গুৱাহাটীঃ পাকিস্তানৰ আশিসপুস্ত সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদে যোৱা ১৪ ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰৰ পুলোৱামত চি আৰ পি এফ বাহিনীৰ ওপৰত কৰা বৰ্বৰ আক্ৰমণৰ ঘটনাক তীব্ৰ নিন্দাকৰিছে অসম নাগৰিক সমাজে।

সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অসম নাগৰিক সমাজে পুলোৱাম-কাণ্ড সন্দৰ্ভত এক সংবাদ মেল সম্বোধন কৰি কয়, পাকিস্তানৰ চোৰাংচোৱা সংন্থা আই এছ আইৰদ্বাৰা নিয়ন্ত্ৰিত জইছ-ই-মহম্মদ, লস্কৰ-ই-তৈবা, জামাত-উদ-দাৱাৰ দৰে সন্ত্ৰাসবাদী সংগঠনসমূহৰ বিৰুদ্ধে সমগ্ৰ বিশ্ব ঐক্যবদ্ধভাৱে থিয় দিব লাগিব। সন্ত্ৰাসবাদীয়ে কেৱল ভাৰতৰ নিৰাপত্তা বাহিনী ওপৰত এই আক্ৰমণ কৰা নাই, পৰোক্ষভাৱে এই আক্ৰমণ কাশ্মীৰীৰ ওপৰত কৰা আক্ৰমণ আৰু এয়া হৈছে কাশ্মীৰবাসী জীৱনক পণ কৰি খেলা এক ক্ষমতাৰ খেল। নাগৰিক সমাজে এনেদৰে আভিহিত কৰি এই আক্ৰমণৰ লগত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়।

নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞাই কয় যে দেশৰ চোৰাংচোৱা সন্থাই আগতীয়াকৈ আশংকা প্ৰকাশ কৰি গৃহমন্ত্ৰণালয়ক অৱগত কৰাৰ পাছতো কিয় উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে, তাৰো তদম্ত হ’ব লাগে। পাঁচ লাখ সৈন্যই জম্মু-কাশ্মীৰত নিৰাপত্তা দিশটো তদাৰক কৰি থকা পাছতো ইমান ভয়ংকৰ ঘটনা কাৰ গাফিলতি বাবে হ’বলৈ পালে তাৰ উপযুক্ত তদন্ত হ’ব লাগে আৰু সেইদিনা নিৰাপত্তাৰক্ষীৰ স্থানান্তৰৰ যাৱতীয় নিয়ম-নীতি আৰু প্ৰক্ৰিয়া (ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউ) মানি চলা হৈছিল নে নাই, তাৰো বিচাৰ হ’ব লাগে বুলি অসম নাগৰিক সমাজে দাবী জনায়।

অসম নাগৰিক সমাজে আন এক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰি কয় যে কাশ্মীৰৰ ঘটনাটোক লৈ একাংশ হিন্দু ধৰ্মান্ধ লোকে ভাৰত চৰকাৰৰ প্ৰত্যক্ষ সহযোগত ভাৰতৰ সকলো সংখ্যালঘু ধৰ্মীয় লোকক সন্ত্ৰাসবাদী বুলি অভিহিত কৰা এক পৰিকল্পিত ষড়যন্ত্ৰত মিলিত হৈছে। যিদৰে সকলো অসমীয়া আলফা নহয়, ঠিক একেদৰে কাশ্মীৰী মানেই সন্ত্ৰাসবাদী নহয়। কাশ্মীৰত আজিও লাখ লাখ মানুহে হাতৰ মুঠিত জীৱনটো লৈ বাচি আছে। 

কাশ্মীৰ ভাৰতৰে এক অংগ, তাৰ অৰ্থ এইটো হ’ব নালাগে যে তাত থকা সম্পদ-মাটিখিনি কেৱল ভাৰতৰ প্ৰাপ্য। কাশ্মীৰীসতলো ভাৰতৰে এক অংশ। সেয়ে তেওঁলোকক লগত লৈহে সন্ত্ৰাসবাদী আৰু জেহাদৰ বিৰুদ্ধে থিয় দিব লাগিব। তেতিয়াহে তাত সুফল পোৱা যাব বুলি উল্লেখ কৰে নাগৰিক সমাজে।

ইফালে, এই ঘটনাক কেন্দ্ৰ কৰি শাসকীয় বি জে পিয়ে যুদ্ধোন্মাদো আৰু ধৰ্মোন্মাদনা সৃষ্টি কৰা প্ৰসংগত অজিত কুমাৰ ভূঞাই কয় যে বি জে পিয়ে সমগ্ৰ বিষটো এক নিৰ্বাচনী হাথিয়া হিচাপে ব্যৱহাৰ কৰিছে। কাৰণ আজি শাসকীয় পক্ষই এনেদৰে শাসন কৰিব বিচাৰিছে যে চৰকাৰৰ আৰু বি জে পিৰ মতেই জনসাধাৰণৰ মত হওক।

