ডিজিটেল ডেস্কঃ আন যিয়ে নহওক কৰ্মৰে নহলেও বিতৰ্কিত মন্তব্য প্ৰকাশ কৰি হলেও উত্তৰ পূৱৰ এগৰাকী লোকে বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে৷ সময়ে সময়ে দেশৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে উত্তৰ পূৰ্বাঞ্চলক গুৰুত্ব নিদিয়া বুলি উত্থাপন হৈ অহা অভিযোগকো নস্যাৎ কৰিছে৷
Har ghar mein gai honi chahiye. Yahan dudh Rs 50 litre hai, toh ek gai paal le, koi graduate hai, naukri ke liye ghoomta rehta hai 10 saal se, agar 10 saal gai paal leta toh apne aap Rs 10 lakh ka bank balance tayar ho jata: Tripura CM Biplab Kumar Deb (28.04.18) pic.twitter.com/x5Gu6elttv
— ANI (@ANI) April 29, 2018
কিয়নো ত্ৰিপুৰাৰ বিতৰ্কিত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ প্ৰতিটো বিতৰ্কিত মন্তব্যক মৰণোত্তৰ কৰি প্ৰকাশ কৰি আহিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে৷ প্ৰথমে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে মহাভাৰতৰ যুগত ইণ্টাৰনেট আৰু ছেটেলাইট ফোন আছিল বুলি দাবী কৰি বিতৰ্কৰ সৃষ্টি কৰে৷
The youth here runs after political parties for several years to get a govt job & wastes the vital time of their life, had the same youth instead of running after parties set up a paan shop he would have by now had a bank balance of Rs 5 lakhs: Tripura CM Biplab Deb pic.twitter.com/dSs4tg4IMp
— ANI (@ANI) April 28, 2018
পুনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ঐশ্বৰ্য ৰায়ক প্ৰকৃত ভাৰতীয় সুন্দৰী আখ্যা বিশ্ব সুন্দৰী ডায়েনা হেডেন বিশ্ব সুন্দৰী হোৱাৰ যোগ্য নাছিল বুলি কোৱাৰ লগতে নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি বিতৰ্কৰ সূচনা কৰে৷ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে আগৰতলাত এটি ডিজাইন কৰ্মশালা উদ্ধোধন কৰি ডায়েনা হেডেনক ভাৰতীয় সুন্দৰী নহয় বুলি কয়৷
Why run after government jobs, start paan shops or breed cows: Tripura Chief Minister Biplab Deb https://t.co/91s5SDQC7u pic.twitter.com/smzO6cu1Ug
— NDTV (@ndtv) April 29, 2018
ভাৰতৰ সুন্দৰী লক্ষ্মী-স্বৰস্বতীৰ দৰে হ’ব লাগিব৷ ডায়েনা হেডেন বিশ্ব সুন্দৰী হোৱাৰ যোগ্য নাছিল৷ একমাত্ৰ ঐশ্বৰ্য ৰায়ে শীৰ্ষ সেই পদ পোৱাৰ যোগ্য আছিল৷ কিয়নো ঐশ্বৰ্যই বিশুদ্ধ ভাৰতীয় হিচাপে প্ৰতিনিধিত্ব কৰিছিল বুলি কৈছিল মুখ্যমন্ত্ৰী দেৱে৷
After pursuing mechanical engineering one should not go for civil services. Instead, civil engineers should join civil services as they have the knowledge and experience to help build administration and society: Tripura CM Biplab Kumar Deb in Agartala pic.twitter.com/IosMEpLVr7
— ANI (@ANI) April 28, 2018
ইমানে নহয় ভাৰতীয় মহিলাই কচমেটিক্স নতুবা চেম্পু ব্যৱহাৰ কৰা, কিহেৰে গাধুব লাগে তাকো কয়৷ আন্তৰ্জাতিক বজাৰৰ স্বাৰ্থ ৰক্ষা কৰাৰ বাবে ডায়েনাক বিশ্ব সুন্দৰী ঘোষণা কৰা হৈছিল বুলি কয় বিপ্লৱ কুমাৰ দেৱে৷ উল্লেখ্য যে, বিশ্ব সুন্দৰী হেডেন হায়দৰাবাদত জন্মগ্ৰহণ কৰিছিল৷ বিপ্লৱ কুমাৰ দেৱৰ এই মন্তব্যৰ পিছতে আৰম্ভ হয় মহাবিতৰ্কৰ৷
WATCH | Mechanical engineers shouldn't join civil services, says Tripura Chief Minister Biplab Debhttps://t.co/PfjL4yZz6h pic.twitter.com/7w0jCOlecM
— NDTV (@ndtv) April 28, 2018
আকৌ আগৰতলাৰ এটি অনুষ্ঠানত অংশ লৈ দাবী কৰি কয় যে মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰই লোকসেৱা আয়োগৰ পৰীক্ষাত বহা উচিত নহয়৷ এই পদৰ বাবে চিভিল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ প্ৰকৃত যোগ্য৷ তেওঁলোকৰ সমাজ গঢ়াৰ জ্ঞান আছে বুলি কয়৷
Diana Hayden Miss World? "Everyone is laughing": Tripura Chief Minister Biplab Debhttps://t.co/4IpMpCQwc2 pic.twitter.com/8Fci4YTX3x
— NDTV (@ndtv) April 26, 2018
এই মন্তব্য প্ৰকাশ কৰাৰ পিছতে ট্ৰল হয় মুখ্যমন্ত্ৰী৷ এই মন্তব্য প্ৰকাশ কৰাৰ ২৪ ঘণ্টা পাৰ নৌহওঁতেই আন এক মন্তব্য প্ৰকাশ কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে৷
শনিবাৰে প্ৰকাশ কৰা মন্তব্যৰ তীব্ৰ সমালোচনাৰ সন্মুখিন হোৱাৰ পিছতো পুনৰ উচ্চ শিক্ষিত ছাত্ৰ-ছাত্ৰীক একপ্ৰকাৰ ইতিকিং কৰি গাই পালন কৰা ভাল কাম বুলি কয়৷
দেৱে কয় ‘‘প্ৰতিঘৰ মানুহৰ ঘৰত গাই থাকিব লাগে৷ ইয়াত গাখীৰৰ ৫০ টকা লিটাৰ৷ কোনোৱে স্নাতক৷ ১০ বছৰ ধৰি চাকৰিৰ বাবে ঘুৰি ফুৰে৷ যদি ১০ বছৰে গাই পালন কৰিলে হেতেন তেন্তে নিজে নিজেই বেংকৰ একাউণ্টত ১০ লাখ টকা জমা থাকিলহেতেন৷’’ এতিয়া এগৰাকী মুখ্যমন্ত্ৰীৰ অদ্ভুত যুক্তিয়ে হাঁহিৰ খোৰাক দিয়াৰ লগতে আন একাংশ লোকে বাতুলামি আখ্যা দিয়ে৷