নতুন দিল্লীঃ কৰ’না মহামাৰীৰ ফলস্বৰূপে সমগ্ৰ দেশতেই ঘোষণা কৰা হৈছে ‘লকডাউন’৷ এই ‘লকডাউন’ৰ সময়ছোৱাত জৰুৰী সেৱাসমূহক ৰেহাই দিয়া হৈছে৷ বেংকসমূহো জৰুৰী সেৱাৰ অন্তৰ্গত, সেয়ে খোলা ৰখা হৈছে বেংক৷ কিন্তু কৰ’না মহামাৰীৰ সংক্ৰমণৰ পৰা কৰ্মচাৰীসকলক ৰক্ষা কৰাৰ বাবে দেশৰ বেংকসমূহে অচিৰেই শাখাসমূহ বন্ধ কৰাৰ দৰে পদক্ষেপ ল’ব বুলি চৰ্চা চলিছে৷
সংবাদ প্ৰতিষ্ঠান ‘ৰয়টাৰ’ত বেংকৰ শীৰ্ষ বিষয়াৰ উধৃতিৰে প্ৰকাশ পোৱা খবৰ মতে বেংকসমূহে এতিয়াৰে পৰা চহৰ এলেকাত প্ৰতি ৫ কিলোমিটাৰৰ অন্তৰে অন্তৰেহে একো একোটা শাখা খোলা ৰাখিবলৈ পৰিকল্পনা কৰিছে৷ কোনবোৰ শাখা খোলা থাকিব আৰু কোনবোৰ সাময়িকভাৱে বন্ধ ৰখা হ’ব সেইবোৰ কথাও বেংকসমূহে চিন্তা-চৰ্চা কৰি আছে বুলি বাতৰিটোত প্ৰকাশ৷
প্ৰাপ্ত খবৰ অনুসৰি দেশৰ মুঠ জনসংখ্যাৰ ৭০ শতাংশ লোকে বাস কৰা দেশৰ গ্ৰাম্যঞ্চলত বেংকসমূহে শাখাসমূহ এদিনৰ মূৰে মূৰে খুলিবলৈ ঠিৰাং কৰিছে৷ নগদ ধনৰ ওপৰত বেছিকৈ নিৰ্ভৰশীল গাওঁবাসীয়ে এই সময়ছোৱাৰ ভিতৰত দৰকাৰী ধন-বিত উলিয়াব পাৰিব বুলি এগৰাকী জ্যেষ্ঠ বেংক বিষয়াই প্ৰকাশ কৰিছে৷ এই সময়ছোৱাত বেংকসমূহে গ্ৰাহকসকলক ডিজিটেল পদ্ধতিত লেন-দেন কৰাৰ বিষয়েও আগ্ৰহী কৰিব বুলি সূত্ৰটোৱে জনাইছে।
উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰ তথা বিভিন্ন ৰাজ্যৰ ৰাজ্য চৰকাৰসমূহে এই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ দেশৰ জনসাধাৰণৰ বাবে বিভিন্ন পেকেজ ঘোষণা কৰিছে৷ চৰকাৰী সূত্ৰসমুহে জনোৱা মতে, এই সাহায্যৰ ধন জনসাধাৰণক বেংক একাউন্টৰ জৰিয়তে পোনপটীয়াকৈ প্ৰদান কৰা হ’ব৷ জনসাধাৰণে চৰকাৰে প্ৰদান কৰিবলগীয়া সাহায্যৰ ধনসমূহ যাতে সময়মতে লাভ কৰে তাৰ বাবে এতিয়া বেংকসমূহৰ ওপৰতো আহি পৰিছে গধুৰ দায়িত্ব।