গুৱাহাটীঃ দেশত চৰ্চা অব্যাহত আছে উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ ফলাফলক লৈ৷ কোন মুখ্যমন্ত্ৰী হ’ব কোনে কাৰ সৈতে লগলাগি চৰকাৰ গঠন কৰিব তাক লৈ চৰ্চা অব্যাহত আছে৷
নাগালেণ্ড আৰু মেঘালয়ত শাসকীয় বিজেপি দলে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰাৰ ফলত মুখ্যমন্ত্ৰী আন দলৰ হ’ব৷ বিজেপিৰ সমৰ্থনত মেঘালয় আৰু নাগালেণ্ডত চৰকাৰ গঠন কৰিব বিজেপিয়ে৷ কিন্তু ত্ৰিপুৰাত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে৷
যোৱা ৪৮ ঘন্টা ধৰি জল্পনা-কল্পনা চলি আছিল যদিও সকলো জল্পনাৰ কল্পনাৰ অৱসান ঘটাই ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ হ’ব সেই কথাত মোহৰ লগাই৷ হয়তো দুই-এদিনৰ ভিতৰত মুখ্যমন্ত্ৰীৰূপে শপত ল’ব বিজেপিৰ যুৱ নেতাগৰাকীয়ে৷ যোৱা প্ৰায় তিনিটা বছৰ ধৰি নেৰা-নেপেৰা চেষ্টাৰ বলত বিজেপিক শক্তিশালী কৰি শূন্যৰ পৰা শিখৰলৈ নিয়ে বিপ্লৱে৷
বিপ্লৱে ত্ৰিপুৰাত মানুহৰ ঘৰে ঘৰে গৈছিল আৰু মানুহক একত্ৰিত কৰিছিল বামপন্থী চৰকাৰৰ বিৰুদ্ধে৷ মানুহৰ আপদ-বিপদত প্ৰতিমুহূৰ্তত খবৰ ৰাখিছিল৷ বৰ্তমান অন্যতম জনপ্ৰিয় নেতা বিপ্লৱ কুমাৰ দেৱ৷
কিন্তু এইগাৰকী নেতা বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে৷ কিয়নো ছচিয়েল মিডিয়াত একাংশ লোকে বিপ্লৱ কুমাৰ দেৱক বাংলাদেশী আখ্যা দিয়া পৰিলক্ষিত হৈছে৷ বিজেপিৰ ত্ৰিপুৰাৰ ৰাজ্যিক সভাপতি বিপ্লৱ কুমাৰ দেৱ বাংলাদেশৰ নাগৰিকৰ সন্তান আখ্যা দিছে খোদ বাংলাদেশৰ সংবাদ মাধ্যমে৷ তেওঁৰ ঘৰ বাংলাদেশৰ চাঁদপুৰ জিলাৰ কচুৱাৰ মেঘদাই গাঁৱত বুলি কোৱা হৈছে৷
বাংলাদেশৰ সংবাদ মাধ্যমে তেওঁক সৰ্বকনিষ্ঠ বিজেপিৰ ৰাজ্যিক সভাপতি আখ্যা দিয়াৰ লগতে যোৱা ১৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনত বিপ্লৱে তৰুণ নেতৃত্ব দিয়া বুলি কয়৷ বিপ্লৱৰ তৰুণ নেতৃত্বতে বিজেপিয়ে ৪৩ খন আসন লাভ কৰি বুলি কয় বাংলাদেশৰ সংবাদ মাধ্যমে৷
