নগাঁওঃ "দৈনিক জনমভূমি" কাকতৰ নগাঁৱৰ সাংবাদিক ভাস্কৰজ্যোতি মেধিলৈ আগবঢ়োৱা হৈছে "অনুপ্ৰেৰণা"বঁটা। সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বৰঙনিৰ বাবে ৰাজ্যৰ অগ্ৰনী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান "অনুপ্ৰেৰণা"ই সাংবাদিকজনলৈ এই বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে৷
আজি নগাঁৱত "অনুপ্ৰেৰণা"ৰ সাধাৰণ সম্পাদক দীপজ্যোতি শইকীয়াই আনুষ্ঠানিকভাৱে এই কথা প্ৰকাশ কৰে৷ উল্লেখ্য যে, সাহিত্য সংস্কৃতি, সামাজিক আদি বিভিন্ন ক্ষেত্ৰলৈ অনবদ্য বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তি সকলক "অনুপ্ৰেৰণা"ই অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে বঁটা আৰু সম্বৰ্ধনা জনাই আহিছে।
এইবাৰ প্ৰথম বাৰৰ বাবে সংবাদ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে "অনুপ্ৰেৰণা"ই অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাগৰাকী সাংবাদিকক "অনুপ্ৰেৰণা" বঁটা প্ৰদান কৰিব৷ এই বঁটাৰ বাবে অসমৰ দুগৰাকী সাংবাদিক "দৈনিক জনমভূমি"ৰ ভাস্কৰজ্যোতি মেধি আৰু জি এল পাব্লিকেশ্যনৰ সাংবাদিক মহেশ চৌধুৰীক নিৰ্বাচিত কৰা বুলি "অনুপ্ৰেৰণা"ৰ সাধাৰণ সম্পাদক দীপজ্যোতি শইকীয়াই সদৰি কৰে।
অহা এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এক গাম্ভিৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হ’ব। উল্লেখ্য যে, "দৈনিক জনমভূমি"ৰ নগাঁৱৰ সাংবাদিক হিচাপে ২০০৩ চনৰপৰা সংবাদ সেৱা আগবঢ়াই অহা ভাস্কৰজ্যোতি মেধি নগাঁও প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে।