বিশেষ প্ৰতিবেদনঃ 'বয়সনো কিমান? মাত্ৰ ১৯ বছৰ। এই বয়সতেই তাই যোৱা দুমাহ ধৰি জেলত থাকিবলগীয়া হৈছে। তাইনো কি ভুল কৰিছিল? এটা মাত্ৰ কবিতাহে লিখিছিল। তাই পঢ়া-শুনাত চোকা ছোৱালী। আমি মাক-বাপেকহালে আনৰ ঘৰত হাজিৰা কৰি কোনোমতে তাইক পঢ়ুৱাই আছো। যদি তাই জেলৰ পৰা ওলাব নোৱাৰে তাইৰ ভৱিষ্যত ধ্বংস হৈ যাব।’-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম বিবিচিৰ সাংবাদিকৰ আগত এইদৰে কৈ উচুপি উঠিছিল গোলাঘাটৰ এখন কাৰাগাৰত বন্দী হৈ থকা বৰ্ষাশ্ৰী বুঢ়াগোঁহাইৰ মাতৃ ঊষাই।
দুমাহ পূৰ্বে যোৱা ১৮ মে’ত নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ সমৰ্থনত কবিতা লিখাৰ অভিযোগ উত্থাপন কৰি বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰিছিল অসম আৰক্ষীয়ে। এগৰাকী বান্ধৱীৰ ঘৰলৈ যাওতে আৰক্ষীয়ে গোলাঘাটৰ সৰুপথাৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল বৰ্ষাশ্ৰীক। যোৰহাটৰ ডিচিবি গাৰ্লছ কলেজৰ স্নাতক দ্বিতীয় বৰ্ষৰ বিজ্ঞান শাখাৰ ছাত্ৰী বৰ্ষাশ্ৰীক ইউএপিএৰ ১০ আৰু ১৩ নং ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।
জানিব পৰা মতে, যোৱা কেইমাহমানত বৰ্ষাশ্ৰীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুকত অতি কমেও ৮টা কবিতা পোষ্ট কৰিছিল। এই কবিতাসমূহৰ ভিতৰৰে এটি কবিতাৰ আধাৰত অসম আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছিল বৰ্ষাশ্ৰীক। গ্ৰেপ্তাৰৰ পিছত বৰ্ষাশ্ৰীৰ ফেচবুক টাইমলাইনৰ পৰা আটাইকেইটা কবিতাই ডিলিট কৰি দিয়া হৈছে।
'আমি হাজিৰা কৰি ছোৱালীক পঢ়ুৱাই আহিছো’
'আৰক্ষীয়ে এজাহাৰত যিটো কবিতাক লৈ মোৰ ছোৱালীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে, তাত কোনো নিষিদ্ধ ঘোষিত সংগঠনৰেই নাম লোৱা হোৱা নাই। আমি কোনোমতে পেটে-ভাতে খাই থকা মানুহ। দিন হাজিৰা কৰি ছোৱালীজনীক অতি কষ্টৰে পঢ়ুৱাই আহিছো। আমাৰ পৰিয়ালে কোনো বিদ্ৰোহী সংগঠনকে সমৰ্থন নকৰে।’- এইদৰে কয় বৰ্ষাশ্ৰীৰ পিতৃ অজিত বুঢ়াগোঁহাইয়ে।
'তাই সৰুৰে পৰা অভাৱ দেখিছে। সেয়ে তাই ভালকৈ পঢ়া-শুনা কৰিছিল। হায়াৰ ছেকেণ্ডাৰী পাছ কৰিয়ে তাই NEET দিছিল। NEET তাই পাছো কৰিছিল। কিন্তু ধনৰ অভাৱত আমি তাইক পঢুৱাবলৈ পঠিয়াব নোৱাৰিলো।’- দুখ মনেৰে এইদৰে কয় বৰ্ষাশ্ৰীৰ মাতৃয়ে।
বৰ্ষাশ্ৰীৰ গাঁওখনৰ নাম কটাৰিখাম গড়মূৰ। গাঁওখনৰ কাষেৰে বৈ গৈছে জাঁজী নৈ। চৰকাৰে উন্নয়নৰ ঢাক-ঢোল বজাই থকাৰ পিছতো টীয়ক চহৰৰ পৰা গাঁওখনলৈ যোৱা পথটো এতিয়াও পকীকৰণ হোৱা নাই। চৰকাৰৰ অভিলাসী আঁচনিসমূহে ঢুকি নোপোৱা গাঁওখনৰ একেবাৰে মূৰৰ ঘৰটোৱেই বৰ্ষাশ্ৰী বুঢ়াগোঁহাইৰ। চোতালত ভৰি থলেই বাঁহৰ বেৰত মাটি লেপি নিৰ্মাণ কৰা দুটা কোঠাযুক্ত বৰ্ষাশ্ৰীৰ পৰিয়ালটোৰ টিনৰ চালি দিয়া ঘৰটোৱে বহু কথাই কৈ যায়। ইমানদিনে নীৰৱ হৈ থকা এই ঘৰটোলৈকেই এইকেইদিন সোঁত বৈছে ৰাজ্যখনৰ বহু দল-সংগঠনৰ নেতা-কৰ্মীৰ।
আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ সন্তান হৈয়ো মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী দুয়োটা পৰীক্ষাতেই অভাৱ-অনাটনকো নেওচি লেটাৰ মাৰ্কছ লৈ উত্তীৰ্ণ হৈছিল বৰ্ষাশ্ৰী। দুয়োটা পৰীক্ষাতে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বৰ্ষাশ্ৰীৰ মেধাক লৈ আজিও গাঁওখনৰ লোকসকলে চৰ্চা কৰে। অতি পিছপৰা অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ এইগৰাকী মেধাৱী ছাত্ৰীক আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা কাৰ্যৰ বিৰুদ্ধে এতিয়া সোচ্চাৰ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠন।
বৰ্ষাশ্ৰীৰ গ্ৰেপ্তাৰৰ কাৰণক লৈ বিভ্ৰান্তি!
যোৱা ১৮ মে’ত আৰক্ষীয়ে নিজাববীয়া গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছিল বৰ্ষাশ্ৰীক। পিছদিনা কবিতা লিখা বাবেই এগৰাকী ছাত্ৰীক গ্ৰেপ্তাৰ কৰা হৈছিল বুলি ৰাজ্যখনৰ একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছিল। কিন্তু বিষয়টোক লৈ কোনেও গুৰুত্ব প্ৰদান কৰা নাছিল। দুমাহ পিছত হঠাৎ ছ’চিয়েল মিডিয়াত বিষয়টো চৰ্চালৈ আহে।
কবিতা লিখি জেলত বন্দী হৈ থকা বাবেই বৰ্ষাশ্ৰীয়ে স্নাতকৰ পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হ’ব নেকি বুলি প্ৰশ্ন উত্থাপন কৰি ৰাজ্যখনৰ অধিকাংশ নেটিজেনে ফেচবুক-টুইটাৰত চৰকাৰ-প্ৰশাসনক জবাবদিহি কৰে। ছ’চিয়েল মিডিয়াত বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবী তীব্ৰতৰ হৈ পৰাত অৱশেষত চৰকাৰ প্ৰশাসনেও বিষয়টোও মাত মাতিবলৈ বাধ্য হৈ পৰে।
অৱশ্যে ইয়াৰ মাজতে ছ’চিয়েল মিডিয়াত বৰ্ষাশ্ৰীৰ গ্ৰেপ্তাৰৰ প্ৰসংগক লৈ বিভ্ৰান্তিৰো সূত্ৰপাত হোৱা দেখা যায়। ফেচবুকত বৰ্ষাশ্ৰীৰ হৃদয়ৰ অৰণ্যত শীৰ্ষক 'আজি কবিৰ কলমত তেজৰ চেকুৰা’ বাক্যৰে আৰম্ভ হোৱা এটি কবিতা ভাইৰেল হৈ পৰে। এই কবিতাটোৰ বাবেই বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি দাবী কৰি বহুতেই ফেচবুকত পোষ্ট কৰিবলৈ আৰম্ভ কৰে। আন একাংশই আকৌ বৰ্ষাশ্ৰীয়ে যোৱা ৮ এপ্ৰিলত কৰা পোষ্ট এটিৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি সেই পোষ্টটোৰ বাবে বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰে। উক্ত পোষ্টটোত বৰ্ষাশ্ৰীয়ে লিখিছিল, 'বিপ্লৱী মনটোক যেতিয়া বাৰে বাৰে ৰাষ্ট্ৰদ্ৰোহীৰ আখ্যা দিয়া হয়, তেনেহলে মই এনেকুৱা হাজাৰটা ৰাষ্ট্ৰদ্ৰোহ কৰি যাম।'
