অঞ্জনজ্যোতি শৰ্মা, ওদালগুৰি

ওদালগুৰিঃ দৰিদ্ৰতাৰ প্ৰাচীৰ ভাঙি জিলিকিল ওদালগুৰিৰ দুই সন্তান হিমাংশু চৌধুৰী আৰু দেৱব্ৰত দাস। অধ্যাৱসায় আৰু মনোবল থাকিলে যে দৰিদ্ৰতাইও হেঙাৰ হ’ব নোৱাৰে তাৰেই এক উদাহৰণ ওদালগুৰিৰ এই দুই শিক্ষাৰ্থী। কালি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ওদালগুৰিৰ অতি দৰিদ্ৰ পৰিয়ালৰ দুই ছাত্ৰ গোলমা গাঁও হাইস্কুলৰ হিমাংশু চৌধুৰী আৰু শংকৰদেৱ মিচন হাইস্কুলৰ দেবব্ৰত দাসে সুখ্যাতিৰে উত্তীৰ্ণ পৰিয়াল তথা অঞ্চলৱাসীলৈ গৌৰৱ কঢ়িয়াই আনে। 

আনৰ ঘৰত ৰঙৰ কামেৰে দিনহাজিৰা কৰি কোনোমতে সংসাৰখন পোহপাল দি থকা ওদালগুৰি গোলমাগাঁওৰ প্ৰভাত চৌধৰীৰ পুত্ৰ হিমাংশুৱে পাঁচটা বিষয়ত লেটাৰ নম্বৰসহ ৮৩ শতাংশ লাভ কৰে। প্ৰাপ্ত নম্বৰ অনুসৰি তেওঁ মাতৃভাষা অসমীয়াত ৮৬ নম্বৰ, ইংৰাজীত ৬০ নম্বৰ, সাধাৰন গনিতত ৯৫ নম্বৰ, সাধাৰন বিজ্ঞানত ৮১ নম্বৰ, সমাজ বিজ্ঞানত ৮৯ নম্বৰ আৰু হিন্দীত ৮৭ নম্বৰসহ মুঠ ৪৯৮ নম্বৰ লাভ কৰে। গোলমাগাঁও হাইস্কুলৰপৰা অৱতীৰ্ণ হোৱা ছাত্ৰজনৰ এনে সাফল্যই পৰিয়াল, বিদ্যালয়খনৰ লগতে অঞ্চলটোলৈ আশাৰ সঞ্চাৰ কঢ়িয়াই আনে। 

সাংবাদিকৰ হোৱা সাক্ষাৎকাৰত হিমাংশুৱে ভৱিষ্যতে এজন অভিযন্তা হোৱাৰ লক্ষ্যৰ আগবাঢ়ি যোৱাৰ কথা উল্লেখ কৰে। বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে সাংবাদিকক জানিবলৈ দিয়ে যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা হিমাংশুৱে পৰীক্ষাৰ অন্তত বিদ্যালয়ৰ ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰাৰ ইচ্ছা প্ৰকাশ কৰাত শিক্ষাৰ্থীগৰাকীৰ আগ্ৰহক বাস্তৱত ৰূপ দি বিদ্যালয়খনত তেওঁক পাঠদান কৰাৰ অনুমতি দিছিল শিক্ষকে। ইয়াৰ পাছত হিমাংশুৱে নিয়াৰিকৈ আজি পৰ্যন্ত পাঠদান কৰি যোৱাৰ কথা বিদ্যালয়খনৰ শিক্ষক সমাজে জানিবলৈ দিয়ে। 

ইফালে, ওদালগুৰিৰে শংকৰ নগৰৰ ধনঞ্জয় দাসৰ পুত্ৰ দেৱব্ৰত দাসে ওদালগুৰি শংকৰদেৱ মিচন হাইস্কুলৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতি অৰ্জন কৰি দৰিদ্ৰ পৰিয়লটোৰ লগতে বিদ্যালয় আৰু অঞ্চলটোলৈ গৌৰব কঢ়িয়াই আনে। ছাত্ৰগৰাকীৰ দেউতাকে দিনহাজিৰা কৰি কোনো মতে ঘৰখন চলাই আছে। তেনে অৱস্থাত ছাত্ৰজনে ৭৭.৫ শতাংশ নম্বৰসহ ষ্টাৰমাৰ লাভ কৰে। তেওঁ প্ৰাপ্ত নম্বৰ অনুসৰি অসমীয়াত ৮২ নম্বৰ, ইংৰাজীত ৬৭ নম্বৰ, সাধাৰণ গনিতত ৯১ নম্বৰ, সাধাৰন বিজ্ঞানত ৮২ নম্বৰ, সমাজ বিজ্ঞানত ৮১ নম্বৰ আৰু হিন্দীত ৬২ নম্বৰসহ মুঠ ৪৬৫ নম্বৰ লাভ কৰে। 

আৰ্থিক দৈন্যতাত ককবকাই থকাই পৰিয়াল দুটাৰ দুয়োগৰাকী শিক্ষাৰ্থীৰ উচ্ছ শিক্ষা দিয়াতো পৰিয়াল দুটাৰ সম্ভৱপৰ নহয়। তেনে ক্ষেত্ৰত কোনো সদাশয় লোকে ছাত্ৰদুজনক সহায়ৰ হাত আগবঢ়ালে ছাত্ৰ দুগৰাকীয়ে উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত সহায়ক হ’ব। ইপিনে ওদালগুৰিৰ ড্ৰীম ফ্লায়াৰ ইংলিচ স্কুলৰ এইবেলি এশ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হয়। বিদ্যালয়খনৰ পৰা ২৫ জনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰে ভিতৰত তিনিজনে ডিষ্টিংচন মাৰ্কসহ আঁঠজনে প্ৰথম বিভাগত আৰু সোতৰজনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়৷ বিদ্যালয় খনে ১০০% উত্তীৰ্ণেৰে সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱাত স্বাভাৱিকতে শিক্ষক আৰু অভিভাৱক সমাজৰ লগতে বিদ্যালয়খনত আনন্দমুখৰ পৰিৱেশৰ সূচনা হয়।