ইয়াল লগতে ত্ৰিপুৰাৰ বনমালী বিধান সভা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱাৰ লগতে বুধবাৰে বিজেপিয়ে তেওঁক মুখ্যমন্ত্ৰী পাতিব নে নাই তাৰ সিদ্ধান্ত ল’ব বুলি কয় সংবাদ মাধ্যমে৷ বাংলাদেশৰ আগশাৰীৰ সংবাদ মাধ্যমে কচুৱাৰ মেঘদাই গাঁৱৰ গ্ৰাম্য ইতিহাসৰ কথা উল্লেখ কৰি ‘মাষ্ট্ৰৰ বাড়ি’ৰ কবিৰাজ গোবিন্দ চন্দ্ৰ দেৱৰ নাতি বিপ্লৱ কুমাৰ দেৱ বুলি কয়৷
কবিৰাজ গোবিন্দ চন্দ্ৰ দেৱৰ চাৰিটা পুত্ৰ হাৰাধন চন্দ্ৰ দেৱ, হিৰুধন চন্দ্ৰ দেৱ, প্ৰাণধন চন্দ্ৰ দেৱ আৰু মধুসূদন দেৱ আছিল৷ কবিৰাজ গোবিন্দ চন্দ্ৰ দেৱৰ দ্বিতীয় পুত্ৰ হিৰুধন চন্দ্ৰ দেৱৰ পুত্ৰ বিপ্লৱ কুমাৰ দেৱ৷ কেৱল বিপ্লৱৰ পিতৃ-মাতৃৰ বাহিৰে তেওলোকৰ পৰিয়ালৰ সকলোৱে বাংলাদেশৰ চাঁদপুৰ জিলাৰ কচুৱাৰ মেঘদাইত সকলোৱে আজিও বাস কৰে৷ তেওৰ খুৰা কবিৰাজ প্ৰাণধন দেৱ আজিও চাঁদপুৰ জিলাৰ কচুৱাৰ মেঘদাইৰ পৰিচিত লোক৷
খুৰাক প্ৰাণধন দেৱ কচুৱাৰ বৌদ্ধ, খ্ৰীষ্টান ঐক্য পৰিষদৰ সভাপতি৷ ইমানে নহয় থানা পৰিচালনা সমিতিৰো সভাপতি খুৰাক৷ বিপ্লৱৰ খুৰাক প্ৰাণধন দেৱৰ সমগ্ৰ পৰিয়াল সদৰত বসবাস কৰে৷ আজিও বিজেপি নেতা বিপ্লৱ কুমাৰ দেৱে প্ৰায়ে বাংলাদেশৰ চাঁদপুৰ জিলাৰ কচুৱাৰ মেঘদাই গাঁৱলৈ আহি থাকে৷ কেৱল নিজেই নহয় পৰিয়ালৰ সদস্য সকলোকো বাংলাদেশলৈ প্ৰায়ে অহা যোৱা কৰে৷
বিজেপিৰ সভাপতিৰ দায়িত্ব লৈ বিজেপিৰ প্ৰতিনিধি দল লৈ বাংলাদেশলৈ নি শাসকীয় দল আৱামী লীগৰ কেন্দ্ৰীয় কাউন্সিলত অংশ লৈছিল বিপ্লৱে৷ হেলিকপ্টাৰেৰে বাংলাদেশৰ চাঁদপুৰ জিলাৰ কচুৱাৰ মেঘদাইলৈ গৈছিল বিপ্লৱে৷ সেই সময়ত কচুৱা প্ৰেছ ক্লাৱে তেওক সম্বৰ্ধনা জনাইছিল৷ বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ সময়ত বিপ্লৱৰ পিতৃ-মাতৃ বাংলাদেশৰ পৰা ভাৰতলৈ আহিছিল৷
বাংলাদেশ এৰি ত্ৰিপুৰাত অহাৰ কেইটামান মাহৰ পিছত জন্ম হৈছিল বিপ্লৱৰ৷ ৰাজ্যপালৰ ওচৰত ইতিমধ্য পদত্যাগ পত্ৰ প্ৰেৰণ কৰে মুখ্যমন্ত্ৰী মাণিক সৰকাৰে৷ মাণিক সৰকাৰৰ ঠাইত মুখ্যমন্ত্ৰীৰূপে শপত লোৱাৰ আশা কৰে বিপ্লৱক বাংলাদেশৰ সংবাদ মাধ্যমে৷