জাগীৰোডঃ তিৱা লোকবাদ্য শিল্পী মুকুন্দ টেৰনক বৰলুইত কলা-কৃষ্টি বিকাশ কেন্দ্ৰই এইবৰ্ষৰ মুক্তিযুঁজাৰু কমল মহন্ত সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰে।
শুকুৰবাৰে নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনৰ খেলপথাৰত অনুস্থিত হোৱা বিহুৰ কৰ্মশালা আৰু থাইলেণ্ডৰ লোকনৃত্যৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনৰ উদ্যোগত, বৰলুইত কলা-কৃষ্টি বিকাশ কেন্দ্ৰ আৰু জিএলপি ছ’চিয়েল চাৰ্কলৰ সহযোগত তিৱা লোকবাদ্য শিল্পী মুকুন্দ টেৰনক তিৱা লোক সংস্কৃতিত আগবঢ়াই অহা অবদানৰ বাবে মুক্তিযুঁজাৰু কমল মহন্ত সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়।
বঁটা প্ৰদান অনুষ্ঠানত বৰলুইত কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ প্ৰশিক্ষক জীনা ৰাজকুমাৰী, তিৱা লোক নৃত্যৰ গুৰু নাদিৰাম দেউৰী, পদ্মশ্ৰী নৃত্যাচাৰ্য যতীন গোস্বামী, সংগীত শিল্পী পদ্মনাথ বৰদলৈকে ধৰি সাংস্কৃতিক জগতৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
তিৱা লোকবাদ্য শিল্পী মুকুন্দ টেৰনে ১৯৭২ চনৰপৰা বৰ্তমানলৈকে তিৱা সাংস্কৃতিক জগতখনলৈ অৱদান আগবঢ়াই আহিছে। শিল্পী মুকুন্দ টেৰনে ১৯৭২ চনৰপৰা ১৯৮৫ চনলৈ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ যুৱ বাণী অনুষ্ঠানৰ লঘু সংগীতৰ সুৰ বজাইছিল। ২০০৬ চনৰপৰা বৰ্তমানলৈকে নগাঁও অনাতাঁৰ কেন্দ্ৰৰ লোকগীতৰ অনুষ্ঠানত বাঁহী বাদন কৰি আছে আৰু ২০০৮ চনৰপৰা বৰ্তমানলৈকে তিৱা কাণ্ঠিজুৰি চাল সমাজৰ লগত বিশেষভাৱে জড়িত হৈ আছে।