একাংশ লোকে কবিতা লিখা বাবেই বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি পোষ্ট কৰাৰ পিছতে অসম আৰক্ষীৰ কেবাগৰাকী শীৰ্ষ বিষয়াই সেয়া অস্বীকাৰ কৰে। পৰৱৰ্তী সময়ত অসম আৰক্ষী আৰু প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ মাজতো এই লৈ ব্যাপক মতভেদ হোৱা পৰিলক্ষিত হয়।
অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই বৰ্ষাশ্ৰী প্ৰসংগ সন্দৰ্ভত 'আলফালৈ যোৱাৰ সলনি আইজনী তই জেলতেই থাক’ বুলি মন্তব্য কৰে। মহন্তই কয়, ‘সেইবোৰ মিছা কথা। কবিতা লিখাৰ বাবে তেওঁক আমি গ্ৰেপ্তাৰ কৰা নাই। কবিতা লিখক। কবিতা ময়ো লিখো। কবিতা লিখাত কোনো আপত্তি নাই। কিন্তু মই আলফা (স্বাঃ)লৈ যাব লাগে,আনক আলফা (স্বাঃ)লৈ নিব লাগে সেইবোৰ অত্যাচাৰ কৰিলেহে বিপদ’।
‘বৰ্ষাশ্ৰীয়ে নিজৰ লগতে আন বহুতকে নিষিদ্ধ ঘোষিত সংগঠনটোলৈ লৈ যাব বুলি লিখি থৈছে। সত্য কথাটো এয়াই যে আলফা (স্বাঃ)লৈ যাবলৈ তত নোহোৱা হৈছিল তেওঁৰ। আইজনী তই আলফালৈ যাব নালাগে, জেইলতে থাক’, এইদৰে কয় আৰক্ষী সঞ্চালক প্ৰধান মহন্তই।
আৰক্ষীসঞ্চালক প্ৰধানগৰাকীৰ এই মন্তব্যক তেনেই টুলুঙা মন্তব্য বুলি সমালোচনা কৰাৰ পূৰ্বেই আন এগৰাকী আৰক্ষী বিষয়া জিপি সিঙে টুইটযোগে বৰ্ষাশ্ৰীৰ গ্ৰেপ্তাৰৰ কাৰণ উল্লেখ কৰিছিল। 'Reference arrest of Smt Barshashree Buragohain - Uriamghat PS Case No 20/2022 has been registered on 18.05.2022 and investigated. There’s a specific call to indulge in Waging war against the State in her Facebook post - “আকৌ কৰিম ৰাষ্ট্ৰদ্ৰোহ”-টুইটটোত এইদৰে লিখিছিল জিপি সিঙে।
এনেদৰেই জিপি সিঙে ফেচবুক পোষ্টত কবিতাসদৃশ বাক্য লিখা বাবেই গ্ৰেপ্তাৰ কৰা হৈছে বুলি টুইট কৰাৰ বিপৰীতে কবিতাৰ বাবে বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি মন্তব্য কৰাত ছ’চিয়েল মিডিয়াত বৰ্ষাশ্ৰীৰ হৈ মাত মাতি অহাসকল দুভাগত বিভক্ত হৈ পৰে। এই বিভ্ৰান্তিৰ মাজতে ৰাজ্যখনৰ মূল সুঁতিৰ সংবাদ মাধ্যমসমূহেও
সময়মতে প্ৰকৃত সত্যৰ সম্ভেদ দিয়াত একপ্ৰকাৰ ব্যৰ্থ হৈ পৰাৰ অভিযোগ উত্থাপিত হয়।
কি কথাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল বৰ্ষাশ্ৰীক?
বৰ্ষাশ্ৰী বুঢ়াগোঁহাইৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰত উল্লেখ কৰা মতে এগৰাকী বান্ধৱীৰ ঘৰলৈ ফুৰিবলৈ গৈ ফেচবুকত এটা পোষ্ট দিছিল বৰ্ষাশ্ৰী বুঢ়াগোঁহাইয়ে। যোৱা ১৭ মে’ত আপলোড কৰা পোষ্টটোত বৰ্ষাশ্ৰীয়ে লিখিছিল, 'স্বাধীন সুৰুযৰ দিশে আকৌ এখোজ। আকৌ কৰিম ৰাষ্ট্ৰদ্ৰোহ।!’
উক্ত পোষ্টটোৰ আধাৰতে পংকজ শইকীয়া নামৰ এজন ব্যক্তিয়ে ১৮ মে’ত এজাহাৰ দাখিল কৰে। এজাহাৰত পোষ্টটোৰ জৰিয়তে বৰ্ষাশ্ৰীয়ে ভাৰত চৰকাৰৰ বিৰুদ্ধে যুদ্ধৰ চেষ্টা কৰি ৰাষ্ট্ৰদ্ৰোহ কৰাৰ অভিযোগ উত্থাপন কৰিছে।
'... তাইৰ ফেচবুক সামাজিক মাধ্যমৰ জৰিয়তে তেওঁৰ নিজা একাউণ্টৰ প্ৰফাইলত নিষিদ্ধ ঘোষিত আলফা (স্বা) সংগঠনৰ সপক্ষে এটি পষ্ট 'স্বাধীন সুৰুযৰ দিশে আকৌ এখোজ, আকৌ কৰিম ৰাষ্ট্ৰদ্ৰোহ’ বুলি পষ্ট দিয়া পৰিলক্ষিত হয়, উক্ত কাৰ্যৰ দ্বাৰা ছোৱালীজনীয়ে অপৰাধজনক ষড়যন্ত্ৰত লিপ্ত হৈছে ও ভাৰত চৰকাৰৰ বিৰুদ্ধে যুদ্ধৰ চেষ্টা কৰি ৰাষ্ট্ৰদ্ৰোহৰ চেষ্টা কৰিছে লগতে দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।’- দীঘলীয়া বাক্যৰে লিখা এজাহাৰখনত এইদৰে বৰ্ষাশ্ৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে এজাহাৰকাৰীয়ে।
এজাহাৰখনত আৰু লিখিছে, 'নিষিদ্ধ ঘোষিত আলফা (স্বা) সংগঠনৰ উদ্দেশ্য আগবঢ়াই নিবৰ বাবে স্ব-ইচ্ছাই সংগঠনটোৰ মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যে পষ্ট দিয়া দেখা গৈছে। উক্ত কথাখিনি তাই নিজে পষ্ট দিয়া বুলি স্বীকাৰ কৰিছে, ভৱিষ্যতে উক্ত সংগঠনৰ হৈ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি ভাবুকি আনিব পৰা কাৰ্য কৰিব পৰা পূৰ্ণ সম্ভাৱনা দেখা যায়।’
এই এজাহাৰৰ ভিত্তিতেই সেইদিনাই ইউএপিএৰ ১০ আৰু ১৩ নং ধাৰাৰ অধীনত ২০/২২ নম্বৰৰ এটি গোচৰ ৰুজু কৰি বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা হয়।
বৰ্ষাশ্ৰীক লৈ কি মন্তব্য মুখ্যমন্ত্ৰীৰ?
ছ’চিয়েল মিডিয়াত ভিন্ন চৰ্চা অব্যাহত থকাৰ সময়তে বৰ্ষাশ্ৰী সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'কবিতা লিখা বাবে বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা হোৱা নাই। একাংশ লোকে ছ’চিয়েল মিডিয়াত কথাটো ভুলকৈ প্ৰচাৰ কৰি আছে।’
মুখ্যমন্ত্ৰীয়ে আৰু কয়, 'যদিহে আমি ছোৱালীজনীক এৰি দিও আৰু তাই নিৰুদ্দেশ হৈ যায় তেতিয়া কি হ’ব? যদি তাৰ পিছত আলফা স্বাধীনে বিবৃতি দিয়ে যে বৰ্ষাশ্ৰীক মৃত্যুদণ্ড দিয়া হৈছে, তেতিয়া তাৰ দায়িত্ব কোনে ল’ব?’
