
newsnextone.com | ডিজিটেল ডেস্কঃ অমৰ নাথ যাত্ৰাৰ কালত মঙলবাৰে অঘটন সংঘটিত হৈ ৫গৰাকী লোকৰ মৃত্যু হয়৷ জম্মু-কাশ্মীৰৰ বাল্টাৰত মঙলবাৰে অমৰ নাথ যাত্ৰীয়ে যাত্ৰা কৰি থকাৰ সময়তে ভূমিস্খলনত ৫ জন তীৰ্থযাত্ৰীৰ মৃত্যু হয়৷ মৃতকৰ মাজত এগৰাকী মহিলা তীৰ্থযাত্ৰীও আছে৷ কেইবাগৰাকী লোক আহতও হয়৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে উদ্ধাৰকাৰী দল অৱস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে৷
বিগত দুই তিনি দিন ধৰি বৰষুণ দি থকাৰ ফলত আধাতা ৰখোৱা হৈছিল তীৰ্থযাত্ৰীক৷ শুকুৰবাৰৰ পৰা ভূমিস্খলন আৰম্ভ হোৱাত বাল্টাল অঞ্চলত ৰখাই দিয়া হৈছিল তীৰ্থযাত্ৰীক৷ জম্মু কাশ্মীৰৰ আৰক্ষীয়ে টুইট কৰি কয় যে SDRF, MRT আৰু ITBP উদ্ধাৰ অভিযান আৰম্ভ কৰিছে৷ চিকিৎসকৰ দলো উপস্থিত হয়৷