নগাঁওঃ ব’হাগ পাৰ হৈ গ’ল৷ জেঠ মাহৰো এপষেক গ’ল৷ তথাপি কিন্তু ব’হাগক লৈ উৎসাহৰ আতিশয্য বৰ্তমানেও মাৰ যোৱা নাই নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত৷ উগ্ৰ আধুনিকতাৰ সোঁতত উটি-ভাহি ফুৰা একাংশ সংস্কৃতিপ্ৰেমীয়ে ব’হাগৰ আনন্দ যেন উপভোগ কৰি শেষেই কৰিব পৰা নায়৷ উল্লেখ্য যে, মুকলি পথাৰৰ প্ৰথম ব’হাগৰ মাকতাপূৰ্ণ ৰঙীন সপোন আজিৰ তাৰিখত বিচাৰি নাপালেও এই চাম সংস্কৃতিপ্ৰেমীৰ কৃপাতে জেঠ মাহৰ শেষলৈকে ব’হাগক উদ্দেশ্যি বিভিন্ন নামেৰে পতা ব’হাগী উৎসৱবোৰ আজি চুবুৰীয়ে চুবুৰীয়ে অৱস্থান কৰিছে৷ 

মুকলি পথাৰৰ পৰিৱৰ্তে নগাঁও জিলাৰ ভিন্ন ঠাইত সম্প্ৰতি শিক্ষানুষ্ঠান, নামঘৰৰ চৌহদ, ৰাজহুৱা প্ৰেক্ষাগৃহ আদিত উদযাপিত হ’ব ধৰিছে জেঠ মহীয়া ব’হাগী উৎসৱ৷ লক্ষণীয়ভাৱে কিন্তু আজিকালি বিহুমঞ্চবোৰত দেখা পোৱা নাযায় অসমীয়াৰ বাপতিসাহোন বিহুনৃত্যৰ পুৰণি ঐতিহ্য৷ বিহুনৃত্যৰ নামত আধুনিক ভেশভূষাৰে নাচনি বা ঢুলীয়াৰ উদ্দাম নৃত্যহে দেখা পোৱা যায়৷ 

আনকি বিহু দলবোৰে বিহুনৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে নিশা ১২ বজাৰ পিছতহে আহি বেলি ওলোৱালৈকে নৃত্য কৰে৷ আনহাতে, অধিকাংশ বিহুমঞ্চত আকৌ ৩০ টকাৰপৰা ১০০ টকা পৰ্যন্ত ভৰ্তি মাচুলৰ বিনিময়ত দিনে-নিশাই চলে আধুনিক নৃত্যৰ প্ৰতিযোগিতা৷ উল্লেখ্য যে, জেঠমহীয়া ব’হাগী উৎসৱে অসমীয়া কলা-কৃষ্টি-সংস্কৃতিৰ বৰপেৰা টনকিয়াল নকৰিলেও এই উৎসৱ উদযাপনৰ গইনা লৈ একাংশ উদ্যোক্তাই চান্দা সংগ্ৰহত অকণো কৃপণালী কৰা নায়৷ 

উদ্যোক্তাৰ দীঘলীয়া তালিকাত হাত দীঘল ব্যক্তিৰ নাম অন্তৰ্ভুক্তিৰে ব’হাগৰ দৰেই চান্দা সংগ্ৰহৰ নামত জিলাখনৰ আৱাসিক অঞ্চল, ব্যৱসায়িক প্ৰতিষ্ঠান অথবা চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীৰ টেবুলৰ ওচৰত ঠিয় হ’বলৈ পাহৰা নায়৷ তদুপৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতাক বিহুমঞ্চ উদ্বোধন কৰিবৰ বাবে নিমন্ত্ৰণ কৰি তেওঁলোকৰপৰা এবাৰ মোটা অংকৰ বৰঙণি সংগ্ৰহ নকৰাকৈও থকা য়৷ কোৱা বাহুল্য মাথোন, জেঠমহীয়া এই ব’হাগী উৎসৱবোৰে অসমীয়া সংস্কৃতিৰ বৰপেৰাত কি সমল গোটাইছে তাৰ সদুত্তৰ নাই কাৰোৰে হাত৷ কাজেই, অসমীয়া জাতীয় জীৱনৰ লগত সাঙোৰ খাই থকা ব’হাগ বিহুৰ পুৰণি ঐতিহ্য আজি উগ্ৰ আধুনিকতাৰ প্ৰভাৱত পৰি হেৰাই যাব ধৰাত বৌদ্ধিক মহলক চিন্তিত কৰি তুলিছে৷