newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ পৰা পলায়ন কৰি থকা হীৰা ব্যৱসায়ী নীৰৱ মোডীৰ পিতৃ আৰু ভাতৃ সহ পৰিয়ালৰ সদস্যক চমন জাৰি কৰিছে প্ৰৱৰ্তন নিৰ্দেশালয়ে৷ পিএনবিৰ ধন হৰলুকি কেলেংকাৰীত জড়িত থকাৰ সন্দেহত নীৰৱ মোডীৰ পৰিয়ালৰ লগতে বিদেশত থকা তেওঁৰ ব্যৱসায়ৰ ওপৰতো চমন জাৰি কৰিছে নিৰ্দেশালয়ে৷ ইফালে নিৰ্দেশালয়ৰ নিৰ্দেশ অগ্ৰাহ্য কৰি পৰিয়ালৰ লোকসকল বিদেশলৈ যোৱাৰ কথা প্ৰকাশ হৈছে৷

প্ৰৱৰ্তন নিৰ্দেশালয়ৰ তদন্তকাৰী বিষয়াই জানিবলৈ দিয়া মতে, নীৰৱ মোডীৰ পিতা দীপক মোডী, ভাতৃ নিশাল মোডী, ভনী পূৰ্বী মেহতা, ভনী জোঁৱাই ময়ংক মেহতা আৰু আমেৰিকাস্থিত মোডীৰ ফায়াৰষ্টাৰ ডায়মণ্ড ইংক নামৰ হীৰা কোম্পানীৰ নিৰ্দেশক মিহিৰ ভাঞ্চালী নীৰৱ মোডীৰ সমস্ত ব্যৱসায় সন্দৰ্ভত জ্ঞাত৷ পৰিয়ালৰ সদস্যসকলে নীৰৱ মোডীৰ লগত বিত্তীয় লেনদেন কৰি আহিছিল৷ তথ্য উদঘাটনৰ বাবে পৰিয়ালক চমন জাৰি কৰা হৈছে বুলি জানিবলৈ দিয়ে তদন্তকাৰী বিষয়াই৷

বিষয়াগৰাকীয়ে কয় যে, পিএমএলএ আইনৰ অধীনত মোডীৰ পৰিয়াললৈ মেইল যোগে চমন প্ৰেৰণ কৰা হৈছে৷ তেওঁলোক বিদেশত বসবাস কৰি থকা বাবেই ই-মেইল যোগেই চমন প্ৰেৰণ কৰিব লগা হৈছে বুলি প্ৰৱৰ্তন নিৰ্দেশালয়ে কয়৷

প্ৰৱৰ্তন নিৰ্দেশালয়ে নীৰৱ মোডীৰ পিতৃ দীপক মোডীক বেলজিয়ামৰ এন্টৱৰ্টত থকাৰ সন্দেহ প্ৰকাশ কৰিছে৷ তাৰ বিপৰীতে নিশাল আৰু ভাঞ্চালী আমেৰিকাত বসবাস কৰি থকাৰ লগতে মেহতা পৰিয়ালটো হংকঙত আশ্ৰয় লৈ থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে৷ আনহাতে প্ৰৱৰ্তন নিৰ্দেশালয়ে সন্দেহ প্ৰকাশ কৰা অনুসৰি নীৰৱ মেডীয়ে চিংগাপুৰৰ পাছপৰ্ট ব্যৱহাৰ কৰি লণ্ডনত আশ্ৰয় লৈ আছে৷ 

তেওঁলোকৰ বৰ্তমানৰ ঠিকনা সম্পৰ্কে শুদ্ধ ধাৰণা লাভ নকৰাত তেওঁলোকক ই-মেইল যোগেই চমন জাৰি কৰা হৈছে৷ নিৰ্দেশালয়ে চমন যোগে অতি সোনকলে নীৰৱ মোডীৰ পৰিয়ালক মুম্বাইৰ তদন্তকাৰী বিষয়াৰ আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে৷ 

আনহাতে নিৰ্দেশালয়ে নিৰ্দেশ প্ৰেৰণ কৰিলেও নীৰৱ মোডীৰ পৰিয়াল হাজিৰ হোৱাৰ সম্ভাৱনা সন্দেহ প্ৰকাশ কৰিছে বিভিন্ন জনে৷ পূৰ্বেও নিৰ্দেশালয়ে নীৰৱ মোডীৰ মামা মেহুল চৌকষীক এনেদৰে চমন জাৰি কৰিছিল যদিও তদন্তকালত তেওঁ উপস্থিত হোৱা নাছিল৷ ইফালে যদি মোডী পৰিয়াল আদালতত হাজিৰ নহয়, তেন্তে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে নিৰ্দেশালয়ে৷