♦ স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে সোচ্ছাৰ আমগুৰিৰ জাতীয় সংগঠন
আমগুৰিঃ চুবুৰীয়া যোৰহাট আৰু গোলাঘাট জিলাৰ লগতে সমগ্ৰ ৰাজ্যজুৰি অবৈধ সুৰা-কাণ্ডত ডেৰশতাধিক সুৰাপায়ীৰ অকাল মৃত্যুৰ পাছত চৌদিশে এতিয়া প্ৰতিবাদৰ জোৱাৰ উঠা দেখা গৈছে।
যোৰহাট আৰু গোলাঘাট-কাণ্ডৰ পাছত সমগ্ৰ ৰাজ্যতে চৰকাৰী পৃষ্ঠপোষকতাত চুলাই বন্ধ হোৱাৰ সময়তেই শিৱসাগৰ জিলাৰ আমগুৰিত ৰজাঘৰীয়া বদান্যতাত তথা আবকাৰী বিভাগৰ ছত্ৰছায়াতে চুলাইৰ ৰমৰমীয়া বেহা চলি থকাৰ অভিযোগত সোমবাৰে আমগুৰিত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে স্থানীয় আবকাৰী কাৰ্যালয় ঘেৰাও কৰাৰ লগতে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিকৃৰ্তি দাহ কৰে।
উল্লেখযোগ্য যে, আমগুৰি সমষ্টিৰ অন্তৰ্গত দেওৰজা, চামগুৰি, ৰামুঙীয়া, লালিমচিগা, বৰচিলা, দোপদৰ, হালোৱাটিং আদি অঞ্চলত এতিয়াও অসংখ্য ভাতীত প্ৰতিদিনে প্ৰস্তুত হয় হাজাৰ হাজাৰ লিটাৰ চুলাই মদ। আবকাৰী বিভাগে এই অবৈধ ভাতীসমূহ কমিচনৰ অংকত চলিলৈ দিয়া কাৰ্যৰ বিৰোধিতা কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমগুৰিৰ আবকাৰী কাৰ্যালয় ঘেৰাও কৰাৰ লগতে আবকাৰী মন্ত্ৰীৰ পুত্তলিকা দাহ কৰে। সমগ্ৰ অঞ্চলটোতে এতিয়াও চলি থকা মৃত্যুদূতৰূপী চুলাইৰ ভাতীসমূহ বন্ধ কৰাৰ দাবী জনায় সংগঠনটোৱে।
উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাই সংবাদ মাধ্যমৰ আগত আমগুৰিৰ সংগঠনসমূহে ধনৰ বিনিনয়ত চুলাই ভাতীসমূহ চলিবলৈ দিছে বুলি অভিযোগ কৰা এক মন্তব্যৰ প্ৰতাহ্বান জনাই আবকাৰী বিভাগ তথা বিধায়কে এনে অবৈধ ভাতীসমূহ ভাঙিব নোৱাৰিলে সংগঠনক দায়িত্ব অৰ্পণ কৰিবলৈ দাবী জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয় গণ মঞ্চই।