কোনোৱে যদি তেওঁলোকৰ মতৰ বিপক্ষে গৈ কথা কয় তেতিয়াই শাসকীয় পক্ষই তেনে ব্যক্তিৰ বিৰুদ্ধে দেশদ্ৰুহি আৰু পাকিস্তানৰ সমৰ্থক বুলি অভিহিত কৰা এক বাতাবৰণ ৰচনা কৰিছে। এই সম্পৰ্কত তেওঁ আৰু কয় শাসকীয় পক্ষই এই কাৰ্যৰ জৰিয়তে জনসাধাৰণক ভাৰতীয় সংবিধানে প্ৰদান কৰা বাক স্বাধীনতা খৰ্ব কৰিছে। 

তাপৰ্যপূৰ্ণভাৱে তেওঁ কয় যে শাসকীয় পক্ষৰ বহু নেতা-মন্ত্ৰীয়ে আজি সামাজিক মাধ্যমত মুকলিকৈ দেশদ্ৰুহী মন্তব্য কৰি আছে যদিও তেওঁলোকৰ বিৰুদ্ধে একো কৰা হোৱা নাই। ইয়াৰ বিপৰীতে, চৰকাৰৰ বিপক্ষে মাত মতা সকলক আজি দেশদ্রোহী হিচাপে অভিহিত কৰাৰ বাবে শাসকীয় পক্ষই উঠি পৰি লগা দেখা গৈছে। সেই কাৰ্যক গৰিহণা দিয়াৰ লগতে জনসাধাৰণৰ বাক স্বাধীনতাত হস্তক্ষেপ নকৰিবলৈ সকীয়নি প্ৰদান কৰে।

উপ-সভাপতি পৰেশ মালাকাৰে কয় যে কাশ্মীৰৰ সমস্যা যদি চৰকাৰে সমাধান কৰিব বিচাৰিছে তেন্তে ৰাজনৈতিকভাৱে তাক সমাধান কৰিব লাগিব। তাৰ বাবে কাশ্মীৰৰ জনসাধাৰণক আস্থাত লৈ আলাপ-আলোচনা কৰাৰ প্ৰয়োজন বুলি উল্লেখ কৰে।

আনহাতে এই সংবাদ মেলতে সংগঠনটোৱে বিষাক্ত চুলাই মদ সেৱন কৰি গোলাঘাট আৰু যোৰহাট জিলাত সংঘটিত হোৱা মৰ্মান্তিক ঘটনাৰ সন্দৰ্ভতো অভিমত ব্যক্ত কৰে। এই সন্দৰ্ভত সংগঠনতো কাৰ্যকৰি সভাপতি প্ৰশান্ত ৰাজগুৰুৱে কয় যে সুৰাৰ ক্ষেত্ৰত অসম চৰকাৰে বিগত তিনি বছৰত গ্ৰহণ কৰা ভুল নীতি বাবে এই মৰ্মান্তিক ঘটনাটো সংঘটিত হ’ল। কাৰণ অসম চৰকাৰে সুৰাৰ ক্ষেত্ৰত পূৰ্বৰ নীতিসমূহ সংশোধন ঘটাই কেৱল ৰাজহ বৃদ্ধি দিশটো প্ৰতি গুৰুত্ব দিয়াৰ বাবে আজি এই দশা হ’বলগীয়া হৈছে বুলি ৰাজগুৰুৱে অভিযোগ কৰে। 

এই সম্পৰ্কত তেওঁ লগতে কয় কংগ্ৰেছ চৰকাৰে বিগত ১৫ বছৰত সুৰাৰপৰা আহৰণ কৰিছিল সৰ্বমুঠ ৪০০০ কোটি টকা আৰু বি জে পি চৰকাৰখনে ৩ বছৰতে সুৰাৰপৰা সংগ্ৰহ কৰা ৰাজহৰ  পৰিমাণ ৩৩০০ টকা। ফলত দৰিদ্ৰ লোকসকলে চৰকাৰে প্ৰস্তুত কৰা দামী সুৰা নাখায় কম দামত অ-বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰা সুৰা গ্ৰহণ কৰিছে। ফলত এনে ধৰণৰ ঘটনাসমূহ সংঘটিত হৈছে। নাগৰিক সমাজে লগতে দাবী কৰে যে এই সমগ্ৰ বিষটো এক দণ্ডাধীশ পৰ্যয়ৰ তদন্ত হ’ব লাগে আৰু দোষিক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে।