এই সময় সাংবাদিকতাৰ বাবে এক কঠিন সময়। সৰ্বত্ৰে ৰাজনীতিবিদ আৰু বৃহৎ বণিকগোষ্ঠীৰ হাতোৰাত বন্দী হৈ পৰিছে সংবাদ মাধ্যম। যাৰ বাবে এতিয়া সুদূৰপৰাহত আপোচহীন সাংবাদিকতা। জীৱন ধাৰণৰ বাবে সাংবাদিকে ৰাজনৈতিক নেতা অথবা বণিকগোষ্ঠীৰ ওচৰত বিক্ৰী কৰিবলৈ বাধ্য হৈ পৰিছে চিন্তা আৰু বিবেক। এনে এক কঠিন সময়তো সাংবাদিকসকলে যাতে মূৰ দাঙি সাংবাদিকতা কৰিব পাৰে তাৰ বাবেই বিশ্বৰ সৰ্বত্ৰে আৰম্ভ হৈছে এক নীৰৱ আন্দোলন- স্বতন্ত্ৰ আৰু নন-প্ৰফিট সাংবাদিকতা। সহজ ভাষাত ক'বলৈ হ'লে এয়া হৈছে ক্ৰাউডফাণ্ডিঙৰ জৰিয়তে পৰিচালিত সংবাদ সংস্থা।
হেজাৰ প্ৰলোভন আৰু বাধা-বিঘিনিকো নেওচি আপোচবিহীন সাংবাদিকতাৰ হকে বিশ্বব্যাপী গঢ়ি হৈ উঠা এই আন্দোলনত সক্ৰিয়ভাৱে চামিল হৈ অসম তথা উত্তৰ-পূবত ২০১৬ চনৰে পৰা এই আন্দোলনক আগুৱাই নিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে News Next One-এ। সেই দিশৰ পৰা News Next One হৈছে অসমৰ প্ৰথমটো Independent & Nonprofit সংবাদ প্ৰতিষ্ঠান৷ News Next Oneৰ এই বিপদসংকুল যাত্ৰাত সততা আৰু দায়ৱদ্ধতাৰে সাংবাদিকতা কৰিব বিচৰা প্ৰতিজনেই হ'ব পাৰে অংশীদাৰ।
News Next Oneএ অসমৰ সংবাদ ক্ষেত্ৰখনৰ সৈতে আনুষ্ঠানিকভাৱে এই ধাৰাক পৰিচয় কৰাই দিয়াৰ লক্ষ্য হাতত লৈছে। ২০১৬ চনৰ অক্টোবৰ মাহত প্ৰতিষ্ঠা হোৱা ডিজিটেল সংবাদ প্ৰতিষ্ঠানটোৱে বিভিন্ন ঘাত-প্ৰতিঘাটৰ মাজেৰে অষ্টম বৰ্ষত ভৰি থবলৈ ওলাইছে। কিন্তু আৰ্থিক সমস্যাৰ বাবে আমি আশা কৰা ধৰণে আগবঢ়াত সমস্যাই দেখা দিছে। কাৰো ওচৰত বিক্ৰী নাযাবলৈ বদ্ধ পৰিকৰ হৈ থকাৰ ফলত মাজে মাজে ধনৰ অভাৱত বন্ধ হৈ পৰাৰো উপক্ৰম ঘটিছে আমাৰ। সেই দুৰ্যোগৰ সময়ত একাংশ শুভকাংক্ষীৰ সহায়ত পুনৰ এখোজ-দুখোজকৈ ৰাইজৰ স্বাৰ্থত বাতৰি প্ৰকাশ কৰি গৈছে News Next One-এ। মাজে মাজে কোনো বৃহৎ গোষ্ঠী আৰু ৰাজনৈতিক নেতাই নিউজ ৱেবছাইটটো ক্ৰয় কৰাৰ প্ৰস্তাৱো দিছে। কিন্তু সেই সকলো প্ৰলোভন নেওচি আমি ৰাইজৰ স্বাৰ্থত মুক্ত আৰু স্বতন্ত্ৰ হৈ থকাৰ সিদ্ধান্ত গ্ৰহণ কৰি তেনে প্ৰস্তাৱ অগ্ৰাহ্য কৰি আহিছো।
