27
Apr
2017

ডিজিটেল ডেস্কঃ স্মাৰ্ট ফোনৰ আনস্মাৰ্ট বেটাৰী মুৰৰ কামোৰণী হৈ পৰাৰ সময়তে বিশেষকৈ দুৰনিবটীয়া যাত্ৰা আৰু দিনটো ঘৰৰ বাহিৰত থাকিবলগীয়া ব্যাক্তিসকলৰ বাবে চাৰ্জ দিয়াটো এক আহুকাললৈ পৰিণত হৈছে৷
কিন্তু এই সকলো কথাক লৈ মুৰ ঘমাই থকাৰ প্ৰয়োজন এতিয়া নহ’ব। ফোন চাৰ্জ দিয়াৰ বাবে প্ৰয়োজন নহ’ব বিদ্যুতৰ। বেটাৰীয়ে নিজে নিজেই চাৰ্জ ল’ব।
অতি সোনকালে বজাৰলৈ আহি আছে নিজেই চাৰ্জ লোৱা ফোন৷ সৌৰশক্তিৰ সহায়ত চাৰ্জ ল’ব এই স্মাৰ্টফোনে৷ মেকগিল বিশ্ববিদ্যালয়ৰ অধ্যাপক জৰ্জ পী ডেমোপলিসে উল্লেখ কৰিছে এই কথা৷
বৰ্তমান এই বেটাৰী নিৰ্মাণৰ কাম পুৰ্ণোদ্যমে চলি আছে৷ ফেচবুক, হোৱাটছ এপৰ যুগত উক্ত বেটাৰিয়ে স্মাৰ্টফোনৰ লগত জড়িত সমস্যা বহুখিনি লাঘৱ কৰিব বুলি আশা কৰিছে বিজ্ঞানীসকলে।