♦ পুথিভঁৰালৰ সৎ ব্যৱহাৰে মানুহৰ জীৱন উজ্জ্বল কৰি তুলেঃ উপায়ুক্ত ঋতুৰাজ বৰা 

মৰিগাঁওঃ পুথিভঁৰালৰ সৎ ব্যৱহাৰে মানুহৰ জীৱন উজ্জ্বল কৰি তুলে। এই মন্তব্য মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ। মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ নৱনিৰ্মিত পুথিভঁৰাল আৰু গৱেষণা কেন্দ্রৰ ভৱনটো উদ্বোধন কৰি দিয়া ভাষণত উপায়ুক্ত ঋতুৰাজ বৰাই পুথিভঁৰালে মানুহৰ জীৱন কেনেকৈ পৰিৱৰ্তন কৰি তুলিব পাৰে তাৰ ওপৰত এক গুৰুত্বপূৰ্ণ বিশ্লেষণ আগবঢ়ায়। 

তদুপৰি উপায়ুক্ত বৰাই কয় মানুহ হৈছে সমাজপ্ৰিয় জীৱ। এখন শুদ্ধ আৰু স্বচ্ছ সমাজ ব্যৱস্থাই মানুহক উদ্বুদ্ধ কৰি তুলে। সমাজৰ বাবে ভাল কাম কৰিবলৈ ডাঙৰ ডাঙৰ দালান নহলেও হয় বুলি তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাৰ সভাপতিত্ব আৰু সম্পাদক জিতুমনি নাথে আঁত ধৰা উদ্বোধনী সভাখনত মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কিশোৰ ঠাকুৰীয়া, সাহিত্যিক ড০ নৱকান্ত বৰদলৈ, মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি বুবুমনি গোস্বামী, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকা, নিবন্ধকাৰ মিলেশ্বৰ পাতৰ, প্ৰাক্তন বিধায়ক হৰেন্দ্ৰ বৰা, শিল্পী অশোক ডেকাকে প্ৰমুখ্যে কৰি ব্যক্তিসকলে ভাষণ প্ৰদান কৰে। 

মিকিৰভেটা ৰাজহ চক্ৰৰ বিষয়া পলাশ আহোম, আবকাৰী বিষয়া মুছাৰব হুছেইন, জিলা তথ্য আৰু জনসংযোগ বিষয়া সুনিতি নাৰ্জাৰী আদি কৰি জিলাখনৰ কেইবাটাও জাতীয় সংগঠনৰ প্ৰতিনিধি, জ্যেষ্ঠ নাগৰিক, বুদ্ধিজীৱী, মৈৰাবাৰী, লাহৰিঘাট, পূব মৰিগাঁও, জাগীৰোড সাংবাদিক সংন্থা আদিয়ে অংশগ্ৰহণ কৰা সভাখনত মৰিগাঁও জিলা সাংবাদিক সংস্থাই গ্ৰহণ কৰা ভূমিকাক শলাগ লয়।

উল্লেখ্য যে মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ পুথিভঁৰাল আৰু গৱেষণা কেন্দ্রৰ ভৱনটো তিৱা স্বায়ত্ব পৰিষদৰ ১০ লাখ টকা, জিলা প্ৰশাসনৰ সহযোগত জিলা পৰিষদৰ পূুঁজিৰ ৫ লাখ টকা, জিলাখনৰ পঞ্চায়ত সচিব সন্থাৰ লগতে মৰিগাঁৱৰ ব্যৱসায় আৰু বিভিন্ন ব্যক্তিৰ অৰ্থ সাহায্যত নিৰ্মাণকাৰ্য সম্পাদন কৰা হয়।