নতুন দিল্লীঃ প্ৰধানমন্ত্ৰী মোডীৰ ভাষণ বুলিলেই আমাৰ মনলৈ আহে "মিত্ৰ" শব্দটো৷ কিন্তু মিত্ৰতকৈও প্ৰভাৱশালী মোডীয়ে ভাষণৰ সম্বোধনত ব্যৱহাৰ কৰিছে 'ভায়ো-বেহনো’৷ এক সমীক্ষাই প্ৰকাশ কৰিছে যে প্ৰধানমন্ত্ৰীজনে ৪৪০ টা ভাষণত ৭৫০ বাৰ উচ্চাৰণ কৰিছে 'ভাইয়ো-বেহনো’৷ আনহাতে 'মিত্ৰো’ শব্দ উচ্চাৰণ কৰিছে কেৱল ৬১ বাৰ৷

মোডীয়ে ভাষণত সঘনাই ব্যৱহাৰ কৰা আন কেতবোৰ শব্দ হৈছে 'দেশবাসীয়ো’, 'মহানুভৱ’ আৰু 'সাথীয়ো’৷ এই শব্দকেইটাও মোডীয়ে মিত্ৰতকৈও সঘনাই উচ্চাৰণ কৰিছে বুলি সমীক্ষাত প্ৰকাশ পাইছে৷ বিগত তিনি বছৰত সৰ্বসাধাৰণৰ মাজত বিজেপি চৰকাৰখনৰ অন্যতম এটা আলোচ্য বিষয় হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষণ৷

ছ’চিয়েল মিডিয়াতো মোডীৰ 'মিত্ৰ’ই আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ মোডীৰ সমালোচকসকলেও কেইবাবাৰো এই বিশেষ শব্দটোৰেই ব্যংগ কৰিছিল তেওঁক লৈ৷ কিন্তু  শেহতীয়াকৈ প্ৰকাশ হোৱা এই সমীক্ষাই মোডী আৰু মিত্ৰৰ মাজত এক নতুন টুইষ্ট আনি দিয়া বুলি ক’ব খুজিছে বহুজনে৷