
বৰেপেটাঃ বুধবাৰে বৰপেটাৰ হাউলীত এক ভয়ংকৰ দুৰ্ঘটনা দুজন লোক নিহত হয়৷
জানিব পৰা মতে হাউলীৰ ব্লক অফিচৰ সমীপৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চুইফট ডিজায়াৰত আহি থকাৰ অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই দুইজন লোকে মৃত্যুক সাবতি লয়৷
এই শোকাৱহ দুৰ্ঘটনাত নিহত হোৱা দুজন ৰাকেশ দাস(২৪), পিতা: উমেশ দাস, খাটালপাৰা, হাউলী আৰু দ্বিতীয়জন নিকুঞ্জ দাস(২৫), পিতা: ভবেন দাস, জলজলী, হাউলীৰ বাসিন্দা আছিল৷
আনহাতে, তেওঁলোকৰ লগত আন এজন আছিফ আলী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বুলি জানিব পৰা গৈছে৷