অৱশেষত পৰীক্ষাত বহিল বৰ্ষাশ্ৰী
বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবীৰে ছ’চিয়েল মিডিয়া তোলপাৰ হৈ পৰাৰ সময়তে গোলাঘাটৰ স্থানীয় আদালতে বৰ্ষাশ্ৰীক ১৬ জুলাইৰ পৰা আৰম্ভ হোৱা বিএছচিৰ গণিতৰ স্নাতক পাঠ্যক্ৰমৰ দ্বিতীয় ছেমিষ্টাৰৰ পৰীক্ষাত বহিবলৈ অনুমতি প্ৰদান কৰে। পৰীক্ষাত বহিবলৈ অনুমতি বিচাৰি কৰা আবেদনৰ ভিত্তিত স্থানীয় আদালতে যোৱা জেল কৰ্তৃপক্ষক বৰ্ষাশ্ৰীয়ে পৰীক্ষাত বহিব পৰাকৈ প্ৰয়োজনীয় ব্যৱস্থা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।
এই অনুযায়ী বৰ্ষাশ্ৰীয়ে কাৰাগাৰতে দুখনকৈ কাকতৰ পৰীক্ষাত অৱতীৰ্ণ হয়। অৱশ্যে মহাবিদ্যালয় কৰ্তৃপক্ষই প্ৰথমখন কাকতৰ পৰীক্ষাত বিশ্ববিদ্যালয়ৰ নিয়ম ভংগ কৰাত ক্ষুব্ধ হৈ পৰে ন্যায়ালয়। ইতিমধ্যে ন্যায়ালয়ে মহাবিদ্যালয়ৰ অধ্যক্ষক এই সন্দৰ্ভত কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে। অহা ২৫ জুলাইৰ পূৰ্বে এই কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ দিব লাগিব কলেজ কৰ্তৃপক্ষই। উল্লেখ্য যে প্ৰথম দিনাৰ পৰীক্ষাত অধ্যাপকৰ পৰিৱৰ্তে নিৰীক্ষকৰ দায়িত্ব পালন কৰিছিল এগৰাকী অতিৰিক্ত উপায়ুক্তই।
ৰাতি সপোন দেখিলেই ভয় কৰে বৰ্ষাশ্ৰীয়ে
'মই যেতিয়া জেললৈ তাইক লগ কৰিবলৈ গৈছিলো তেতিয়া তাই পৰীক্ষাক লৈ বৰকৈ চিন্তা কৰি আছিল। তাই মোক সুধিছিল পৰীক্ষাৰ আগতে জামিন পাবনে নাই বুলি। আদালতক ধন্যবাদ। আদালতে মোৰ ছোৱালীজনীক পৰীক্ষাত বহিবলৈ অনুমতি দিলে। তাই চোকা ছোৱালী। জেলত থাকিয়েই তাই ভালকৈ পাছ কৰিব পাৰিব।’-এইদৰে কয় বৰ্ষাশ্ৰীৰ মাতৃয়ে।
বৰ্ষাশ্ৰীৰ মাকে আৰু কয়, 'তাই তেনেই সাধাৰণ ছোৱালী। আলফালৈ যোৱাৰ কথা তাই ভাবিবই নোৱাৰে। তাই বৰ ভয়াতুৰ ছোৱালী। ৰাতি সপোন দেখিলেই ভয়তে চিঞৰি মোক মাতে।’
আনহাতে, বিদ্ৰোহৰ কবিতা লিখা সন্দৰ্ভত বৰ্ষাশ্ৰীৰ পিতৃয়ে কয়, 'তাই বহুত পঢ়িব বিচাৰে। কিন্তু আমি অভাৱৰ বাবে তাইক বিচৰাতো দিব পৰা নাই। মই নাজানো মোৰ ছোৱালীজনীয়েনো কি বিদ্ৰোহৰ কবিতা লিখিছে। কিন্তু বাপেক হিচাপে এটা কথা কব পাৰো যে তাই কবিতা লিখি কোনো নিষিদ্ধ সংগঠনক সমৰ্থন কৰা নাই। আমাৰ পৰিয়ালত বিদ্ৰোহী সংগঠনক সমৰ্থন কৰা কোনো লোক নাই। মই চৰকাৰক অনুৰোধ কৰিছো তাইক যে সোনকালে এৰি দিয়ে।’
আলফা স্বাধীনৰ সক্ৰিয়তা হঠাৎ বাঢ়িছে নেকি?
২০০৪ চনত তৰুণ গগৈয়ে মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কোৰ পূৰ্বে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ পৰা বহু যুৱক-যুৱতীয়ে আলফালৈ ঢাপলি মেলিছিল। কিন্তু ২০০৪ চনৰ পিছৰে পৰা লাহে লাহে আলফালৈ যোৱা যুৱক-যুৱতীৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল। ২০০৪ চনৰ পৰা ২০১৬ চনলৈকে আলফাৰ বহু নেতা-সদস্যই মূলসুঁতিলৈ উভতি আহিছিল।
২০১৬ চনত সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতো প্ৰায় দুবছৰলৈ আলফাত যোগদান কৰা ল’ৰা-ছোৱালীৰ সংখ্যা নিয়ন্ত্ৰিত হৈ আছিল। ২০১৯ চনত নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ 'কা’ প্ৰসংগক লৈ পুনৰ অগ্নিগৰ্ভা হৈ উঠে অসম। ইয়াৰ পিছৰে পৰা আকৌ নিষিদ্ধঘোষিত সংগঠন আলফালৈ ঢাপলি মেলা যুৱক-যুৱতীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ লয়।
'কা’ৰ বিৰুদ্ধে আন্দোলন চলি থকাৰ সময়তে ৰাজ্যখনৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গেও চৰকাৰে আইনখন বাতিল নকৰিলে সংগী শিল্পীসকলক লগত হৈ মুকলিকৈ আলফা স্বাধীনলৈ যোৱাৰ হুংকাৰ দিছিল। বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰৰ পিছতেই একাংশ নেটিজেনে খেনোক দেখি ৰান্ধে-বাঢ়ে, খেনোক দেখি দুৱাৰ মাৰে নীতিৰে অসম আৰক্ষীয়ে কাম কৰাৰ অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে।
আৰক্ষীয়ে দাবী কৰা মতে ফেচবুক, ইউটিউব আদিৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে আলফা স্বাধীনে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ যুৱক-যুৱতীসকলক বিপথে পৰিচালিত কৰি নিজৰ সংগঠনত ভৰ্তি কৰাবলৈ চেষ্টা অব্যাহত ৰাখিছে। দিনদিয়েক পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল যে ৰাজ্যৰ ৪৭ জনকৈ যুৱক-যুৱতীয়ে আলফা স্বাধীনত যোগদান কৰিছে। অৱশ্যে এই সময়ছোৱাত সংগঠনটোৰ বহুসংখ্যাক জ্যেষ্ঠ নেতা-সদস্যই মূল সুঁতিলৈকো ঘূৰি আহিছে।
উল্লেখ্য যে বিগত প্ৰায় ৪১ বছৰ ধৰি বিদ্ৰোহী সংগঠন আলফা স্বাধীনে ৰাজ্যখনত সক্ৰিয় হৈ আছে। সময়ে সময়ে সংগঠনটোৰ বহু নেতা-সদস্যই আত্মসমৰ্পণো কৰি আহিছে। কিন্তু বৰ্তমানলৈকো আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই সংগঠনটোক বিভিন্ন পন্থাৰে জীয়াই ৰাখিবলৈ সমৰ্থ হৈছে। যাৰ ফলত এনেদৰে বিভিন্ন সময়ত বহু যুৱক-যুৱতী সংগঠনটোৰ প্ৰতি আকৰ্ষিত হৈ পৰাও পৰিলক্ষিত হৈছে।