প্ৰতীকি ফটো
প্ৰতীকি ফটো

লংকাঃ লংকাৰ কপিলিপাৰত নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। আৰক্ষীৰ তৎপৰতাত কথমপি তিনি পাষণ্ডৰ হাতৰ পৰা ৰক্ষা পৰে এগৰাকী কিশোৰী।

ঘটনাৰ বিৱৰণী  মতে যোৱা  নিশা প্ৰায় ১২ বজাত কপিলীপাৰৰ নিবাসী বাবুল আহমেদে আন দুজন লোকৰ সৈতে একে গাঁৱৰে এগৰাকী ১৪বছৰীয়া কিশোৰীক মুখত গামোছাৰে মুখত বান্ধি ঘৰৰ পৰা বলপূৰ্বক উঠাই লৈ যায়।

এই অঘটনৰ কথা জানিব পাৰি কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে লংকা আৰক্ষীক খবৰ দিয়ে। লগে লগে আৰক্ষীৰ লোক বাবুলৰ ঘৰত উপস্থিত হৈ কিশোৰী গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ইফালে আৰক্ষী অহাৰ উমান পাই ঘটনাস্থলীৰ পৰা আটাইকেইজনে পলায়ন কৰে। লংকা আৰক্ষীয়ে তিনিও অভিযুক্তক বিচাৰি অভিযান অব্যাহত  ৰাখিছে যদিও এই পৰ্যন্ত কোনো সম্ভেদ উলিয়াবলৈ সমৰ্থ হোৱা নাই।

ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে বাবুল আৰু তেওঁৰ দুই সতীৰ্থৰ বিৰুদ্ধে লংকা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।