হেমন্ত কলিতা, নলবাৰী
নলবাৰীঃ এগৰাকী আশী উৰ্ধৰ অধ্যাপকে ৰে’লৰ আগত পৰি আত্মহত্যা কৰিব বিচৰা এক হৃদয়স্পৰ্শী ঘটনাই নলবাৰী জিলাৰ লগতে সমগ্ৰ ৰাজ্যবাসীকে চুই গৈছে৷
নিজৰ পুত্ৰ-কন্যাৰ চৰম নিৰ্যাতনৰ বলি হোৱা অধ্যাপক গৰাকী হৈছে সন্দিকৈ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ নন্দেশ্বৰ ৰাজ মেধি। নিজ গৃহত চৰম নিৰ্যাতনৰ সম্মুখীন হোৱা আশী উৰ্ধৰ বৃদ্ধ ড৹ নন্দেশ্বৰ ৰাজ মেধিয়ে যোৱা ২৫ মে’ত নলবাৰী ৰে’ল ষ্টেচনৰ ওচৰত ৰে’লৰ আগত পৰি আত্মহত্যাৰ চেষ্টা কৰিছিল।
অৱশেষত বিদগ্ধ পণ্ডিত গৰাকীক এক নিশ্চিত মৃত্যু মুখৰপৰা উদ্ধাৰ কৰি আনি আশ্ৰয়ৰ ব্যৱস্থা কৰে নলবাৰী চহৰস্থিত শান্তি নিৱাস বৃদ্ধাশ্ৰমত। তাৰ দুদিন পিছত পুত্ৰ-কন্যাৰ নিৰ্যাতনৰ বলি অধ্যাপক ড৹ নন্দেশ্বৰ ৰাজ মেধি ব্লেকমেইলিঙেৰে বৰপুত্ৰ লোচন ৰাজ মেধিয়ে সংঘটিত কৰিলে লজ্জাজনক ঘটনা। বৰপুত্ৰ লোচন ৰাজ মেধিয়ে মাতৃক হাতিয়াৰ কৰি লৈ পিতৃৰ পেঞ্চনৰ এটিএমখন নিবলৈ আহিল অতি কৌশলেৰে।
উল্লেখ্য যে, বৰপুত্ৰৰ এনে লজ্জাজনক কৌশলৰ কথা পিতৃয়ে তলকিবই পৰা নাছিল। অৱশেষত পিতৃৰ পেঞ্চনৰ এটিএমখন নিবলৈ সক্ষম হয় বৰপুত্ৰ। পুত্ৰ-কন্যাৰ ধন লোভী মানসিকতাৰ পৰিণতিত কনিষ্ঠ পুত্ৰই দৈনিক পিতৃক মাৰপিট কৰি অহাৰ ফলত কেইবাবাৰো আত্মহত্যাৰ চেষ্টা চলোৱা বুলি জানিব দিছিল ড৹ নন্দেশ্বৰ ৰাজ মেধিয়ে।
অতি পৰিতাপৰ বিষয়া যে পিতৃৰ পেঞ্চনৰ ধনৰ বাবে পুত্ৰই এটিএমখন অতি কৌশলেৰে নিয়া পিতৃক কিন্তু এবাৰলৈও নিম বুলি নকলে বৰপুত্ৰই। বৰপুত্ৰৰ এনে লজ্জাজনক চিন্তা চৰ্চাক লৈ পুনৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নলবাৰীত। সম্প্ৰতি, অৱশ্যে কনিষ্ঠ পুত্ৰই গ্ৰেপ্তাৰ হোৱাৰ ভয়ত এইমূহুৰ্তলৈ পলাই আছে বুলি জনা গৈছে।