প্ৰতিদিনে ১০টাকৈ তথ্যসমৃদ্ধ তথা অনুসন্ধানমূলক বিতং বাতৰি প্ৰকাশ কৰিবলৈ আমাক প্ৰয়োজন মাহে ৫০ হাজাৰ টকাৰ। কিন্তু এতিয়া আমি শুভকাংক্ষীসকলৰ পৰা প্ৰতিমাহে সৰ্বমুঠ ১০ হাজাৰ টকাকৈহে দান-বৰঙণি লাভ কৰিছো। ফলত আমি প্ৰতিদিনে মাত্ৰ এটা বাতৰিহে প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছো। অনাগত সময়ত ৰাইজৰ স্বাৰ্থত আৰু অধিক বাতৰি প্ৰকাশ কৰিব পৰাকৈ আমি পঢ়ুৱৈসকলৰ পৰা সঁহাৰি লাভ কৰিব পাৰিম বুলি আশাবাদী।
কি এই স্বতন্ত্ৰ আৰু লাভবিহীন সাংবাদিকতা?
বিশ্বৰ আগশাৰীৰ ইংৰাজী দৈনিক 'দ্য গাৰ্ডিয়ান’ৰ কাৰ্যবাহী সম্পাদক Lee Glendinning-এ কৈছে যে 'In this new world, now is the time to support fearless, independent journalism’ অৰ্থাৎ 'এই নতুন পৃথিৱীত এয়াই হৈছে আপোচহীন, স্বতন্ত্ৰ সাংবাদিকতালৈ সমৰ্থন আগবঢ়োৱাৰ সময়’। তেওঁ আৰু কৈছে যে ৰাজনৈতিক নেতা বা বৃহৎ বণিক গোষ্ঠীৰ অধীনত কোনোপধ্যে আপোচহীন সাংবাদিকতা কৰাতো সম্ভৱ নহয়।
সেয়ে বিশ্বৰ বহুসংখ্যক সাংবাদিকে ৰাজনৈতিক নেতা আৰু বৃহৎ বণিকগোষ্ঠীৰ ছত্ৰছায়াৰ পৰা ওলাই আহি আৰম্ভ কৰিছে এক নীৰৱ আন্দোলন। এই নীৰৱ আন্দোলনেই হৈছে independent journalism। দুই-এটা বিজ্ঞাপন প্ৰকাশ কৰিলেও পঢ়ুৱৈ আৰু শুভকাংক্ষী তথা জনগণৰ পৰা লাভ কৰা সামান্য ধনেই হৈছে এই সাংবাদিকতাৰ মূল। সেয়ে এই সাংবাদিকতাত সাংবাদিকসকল সদায় জনগণৰ ওচৰত দায়ৱদ্ধ হৈ থাকে। কিয়নো জনগণৰ ওচৰত দায়ৱদ্ধ নহ’লে জনগণই এনে প্ৰতিষ্ঠানক সহায়-সহযোগিতা কৰিবলৈ কোনোপধ্যে আগবাঢ়ি নাহে।
স্বতন্ত্ৰ আৰু লাভবিহীন সাংবাদিকতাৰ প্ৰয়োজন কিয়?
সংবাদ মাধ্যম হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। পিছে যেতিয়া ৰাজনৈতিক নেতা আৰু বৃহৎ বণিক গোষ্ঠীবোৰ সংবাদ মাধ্যমৰ হৰ্তা-কৰ্তা হৈ পৰে তেতিয়া সংবাদ মাধ্যমৰ কণ্ঠ ৰুদ্ধ হৈ পৰে। সংবাদ মাধ্যম তেতিয়া হৈ পৰে একাংশ স্বাৰ্থান্বেষী লোকৰ পোহনীয়া ভাটৌসদৃশ। সাংবাদিকসকলেও জীৱন-জীৱিকাৰ বাবে নিজৰ বিবেকক বন্ধকত থৈ মালিকপক্ষই যি কয় তাকেই ভাটৌৰ দৰে আওৰাবলৈ বাধ্য হৈ পৰে। ফলত তেনে সংবাদ প্ৰতিষ্ঠান তথা সাংবাদিকসকল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ অংশ হোৱাৰ পৰিৱৰ্তে হৈ পৰে গণতন্ত্ৰৰ শত্ৰু।
সম্প্ৰতি সমগ্ৰ বিশ্বতে অধিকাংশ সংবাদ প্ৰতিষ্ঠানকে নিজৰ দখলত ৰাখিবলৈ সমৰ্থ হৈছে ৰাজনৈতিক নেতা আৰু বৃহৎ বণিক গোষ্ঠীসমূহ। এনে সংবাদ প্ৰতিষ্ঠানসমূহে আমাজনৰ বৰ্ষাৰণ্য জ্বলি ছাই হৈ যোৱা বাতৰিতকৈয়ো অধিক প্ৰাধান্য দিয়ে কোনো এক বিশ্বখ্যাত অভিনেত্ৰীয়ে ওঁঠত লগোৱা লিপষ্টিকৰ বাতৰিক। এনে সংবাদ প্ৰতিষ্ঠানে দেশৰ আৰ্থিক মন্দাৱস্থাৰ বাতৰি একাষৰীয়াকৈ থৈ গুৰুত্বসহকাৰে সম্প্ৰচাৰ কৰে পাকিস্তানত প্ৰতিকিলো বিলাহীৰ দাম ৩০০ টকা হোৱাৰ বাতৰি।
এনেদৰেই সংবাদ মাধ্যমক নিজৰ হাতৰ মুঠিত ৰাখি দেশৰ জনগণৰ পৰা প্ৰকৃত সত্য লুকুৱাই ৰাখি নিজৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ উদ্যত হয় ৰাজনৈতিক নেতা তথা বৃহৎ বণিক গোষ্ঠী। এইধৰণৰ গোমা পৰিৱেশৰ পৰা সংবাদ ক্ষেত্ৰখনক মুক্ত কৰিবলৈকে প্ৰয়োজন স্বতন্ত্ৰ আৰু লাভবিহীন সাংবাদিকতাৰ।
স্বতন্ত্ৰ আৰু লাভবিহীন সাংবাদিকতা কিমান নিৰাপদ?
সমগ্ৰ বিশ্বতে সম্প্ৰতি স্বতন্ত্ৰ আৰু লাভবিহীন সাংবাদিকতাৰ আন্দোলন গঢ় লৈ উঠিছে যদিও মুঠেই নিৰাপদ নহয় ইয়াৰ সৈতে জড়িত সাংবাদিকসকল। কিয়নো শুদ্ধ আৰু সত্য খবৰ জনগণক দি যোৱা বাবে এইসকল সাংবাদিক হৈ পৰে বহুতৰে চকুৰ কূটা। পদে পদে ভয়-ভাবুকিৰ মাজেৰে পালন কৰিবলগীয়া হয় কৰ্তব্য। লগতে থাকে আৰ্থিক নিৰাপত্তাহীনতা। ৰাজনৈতিক নেতা তথা বণিকগোষ্ঠী নিয়ন্ত্ৰিত সংবাদ মাধ্যমত সাংবাদিকতা কৰিলে মোটা দৰমহাৰ লগতে আন অনেক সা-সুবিধা পোৱাৰ যি সম্ভাৱনা থাকে বা আৰ্থিক স্বাচ্ছন্দ্যৰ নিশ্চিতি থাকে তাৰ কোনো সম্ভাৱনা নাথাকে এই স্বতন্ত্ৰ আৰু লাভবিহীন সাংবাদিকতাত।
তৎসত্বেও সেই সকলোবোৰ বিষয়ক নেওচা দি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক শক্তিশালী কৰি মূক জনতাৰ মুক্ত কণ্ঠ হোৱাৰ লক্ষ্যৰেই সততা আৰু দায়ৱদ্ধ সাংবাদিকতাত বিশ্বাসী মুষ্টিমেয় সাংবাদিকে এই আন্দোলনত জপিয়াই পৰিছে। News Next Oneৰ এই নতুন যাত্ৰাত জড়িত হোৱা সাংবাদিকসকলেও একে লক্ষ্য আৰু উদ্দেশ্য লৈ প্ৰত্যাহ্বানক অতিক্ৰম কৰিবলৈ অংগীকাৰৱদ্ধ হৈছে।
বিশেষকৈ অসমত এনে ধৰণৰ সাংবাদিকতাত জড়িত সাংবাদিকসকলৰ আৰ্থিক দিশৰ লগতে জীৱনৰ নিৰাপত্তাৰ শংকাও বহুপৰিমাণে বৃদ্ধি কৰাৰ পূৰ্ণমাত্ৰাই সম্ভাৱনা আছে। তেনে দুৰ্ভাৱনাক একাষৰীয়াকৈ থৈ সাংবাদিকতাৰ এই নব্য আন্দোলনত জড়িত হ'বলৈ অসমৰ সাংবাদিকতাৰ ইতিহাসেই প্ৰদান কৰিছে সাহস আৰু প্ৰেৰণা। এইখন অসমতে নিৰ্ভীক আৰু আপোচহীন সাংবাদিকতাৰ বাবে মৃত্যুক আকোৱালি ল’বলৈকো ভয় কৰা নাছিল পৰাগ কুমাৰ দাসৰ দৰে সাহসী সাংবাদিকে। যিখন অসমত পৰাগ কুমাৰ দাসৰ দৰে সাহসী সাংবাদিকৰ জন্ম হৈছিল সেইখন অসমত স্বতন্ত্ৰ আৰু লাভবিহীন সাংবাদিকতাৰ আন্দোলনক আগুৱাই নিবলৈ যাওতে ভয় খোৱাৰ প্ৰয়োজনবোধ কৰা নাই টীম News Next One-এ।
স্বতন্ত্ৰ আৰু মুক্ত হৈ থাকিবলৈ আমাক সহায় কৰক
অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰখনত News Next One-এ আৰম্ভ কৰা এই আন্দোলনত এতিয়া প্ৰয়োজন সমূহ অসমবাসী ৰাইজৰ অংশগ্ৰহণ! ৰাইজৰ অংশগ্ৰহণ তথা ইচ্ছাই নিৰ্ণয় কৰিব News Next Oneৰ ভৱিষ্যত, নিৰ্ণয় কৰিব অসমত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ শক্তি!
আমাৰ এই যাত্ৰাত আপুনিও আগবঢ়াব পাৰিব সাধ্যানুযায়ী বৰঙণি। HDFC BANKৰ নুনমাটি শাখাত থকা আমাৰ একাউণ্ট নম্বৰ 50200046365374 নম্বৰত (IFSC: HDFC0000758) বৰঙণি আগবঢ়াব পাৰে। (আমি এগৰাকী শুভকাংক্ষীৰ পৰা মাহিলি হিচাপত দিলে ১০০০টকাতকৈ অধিক আৰু এবছৰৰ বাবে দিলে ১০,০০০টকাতকৈ অধিক বৰঙণি গ্ৰহণ নকৰো।) আপোনাৰ বৰঙণিয়ে আমাক বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত স্বতন্ত্ৰতা বৰ্তাই ৰখাত সহায় কৰিব। অধিক জানিবলৈ ৬০০০৬৫৪৬৭৩ নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে। ধন্যবাদ।