷
ইফালে দেশৰ সৰু বৰ চহৰৰ মাজত চৰকাৰী দিৱস হিচাপে এই দিৱস পালন কৰা হয়৷ সেনা বাহিনী, চিআৰপিএফৰ লগতে আন আন নিৰাপত্তাৰক্ষীবাহিনীসমূহেও তেওঁলোকৰ কৰ্মস্থানত যোগ দিৱস পালন কৰে৷