নগাঁওঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ চকলাঘাটৰ ব্ৰাহ্মনগাঁৱত অৱস্থিত হাতীচোং শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী সমাৰোহৰ দ্বিতীয় দিনা এক শোভাযাত্রা উলিওৱা হয়|
প্ৰান্তীয় শিশু বাটিকা প্ৰমুখ ৰজনী শৰ্মাই পুৱা ১০ বজাত শুভাৰম্ভ কৰা শোভাযাত্রাটিত ভাৰত নাট্যম, শংকৰী নৃত্য, বিদ্যালয়ৰ প্ৰতীক চিহ্ন, কৃষ্ণ নৃত্য, বিহু নৃত্য, খোল বাদন, ভোৰতাল নৃত্য, আয়তীৰ ঢোল বাদনকে আদি সন্নিবিষ্ট কৰা হয়|
অৱশ্যে ৰাইজৰ তাকৰীয়া উপস্থিতিয়ে বিশেষ আকৰ্ষিত কৰিব নোৱাৰিলে অঞ্চলবাসীক৷ বিয়লি ৩ বজাত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথিৰ ভাষণত নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুৰজিৎ ভাগৱতীয়ে কয় যে বৰ্তমান তথ্য-প্ৰযুক্তিৰ দিনত মানুহৰ জীৱন শৈলী সলনি হৈছে| বৰ্তমান ছাত্র-ছাত্রীৰ ম'বাইল প্ৰীতিয়ে অধ্যয়নৰ ক্ষেত্রত কিছু প্ৰভাৱ পেলাইছে| ছাত্র-ছাত্রী সকলৰ ম'বাইল প্ৰীতিত অভিভাৱকসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব|
বিশিষ্ট শিক্ষাবিদ ড০ ভাগৱতীয়ে লগতে আৰু কয় যে পৃথিৱীত শিক্ষাৰ সীমা নাই| শিক্ষা আহৰণৰ লগতে শিক্ষকসকলো অধ্যয়নশীল হ’ব লাগিব| কাৰণ ছাত্র-ছাত্রীয়ে অনুকৰণ কৰা প্ৰথম ব্যক্তিজনেই বিদ্যালয়ৰ শিক্ষক|
বিশিষ্ট শিশু সাহিত্যিক তথা নুপুৰ মোমাইদেউ খ্যাত ত্ৰৈলোক্য ভট্টাচাৰ্যই সভাপতিত্ব কৰা সভাখনিত বটদ্ৰৱা সমষ্টিৰ বিধায়িকা তথা উদযাপন সমিতিৰ সভাপতি আঙুৰলতা ডেকাই কয় যে শিক্ষানুষ্ঠান মানে মানুহ তৈয়াৰ কৰা অনুষ্ঠান| শিক্ষানুষ্ঠানত ডাক্তৰ, ইঞ্জিনিয়াৰ তৈয়াৰ কৰাতকৈ মানুহ গঢ় দিবলৈ শিক্ষক সমাজৰ প্ৰতি আহ্বান জনায়|
সাংস্কৃতিক কৰ্মী দৰ্শন মহন্তই আঁত ধৰা মুকলি সভাখনি প্ৰবীন শিক্ষাবিদ ৰানা প্ৰকাশ বৰাই উদ্বোধন কৰে| সভাত বিশিষ্ট শিক্ষাবিদ পূৰ্ণ চন্দ্ৰ বেজবৰুৱা, প্ৰধান আচাৰ্যা তৰুলতা বৰা হাজৰিকা, নিৰ্মল চন্দ্ৰ শইকীয়া, মহীন্দ্ৰ মহন্ত, শিক্ষক তথা সাংবাদিকসমীৰ হাজৰিকা, জ্যোতিপ্ৰসাদ বৰা, তৰুণ শইকীয়া, পুনুকন হাজৰিকা আদি উপস্থিত থাকে|
উক্ত সভাতে উৎপল হাজৰিকাৰদ্বাৰা সম্পাদিত 'উত্তৰণ’ নামৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে ড০ সুৰজিৎ ভাগৱতীয়ে| সভাত নিকেতনৰ আৰ্চায-আৰ্চাযাসকলৰ সমবেত সংগীত, কৃৰ্তী শিক্ষক নাৰায়ন মহন্তৰ কবিতা আবৃতি আৰু বিদ্যালয়ৰ ছাত্র-ছাত্রীসকলৰ নৃত্য-গীত পৰিৱেশনে সভাখনি জীপাল কৰি তোলে|
নিশালৈ অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰে অশোক বৰঠাকুৰে| কাইলৈৰ কাৰ্যসূচীসমূহৰ ভিতৰত আছে প্ৰাক্তন ছাত্র মুন্না বৰা সোঁৱৰণি তৰ্ক প্ৰতিযোগিতা, ছাত্র-ছাত্রীৰদ্বাৰা আয়োজিত বিচিত্রানুষ্ঠান।