ধন,বিলাসী বাহন,চাকৰিত পদোন্নতি

ডিজিটেল ডেস্ক,৮ আগষ্টঃ টকিঅ’ অলিম্পিকত স্বর্ণ জয়েৰে ১৩৫ কোটি ভাৰতীয়ৰ অযুত সপোন পূৰণ কৰা জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রালৈ উপহাৰৰ বন্যা বৈছে৷ ভাৰতীয়ক গৌৰৱান্বিত কৰা ২৩ বছৰীয়া তাৰকাগৰাকীক ৬ কোটিৰ আর্থিক পুৰস্কাৰ আৰু গ্রেড–১ চাকৰি আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে তেওঁৰ গৃহ ৰাজ্য হাৰিয়ানা চৰকাৰে৷ হাৰিয়ানাৰ মূখ্যমন্ত্রী মনোহৰ লাল খট্টৰে হাৰিয়ানাৰ সন্তান নীৰজৰ এই সাফল্যত উৎফুল্লিত হৈ খেলুৱৈগৰাকীলৈ বৃহৎ পুৰস্কাৰ ঘোষণা কৰিছে৷

ইফালে মহিন্দ্ৰা কোম্পানীৰ স্বত্বাধিকাৰী আনন্দ মহিন্দ্রাই নীৰজ চোপ্রালৈ এখন ব্রেণ্ড নিউ এক্স ইউ ভি–৭০০ গাড়ী উপহাৰ দিয়াৰ কথা ঘোষণা কৰিছে৷ শনিবাৰে বিয়লি টকিঅ’ৰ ট্রেকত খলকনি তুলি নীৰজ চোপ্রাই দেশবাসীৰ ১২১ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই অলিম্পিকৰ এথলেটিকছত স্বর্ণ জয়ৰ পিছতে প্রখ্যাত উদ্যোগপতিগৰাকীয়ে টুইটাৰত কয় যে নীৰজক দেশলৈ উভতি আহিলেই প্রখ্যাত গাড়ী নির্মাণকাৰী কোম্পানীটোৱে নীৰজক এখন বিলাসী এক্স ইউ ভি–৭০০ গাড়ী আগবঢ়াব৷

২৪ ঘণ্টাত নীৰজ চোপ্ৰাই লাভ কৰা উপহাৰৰ তালিকা এনেধৰণৰঃ

১) ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে আগবঢ়াব ১ কোটি টকা ।
২) হাৰিয়ানা চৰকাৰে আগবঢ়াব ৬ কোটি টকা, প্ৰথম শ্ৰেণীৰ চাকৰি, ৫০% ৰেহাই মূল্যত এটুকুৰা ভূমি ।
৩) ইণ্ডিগো এয়াৰলাইনচে আগবঢ়াব এইবছৰৰ ৮ আগষ্টৰ পৰা অহা বছৰৰ ৭ আগষ্টলৈকে এবছৰৰ বাবে অসীমিত বিনামূলীয়া ভ্ৰমণ ।
৪) মণিপুৰ চৰকাৰে আগবঢ়াব ১ কোটি টকা ।
৫) পঞ্জাৱ চৰকাৰে আগবঢ়াব ২ কোটি টকা ।
৬) চেন্নাই ছুপাৰকিংচে আগবঢ়াব ১ কোটি টকা ।
৭) BYJU'S য়ে আগবঢ়াব ২ কোটি টকা ।
৮) মহিন্দ্ৰা কোম্পানীইে প্ৰদান কৰিব এখন বিলাসী brand new XUV 700 car ।
৯) ELAN GROUPয়ে আগবঢ়াব ২৫ লাখ টকা ।
১০) কৰ্ণাটক ৰাজ্যিক পথ পৰিৱহণ নিগমে আগবঢ়াব GOLDEN BUS PASS ( নিগমৰ ৬০ বছৰ উপলক্ষে )
১১) Go First Airwaysয়ে আগবঢ়াব ৫ বছৰৰ বাবে বিনামূলীয়া ভ্ৰমণ ।
১২) ভাৰতীয় সেনা বাহিনীত দিয়া হ’ল পদোন্নতি৷

ইফালে বি চি চি আয়ে জেভলিন থ্র’ৱাৰগৰাকীক এক কোটি টকাৰে পুৰস্কৃত কৰিব বুলি ঘোষণা কৰিছে৷ ব’ৰ্ডৰ সচিব জয় শ্বাহে প্রকাশ কৰা অনুসৰি বি চি চি আয়ে অলিম্পিকত ৰূপজয়ীক ৫০ লাখ আৰু ব্রঞ্জৰ পদক জয়ীক ২৫ লাখৰ পুৰস্কাৰ আগবঢ়াব৷