গুৱাহাটীঃ উগ্ৰপন্থী সংগঠনে আহ্বান জনোৱা বন্ধৰ আহ্বানক নেওচি শুকুৰবাৰে উলাহ-মালহৰে ৰাজ্যবাসীয়ে গণ ৰাজ্য দিৱস পালন কৰে৷ ৰাজ্যত বিভিন্ন জিলা সদৰ, মহকুমা সদৰ, ৰাজহ বিষয়াৰ কাৰ্যালয়, বিদ্যালয়, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ব্যক্তিগত অনুষ্ঠান আদিত গণ ৰাজ্য দিৱস পালন কৰে৷

১৯৪৯ চনৰ ২৬ নৱেম্বৰত আমাৰ দেশৰ সংবিধান গণপৰিষদত গৃহীত হোৱাৰ পাছত আজিৰ দিনটোতে ১৯৫০ চনৰ ২৬ জানুৱাৰীত কাৰ্যকৰী হৈছিল৷ স্বাধীনতা অৰ্জনৰ পাছত ভাৰত শাসনৰ বাবে প্ৰয়োজনীয় আইনৰ নীতি আৰু ৰূপৰেখা তৈয়াৰ কৰা হয় সংবিধান যোগে৷ সংবিধান গৃহীত কৰি আইনৰ নীতি সমূহ ঘোষণা কৰা হয়৷

সংবিধানৰ খচৰা সমিতিৰ সভাপতি ড০ ভীমৰাও আম্বেদকাৰ আছিল ভাৰতীয় সংবিধানৰ তৈয়াৰ কৰাৰ প্ৰধান হোতা। সংবিধানত মুঠ ২৪টা অংশ ৪৪৮টা ধাৰা, ১২টা তফছিল আৰু ১১৩টা সংশোধনৰে সংবিধান সাজু কৰে দেশবাসীৰ বাবে। সংবিধান খনৰ ইংৰাজী সংস্কৰণত ১১৭,৩৬৯টা শব্দ সংখ্যাৰ সংবিধান প্ৰৱৰ্তন কৰি ১৯৩৫ চনৰ ভাৰত শাসন আইনৰ অৱসান ঘটায়৷ দেশৰ সৰ্বোচ্চ আইনক শ্ৰদ্ধা জনাই ভাৰত চৰকাৰে প্ৰতিখন আইন সংবিধাৰ মতেহে কৰে।

সমাজতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ, সংহতি আৰু সকলো নাগৰিকৰ মাজত ভাতৃত্ববোধ গঢ়ি তোলাৰ লগতে সংবিধানৰ স্মৃতিৰোমন্থন কৰাৰ বাবে দেশবাসীয়ে প্ৰতিবছৰৰ ২৬ জানুৱাৰীত গণৰাজ্য দিৱস পালন কৰে৷ চিৰনমস্য মুক্তি যুঁজাৰুসকলৰ দীঘলীয়া সংগ্ৰাম, সহস্ৰজনৰ ত্যাগ, বলিদান, বীৰ-বীৰংগনাৰ বলিদানৰ জৰিয়তে লাভ কৰা স্বাধীন দেশৰ নাগৰিকে আজিৰ দিনটোতে লাভ কৰিছিল সংবিধান খন৷ লক্ষ্মীবাই, মংগল পাণ্ডে, ভগৎ সিং, মহাত্মা গান্ধী, নেতাজী, জৱাহৰলাল নেহৰু, চৰ্দাৰ পেটেল, আবুল কালাম আজাদ আদিৰ লগতে অসমৰ গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন, কুশল কোঁৱৰ, কনকলতাৰ দৰে দেশৰ শ-শ লোকে শ্বহীদ হোৱাৰ বিনিময়ত দেশ স্বাধীন হৈছিল৷

স্বাধীন দেশৰ নাগৰিকে দেশ স্বাধীন হোৱাৰ প্ৰায় তিনি বছৰৰ মূৰকত লাভ কৰে সংবিধান খন৷ বহু খ্যাত-অখ্যাত শ্বহীদ-দেশপ্ৰেমীকৰ বলিদানে আনি দিয়া স্বাধীনতাৰ অন্তত দেশৰ সুস্থ বাতাৱৰণত সংবিধান খন ৰচনা কৰা হৈছিল৷ কেঁচা তেজৰ বিনিময়ত স্বাধীনতা লাভ কৰা দেশৰ জনসাধৰণে বীৰ-বীৰাংগনাক সদায় স্মৰণ কৰি আহিছে৷

বীৰ শ্বহীদসকলে ব্ৰিটিচক শাসন-শোষণ ওফৰাই মুক্তি দি গৈছিল এখন স্বাধীন ভাৰতবৰ্ষ৷ স্বাধীন ৰাষ্ট্ৰ, দেশৰ সাৰ্বভৌমত্ব অনন্ত কাললৈ অক্ষুণ্ণ থকা, দেশৰ প্ৰতিজন নাগৰিকৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক অধিকাৰ সুৰক্ষিত হোৱাৰ স্বাৰ্থত গৃহীত হৈছিল আমাৰ দেশৰ সংবিধান৷

যিখন সংবিধান বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ সংবিধান হিচাপে চিহ্নিত৷ সংবিধান প্ৰণয়নৰ ৬৯ বছৰ পাৰ হ’ল৷ যাৰ বাবে ৰাইজ-চৰকাৰে ৬৯ সংখ্যক গণৰাজ্য দিৱস পালন কৰে উলাহ-মালহেৰে৷ সমগ্ৰ দেশৰ লগতে অসমতো গণৰাজ্য দিৱস উদযাপন কৰা হয়৷ গাঁৱে-ভূঁঞে, নগৰে-চহৰে আৰক্ষী প্ৰশাসনে কটকটীয়া নিৰাপত্তাৰ মাজত গণৰাজ্য দিৱস পালন কৰে ৰাইজে৷