সপোন ৰহমান শইকীয়া, মৰিয়নীঃ নকছাৰি পুথিনদীৰ নদীৰ গৰাখহনীয়া ৰোধৰ বাবে প্ৰায় এক কোটি টকা ব্যয় সাপেক্ষে জি'অ বেগ সংস্থাপনৰ কাম শুকুৰবাৰে শুভাৰম্ভ কৰে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।
মৰিয়নী সমষ্টিৰ পুথিনদীৰ পাৰত ১ কোটি টকা ব্যয়সাপেক্ষে খহনীয়া প্ৰতিৰোধী আঁচনিৰ আজি আধাৰশিলা স্থাপন কৰা হয়। এই আঁচনিৰ জৰিয়তে পুথিনদীৰ খহনীয়া এলেকাটোৰ ৫৭০ মিটাৰ সামৰি জিঅ' বেগ সংস্থাপনৰ ব্যৱস্থা কৰা হ’ব।
জলসম্পদ বিভাগৰ যোৰহাট সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা দিগন্ত শৰ্মাই অৱগত কৰা অনুসৰি আগন্তুক দুটা মাহৰ ভিতৰতে এই আঁচনি সম্পূৰ্ণ হৈ উঠিব আৰু এই আঁচনিৰ জড়িয়তে পুথিনদীৰ ৰাইজ যথেষ্ট উপকৃত হ’ব।
উল্লেখ্য যে, পুথি নদীৰ ভয়াৱহ খহনীয়াৰ বাবেই পুথিনদীৰ পাশ্বৱৰ্তী অঞ্চলৰ বহু কেইটা পৰিয়াল আজিও গৃহহীন হৈ আছে। সম্প্ৰীতি ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে মথাউৰি নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰাত আনন্দিত হৈ পৰিছে পুথিনদীবাসী।
ইফালে আৱন্টিত পুঁজি যাতে সঠিক ব্যৱহাৰ হয়, তাৰ প্ৰতি দৃষ্টিত ৰাখিবলৈ স্থানীয় ৰাইজক আহ্বান জনাই বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। বিধায়ক কুৰ্মীয়ে লগতে কয় যে পুথিনদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বিধায়কগৰাকীয়ে বিভিন্ন সময়ত ৰাজ্য চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছিল।
ইফালে আজিৰ আধাৰশিলা অনুষ্ঠানত সমাজকৰ্মী নাট্যকাৰ দিপক নাথ, শিক্ষাবিদ ললিত গগৈকে প্ৰমুখ্য কৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে।