![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/kaz.jpg?itok=1FCne7_U)
কাজিৰঙাঃ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় গোলাঘাটৰ উদ্যোগত আৰুজেডিএছজি মহাবিদ্যালয়ৰ আভ্যন্তৰীণ যান নিশ্চিতকৰণ কোষৰ সহযোগত মহাবিদ্যালয়খনিৰ ডিজিটেল শ্ৰেণীকোঠাত বুধবাৰে এখনি পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা সভা অনুষ্ঠিত হয়৷
অধ্যক্ষ ড° জয়ন্ত গগৈৰ সঞ্চালনাত অনুষ্ঠিত এই সজাগতা সভাত জিলা পৰিবহণ বিষয়া মনোজ কুমাৰ চৌধুৰী, যানবাহন পৰিদৰ্শকদ্বয় ক্ৰমে পৰাগ শইকীয়া আৰু বাহাৰুল ইছলাম মজুমদাৰ, বলবৎকাৰী পৰিদৰ্শক ৰিক কুমাৰ দাস, আভ্যন্তৰীণ যান নিশ্চিত কোষৰ সমন্বয়ক গোপীকানন্দ শইকীয়া, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, সহযাগী অধ্যাপক তথা সমল ব্যক্তি অতুল বেজবৰুৱা, সাংবাদিক উত্তম শইকীয়া, ভৱানন্দ কলিতা, ৰঞ্জিত ৰজক প্ৰমুখ্যে ভালে সংখ্যক শিক্ষক কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য ৰাইজে সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰে৷
জিলা পৰিবহণ বিষয়া তথা যানবাহন পৰিদৰ্শকদ্বয়ে পথ সুৰক্ষাৰ বিভিন্ন দিশ, ল’ব লগা সাৱধানতা, যানবাহন আইনৰ বিভিন্ন গুৰুত্বপূৰ্ণ দফা ইত্যাদিৰ বিষয়ে মনোজ্ঞ আলোচনা আগবঢ়ায়৷ সমল ব্যক্তি অতুল বেজবৰুৱাই গীত-মাতৰ জৰিয়তে পথ-সুৰক্ষাৰ বাৰ্তা মনোগ্ৰাহীকৈ দাঙি ধৰে।
মহাবিদ্যালয়খনিৰ ছাত্ৰ ৰাজদ্বীপ ডেকা আৰু সংগীৰ স’তে ওজাপালিৰ জৰিয়তে পথ-সুৰক্ষাৰ সম্পৰ্কীয় বাৰ্তা দাঙি ধৰে৷ সভাত উপস্থিত থাকি বিশিষ্ট সাংবাদিক জিতু শৰ্মা ৰাজখোৱাই যুৱ-প্ৰজন্মৰ মাজত সততে দেখা পোৱা ষ্টান্টপ্ৰিয় স্বভাৱ, দুৰ্ঘটনাৰ বৰ্দ্ধিত হাৰ, বিগত বৰ্ষকেইটাত বোকাখাতত অকালতে মৃত্যুক সাৱটি লোৱা ব্যক্তিসকলে পতিত হোৱা দুৰ্ঘটনাসমূহৰ সন্দৰ্ভত আলোকপাত কৰি এই ক্ষেত্ৰত জিলা পৰিবহণ বিভাগে লোৱা উদ্যোগৰ ভূয়সী প্ৰশংসা কৰে৷
এনে কাৰ্যক্ৰমৰ সমভাগী হৈ জেডিএছজি মহাবিদ্যালয়ে গ্ৰহণ কৰা প্ৰয়াসৰো তেওঁ শলাগ লয়। বলবৎকাৰী পৰিদৰ্শক ৰিক কুমাৰ দাসও পথ-সুৰক্ষা সম্বন্ধীয় সজাগতাৰ প্ৰয়োজনীয়তা সম্বন্ধে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে। দুৰ্ঘটনাসমূহ ক্ৰমান্বয়ে বেছিকৈ সংঘটিত হোৱাৰ প্ৰেক্ষাপটত উচ্চ শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান জেডিএছজি মহাবিদ্যালয়ত এনে সজাগতা শিবিৰৰ প্ৰয়োজন কৰাৰ বাবে তথা এই শিবিৰত উপস্থিত সকলোকে মহাবিদ্যালয়খনিৰ হৈ আভ্যন্তৰীণ যান নিশ্চিতকৰণ কোষৰ কাৰ্যালয় সচিব ড° জয়ন্ত দাসে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